ETV Bharat / international

UN concern over Hamas attack : পেলেষ্টাইনত মানৱীয় প্ৰয়োজনীয়তাক লৈ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰ সংঘৰ - Israel Military action response UN

হামাছৰ আক্ৰমণৰ সমান্তৰালকৈ গাজাত ইজৰাইলী আক্ৰমণো অব্যাহত আছে । কেইবাদশক ধৰি চলি থকা এই আক্ৰমণৰ ফলত পেলেষ্টাইনী নাগৰিকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । শিক্ষা, স্বাস্থ্য আদি ক্ষেত্ৰত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । যাক লৈ ৰাষ্ট্ৰসংঘ, সহায়ক গোট আৰু জনস্বাস্থ্য বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছে ।

UN concern over Hamas attack
পেলেস্তাইনত মানৱীয় প্ৰয়োজনীয়তাক লৈ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰ সংঘৰ
author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 10:29 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১০ অক্টোবৰ : হামাছে ইজৰাইলত ভয়ংকৰ আক্ৰমণ কৰাৰ পাছতে ইজৰাইল সেনা পুনৰ এবাৰ সক্ৰিয় হৈ পৰিছে আৰু গাজাত লকডাউন বৃদ্ধি কৰিছে । এনে পৰিস্থিতিত ৰাষ্ট্ৰসংঘ, সহায়ক গোট আৰু জনস্বাস্থ্য বিশেষজ্ঞসকলে পেলেষ্টাইনৰ অঞ্চলসমূহত মানৱীয় প্ৰয়োজনীয়তাৰ বিষয়ে বৰ্ধিত উদ্বেগ প্ৰকাশ কৰিছে ।

  • Israel-Palestine war: Hamas threatens execution of captives; UN 'distressed' by Gaza 'siege'; Netanyahu vows to 'change Middle East'
    Civilians are paying a high price. Around 800 people have been killed in Israel. Nearly 500 have been killed in Gaza. https://t.co/EOuPTrYK2o

    — ETV Bharat (@ETVBharatEng) October 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটিয়েৰেছে ইজৰাইল আৰু গাজাত সাধাৰণ নাগৰিকসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰি হামাছৰ আক্ৰমণক নিন্দা কৰিছে । তেওঁ অধিক নিৰীহ লোকৰ প্ৰাণ হেৰুওৱাৰ সম্ভাৱনাৰ বিষয়েও সতৰ্ক কৰি দিয়ে ।

  • While I recognize Israel’s legitimate security concerns, I also remind Israel that military operations must be conducted in strict accordance with int'l humanitarian law.

    Civilians must be respected & protected at all times.

    Civilian infrastructure must never be a target.

    — António Guterres (@antonioguterres) October 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

নিউয়ৰ্কত সাংবাদিকৰ সন্মুখত দিয়া এক বিবৃতিত গুটিয়েৰেছে কয় যে গাজাত ১,৩৭,০০০ তকৈও অধিক লোক বা ইয়াৰ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ লোকে এতিয়া সহায়ক সংস্থা ইউএনআৰডব্লিউএ-ৰ দ্বাৰা পৰিচালিত স্থানসমূহত আশ্ৰয় লৈ আছে । তেওঁ বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ আৰু এপাৰ্টমেণ্ট অট্টালিকাৰ দৰে স্থানত ইজৰাইলী মিছাইল আক্ৰমণৰ কথাও উল্লেখ কৰে ।

তেওঁ কয় যে ইজৰাইলে গাজা ভূখণ্ড সম্পূৰ্ণৰূপে ঘেৰাও কৰিব বুলি যি ঘোষণা কৰিছে তাক লৈ তেওঁ দুখিত । কিয়নো বিদ্যুৎ, খাদ্য বা ইন্ধন সকলোৰে পৰা বঞ্চিত হ'ব তাৰ সাধাৰণ নাগৰিকসকল ।

  • The @UN must be allowed access to deliver urgent humanitarian assistance to Palestinian civilians trapped & helpless in the Gaza Strip.

    I appeal to the international community to mobilize immediate humanitarian support for this effort. pic.twitter.com/Y3VmubuhtV

এই পৰিস্থিতিৰ পূৰ্বে গাজাৰ মানৱীয় পৰিস্থিতি অত্যন্ত ভয়ংকৰ আছিল, যি এতিয়া আৰু বেছি অৱনতি হ'ব বুলি গুটিয়েৰেছে উল্লেখ কৰে । তেওঁ পেলেস্তাইনৰ জনসাধাৰণৰ বৈধ অভিযোগক স্বীকৃতি দিছে । কিন্তু সন্ত্ৰাসবাদীৰ এনে কাৰ্যকলাপ, হত্যালীলা, অপহৰণ আদি ন্যায়সঙ্গত নহয় বুলিও তেওঁ দাবী কৰে । ইফালে ইজৰাইলী বিমান আক্ৰমণে কেনেকৈ গাজাক প্ৰভাৱিত কৰিছে সেই কথাও তেওঁ উল্লেখ কৰে । ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ মতে এই আক্ৰমণত পেলেষ্টাইনৰ শ শ নাগৰিক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক আহত হৈছে ।

মানৱীয় সহায়ৰ সমন্বয়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই আক্ৰমণৰ ফলত গাজাত পানী, অনাময় আৰু পৰিচ্ছন্নতাৰ সুবিধাৰ ক্ষতিয়ে ৪,০০,০০০ ৰো অধিক লোকক প্ৰভাৱিত কৰিছে । পেলেষ্টাইনৰ পানীৰ ভাণ্ডাৰবোৰো ইজৰাইলে নিয়ন্ত্ৰণ কৰে । কিন্তু নিৰন্তৰ বোমা বিস্ফোৰণ আৰু আক্ৰমণৰ ফলত পানীবোৰো প্ৰদূষিত হোৱা দেখা গৈছে ।

কানাডাৰ কুইবেক চহৰৰ লাভাল বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞানী ফেলো আমিৰা একাৰে কয় যে পানীৰ প্ৰতিটো টোপাল গুৰুত্বপূৰ্ণ । পেলেস্তাইন অঞ্চলত পানীৰ সমস্যাৰ ওপৰত গৱেষণা কৰিছে । পৰিষ্কাৰ পানীৰ অভাৱৰ বাবে সংক্ৰামক ৰোগ আৰু গেষ্ট্ৰোইনটেষ্টিনেল, যকৃত আৰু ছালৰ সমস্যাৰ দৰে স্বাস্থ্যজনিত সমস্যাবোৰ বৃদ্ধি পাইছে । তেওঁৰ মতে গাজাত ইজৰাইলৰ বিমান আক্ৰমণে শক্তি কৰ্তন কৰিছে ।

চান ডিয়েগোৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ জনস্বাস্থ্য বিভাগৰ অধ্যাপক ড৹ ৱাইল আল-ডেলাইমে কয় যে গাজাবাসীয়ে নিম্ন মানৰ পানী সেৱন কৰিবলৈ বাধ্য হৈছে । ফলত লোকসকলৰ অধিক ৰোগ হোৱা দেখা গৈছে । দেওবাৰে অ'চিএইচয়ে কয় যে ইজৰাইলী কৰ্তৃপক্ষই গাজালৈ বিদ্যুতৰ যোগান বন্ধ কৰি দিছে । ফলত প্ৰতিদিনে ৪ ঘণ্টাতকৈ বেছি বিদ্যুৎ কৰ্তন হৈছে ।

গাজা শক্তি প্ৰকল্প অঞ্চলটোত বিদ্যুতৰ একমাত্ৰ উৎস আছিল । কিন্তু তাৰ ইন্ধনো কম সময়ৰ ভিতৰতে শেষ হ'ব বুলি আশংকা কৰা হৈছে । অ'চিএইচএয়ে সোমবাৰে এক বিবৃতিত কয় যে পেলেস্তাইনসকলৰ বাবে নগদ সাহায্যৰ জৰুৰী প্ৰয়োজন ।

বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰা মতে গাজাৰ ১৬ বছৰীয়া অৱৰোধৰ ফলত ইতিমধ্যে চিকিৎসা ব্যৱস্থা ধ্বংস হৈ পৰিছে । যাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰা মতে ৰোগীৰ ৰেফাৰেল আৰু মানৱতাবাদী কৰ্মচাৰীৰ চলাচল আৰু অত্যাৱশ্যকীয় স্বাস্থ্য যোগানৰ বাবে এক মানৱীয় কৰিডৰ স্থাপন কৰাৰ আৱশ্যকতা আছে ।

লগতে পঢ়ক :Hamas Attack on Israel : হামাছৰ ভয়ানক গণহত্যা; সংগীত উৎসৱত ২৬০ ইজৰাইলীক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.