ETV Bharat / international

Sudan clash : বৃহস্পতিবাৰৰ পৰা ছুডানত যুদ্ধ বিৰতি ঘোষণা যুঁজাৰু পক্ষৰ - সেনা আৰু অৰ্ধ সামৰিক বাহিনী

দক্ষিণ ছুডানৰ ৰাষ্ট্ৰপতি ছালভা কিৰ মায়াৰডিটৰ সৈতে টেলিফোনিক বাৰ্তালাপত যুঁজাৰু পক্ষসমূহে 4 মে’ৰ পৰা 11 মে’লৈ সাতদিনীয়া যুদ্ধ বিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে । এই আলোচনাই দেশখনত যুদ্ধকালীন পৰিস্থিতিৰ শাম কটাব বুলি আশা প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে (7 day truce in Sudan) ৷

Etv Bharat
Etv Bharat
author img

By

Published : May 3, 2023, 9:30 AM IST

Updated : May 3, 2023, 12:58 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 3 মে’ : জুবাত থকা দক্ষিণ ছুডানৰ বৈদেশিক মন্ত্ৰালয়ে মঙলবাৰে এক আনুষ্ঠানিক বিবৃতিযোগে ছুডানৰ যুঁজাৰু পক্ষসমূহে সাতদিনীয়া যুদ্ধ বিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে বুলি জানিবলৈ দিয়ে । দক্ষিণ ছুডানৰ ৰাষ্ট্ৰপতি ছালভা কিৰ মায়াৰডিটৰ সৈতে টেলিফোনিক বাৰ্তালাপত যুঁজাৰু পক্ষসমূহে 4 মে’ৰ পৰা 11 মে’লৈ সাতদিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে (Sudan army and paramilitary force agree to truce) ।

ছ'ভাৰেইন কাউন্সিলৰ অধ্যক্ষ তথা ছুডান সশস্ত্ৰ বাহিনীৰ মুখ্য অধিনায়ক জেনেৰেল আব্দেল ফাতাহ আল বুৰহান আৰু ৰেপিড চাপৰ্ট ফ’ৰ্চৰ (আৰ এছ এফৰ) নেতা জেনেৰেল মহম্মদ হামডান ডাগালোৱে সাতদিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ প্ৰতি সন্মতি প্ৰকাশ কৰিছে (South Sudan conflict) । যুদ্ধবিৰতি আলোচনাৰ বাবে নিজৰ প্ৰতিনিধিৰ নাম উল্লেখ কৰিবলৈও তেওঁলোক সন্মত হয় বুলি দেশখনৰ এক বিবৃতিত জানিবলৈ পৰা গৈছে ৷ টেলিফোনিক বাৰ্তালাপত দক্ষিণ ছুডানৰ ৰাষ্ট্ৰপতিয়ে চুক্তিবদ্ধ স্থানত অনুষ্ঠিত হ’বলগীয়া শান্তি আলোচনাৰ বাবে অধিক দীঘলীয়া যুদ্ধবিৰতি আৰু প্ৰতিনিধিৰ নামকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে (Sudanese Armed Forces) ।

সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ছুডানে ৰক্তপাতৰ সন্মুখীন হোৱাৰ সময়তে এই বক্তব্য প্ৰকাশ পাইছে । ছুডানৰ নেতাসকলৰ সৈতে আলোচনাৰ দায়িত্ব দিয়া ৰাষ্ট্ৰপতি ছালভা কিৰে ছুডানৰ নেতাসকলক তেওঁলোকৰ প্ৰতিনিধিৰ নাম উল্লেখ কৰি আলোচনা আৰম্ভ কৰাৰ তাৰিখ প্ৰস্তাৱ কৰিবলৈ আহ্বান জনাইছে । উল্লেখনীয় যে, খাৰ্টুমত দ্ৰুতগতিত মানৱীয় পৰিস্থিতিৰ অৱনতি ঘটিছে বুলি ৰাষ্ট্ৰপতি কিৰে ছুডানৰ নেতাসকলক জনায় । আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় যুদ্ধবিৰতিৰ আহ্বানৰ প্ৰতি সহাঁৰি আগবঢ়োৱাৰ বাবে জেনেৰেল আল বুৰহান আৰু জেনেৰেল ডাগালোক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ৰাষ্ট্ৰপতি কিৰে তেওঁলোকক 7 দিনীয়া যুদ্ধবিৰতিৰ সময়চোৱাত প্ৰতিনিধিৰ নাম উল্লেখ কৰিবলৈ আৰু আলোচনা আৰম্ভ কৰাৰ তাৰিখ প্ৰস্তাৱ কৰিবলৈ আহ্বান জনায় (Paramilitary Rapid Support Forces) ।

ভাৰপ্ৰাপ্ত মন্ত্ৰীগৰাকীয়ে বৈদেশিক, কমনৱেলথ আৰু উন্নয়ন কাৰ্যালয়ত ব্ৰিটিছ ৰাজ্যিক মন্ত্ৰীৰ উপৰিও ইজিপ্ত, উগাণ্ডা, কেনিয়া, আৰু কানাডাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীসকলৰ সৈতে যুদ্ধবিৰতি, শত্ৰুতা বন্ধ, মানৱীয় পৰিস্থিতিৰ বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰাৰ লগতে ছুডান আৰু বিদেশী নাগৰিকসকলক যুদ্ধবিধস্ত ভূমিৰ পৰা উদ্ধাৰৰ লগতে বিভিন্ন পৰ্যায়ত সহযোগিতা কামনা কৰে । শেহতীয়াকৈ দেশত পুনৰ সেৱা আৰম্ভ কৰাৰ লগতে বিশ্ব খাদ্য সংস্থাৰ আঞ্চলিক সঞ্চালকৰ সৈতেও ৰাষ্ট্ৰপতিগৰাকীয়ে মানৱীয় পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে (paramilitary group and Sudanese army clash) ।

চৰকাৰে ছুডান ৰিপাব্লিকৰ নেতৃত্বৰ সৈতে যুঁজাৰু পক্ষৰ দুয়োটা দলৰ মাজত শত্ৰুতা হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি বিবৃতিযোগে উল্লেখ কৰে ৷ এনে প্ৰচেষ্টাই দেশখনৰ সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত ক্ষমতাকেন্দ্ৰিক যুদ্ধৰ অন্ত পেলাব বুলিও আশা প্ৰকাশ কৰে (South Sudan President Salva Kiir Mayardit) ৷

লগতে পঢ়ক : Sudan conflict: অপাৰেশ্যন কাবেৰীৰ জৰিয়তে 14তম ভাৰতীয় দলক ছুডানৰ পৰা উদ্ধাৰ

Last Updated : May 3, 2023, 12:58 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.