ETV Bharat / international

State of emergency in Sri Lanka : শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা - শ্ৰীলংকাত তীব্ৰ অৰ্থনৈতিক সংকট

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষে শনিবাৰে দেশখনত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে (Sri Lanka president declares emergency) । তীব্ৰ অৰ্থনৈতিক সংকটত থকা দেশখনত ভয়ংকৰ আন্দোলনৰ পাছতে এই ঘোষণা ৰাষ্ট্ৰপতিৰ । হিংসাত্মক আন্দোলনৰ আঁৰত উগ্ৰপন্থী সংগঠন জড়িত থকাৰ সন্দেহ ।

State of emergency in Sri Lanka
শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা
author img

By

Published : Apr 2, 2022, 1:08 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২ এপ্ৰিল : দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা (Sri Lanka declares state of emergency) । শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষে শনিবাৰে দেশখনত এই জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে (Sri Lanka president declares emergency) । ৰাষ্ট্ৰপতিৰ বাসভৱনৰ সন্মুখত হিংসাত্মক প্ৰতিবাদৰ পাছতে এই ঘোষণা ।

উল্লেখ্য যে, দেশখনে সম্প্ৰতি তীব্ৰ অৰ্থনৈতিক সংকটত ভূগি আছে (Severe economic crisis in Sri Lanka) । যাৰ বাবে সমগ্ৰ দেশত এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে । বিদ্যুতৰ নাটনি, অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ, ইন্ধনৰ বাবে হাহাকাৰ আদি বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনত । যাৰ বাবে সমগ্ৰ দেশতে ৰাজহুৱা প্ৰতিবাদৰ সৃষ্টি হৈছে ।

বহু স্থানত প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । শেহতীয়াকৈ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখতো উত্তেজিত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । দেশখনৰ সাম্প্ৰতিক অৱস্থাৰ বাবে ৰাষ্ট্ৰপতিক দোষাৰোপ কৰি অগনন লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protest against President of Sri Lanka)। প্ৰতিবাদে এক প্ৰকাৰ হিংসাত্মক ৰূপ লয় । আৰক্ষীয়ে উত্তেজিত লোকক নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয় । ৰাষ্ট্ৰপতিৰ বাসগৃহলৈ যোৱা পথবোৰতো হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদৰ সময়ত উত্তেজিত প্ৰতিবাদকাৰীয়ে দুখনকৈ সেনাৰ বাহনত আক্ৰমণ কৰে । আনকি প্ৰতিবাদকাৰীয়ে এখন বাছত অগ্নিসংযোগ কৰে । এই ঘটনাত আৰক্ষী আৰু বহু সাধাৰণ নাগৰিক আহত হয় । হিংসাত্মক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু কেইবাজনো লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

ইফালে ৰাষ্ট্ৰপতিৰ বাসগৃহৰ সমীপত হোৱা হিংসাত্মক প্ৰতিবাদৰ অন্তৰালত উগ্ৰপন্থী সংগঠন জড়িত থকাৰ সন্দেহ কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে ঘটনা সন্দৰ্ভত প্ৰায় ৫৪ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইফালে অৰ্থনৈতিক সংকটৰ বাবে দেওবাৰেও দেশজুৰি প্ৰতিবাদৰ আহ্বান জনোৱা হৈছে । সমগ্ৰ দেশখনতে এনে এক অভাৱনীয় পৰিৱেশৰ মাজতে ৰাষ্ট্ৰপতিগৰাকীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে ।

ইয়াৰ দ্বাৰা ৰাজহুৱা সুৰক্ষা, ৰাজহুৱা শৃংখলা সংৰক্ষণ, বিদ্ৰোহ দমন, হিংসাত্মক কাৰ্যকলাপ বা অসামৰিক হুলস্থুল বা অত্যাৱশ্যকীয় সামগ্ৰী ৰক্ষণাবেক্ষণৰ স্বাৰ্থত নিয়মাৱলী প্ৰস্তুত কৰাৰ কৰ্তৃত্ব ৰাষ্ট্ৰপতিৰ হাতত থাকিব । আনকি জৰুৰীকালীন নিয়মাৱলীৰ অধীনত ৰাষ্ট্ৰপতিয়ে কোনো লোকক আটকৰ অনুমোদন দিব পাৰে, যিকোনো সম্পত্তি দখল কৰিব পাৰে আৰু যিকোনো চৌহদত অনুসন্ধান কৰিব পাৰে । তেওঁ যিকোনো আইন সলনি বা নিলম্বন কৰিব পাৰে ।

উল্লেখ্য যে, পৰ্যটনৰ ওপৰত অতিকৈ নিৰ্ভৰশীল শ্ৰীলংকা ক'ভিড মহামাৰীৰ পিছৰে পৰা ভয়ানক অৰ্থনৈতিক সংকটত ভূগিছে । ঋণৰ বোজাত একপ্ৰকাৰ ডুব গৈছে দেশখন । যাৰ বাবে সমগ্ৰ দেশতে দুৰ্ভিক্ষ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Pakistan political crisis : মিত্ৰদলে বিপদত পেলালে ইমৰান খানৰ চৰকাৰক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.