ETV Bharat / international

Death sentence in Singapore: 1 কেজি গাঞ্জাৰ বাবেই ছিংগাপুৰত দিয়া হ’ল মৃত্যুদণ্ড - Changi Prison

ছিংগাপুৰলৈ গাঞ্জাৰ চোৰাং সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত । আন্তৰ্জাতিক আহ্বানকো উপেক্ষা কৰি বিহিলে চৰম শাস্তি । দেশখনত এবছৰত এঘাৰজনক মৃত্যুদণ্ড (Drug trafficking in Singapore) ।

Drug trafficking in Singapore
ছিংগাপুৰলৈ গাঞ্জাৰ চোৰাং সৰবৰাহ
author img

By

Published : Apr 26, 2023, 12:54 PM IST

ইন্টাৰনেশ্য়নেল ডেস্ক, ২৬ এপ্ৰিল: ছিংগাপুৰত বুধবাৰে এক কিলোগ্ৰাম গাঞ্জা সৰবৰাহ কৰাৰ বাবে দোষী সাব্যস্ত হোৱা এজন লোকক মৃত্যুদণ্ড বিহে (Singapore executed a man for trafficking cannabis)। মৃত্যুদণ্ডৰ শাস্তি হ্ৰাস কৰাৰ আন্তৰ্জাতিক আহ্বানক উপেক্ষা কৰি ছিংগাপুৰত ৪৬ বছৰীয়া টাংগাৰাজু চুপ্পিয়াহক বুধবাৰে পুৱতি নিশা চাংগী কাৰাগাৰত ফাঁচী দিয়া হয় (Changi Prison)। এই লোকজনৰ পৰিয়ালে মৃত্যুৰ প্ৰমাণপত্ৰ লাভ কৰাৰ পিচত তেওঁৰ ভগ্নী লীলাৱতী চুপ্পিয়াই কয়,"টাঙ্গাৰাজুক প্ৰথমবাৰৰ বাবে ২০১৮ চনত এক কিলোগ্ৰামতকৈ অধিক গাঞ্জা সৰবৰাহত উচতনি দিয়া বাবে মৃত্যুদণ্ডৰ আদেশ দিয়া হৈছিল। কেন্দ্ৰীয় নাৰ্কোটিক্স ব্যুৰোই (Central Narcotics Bureau) এক বিবৃতিত এই বিষয়ে উল্লেখ কৰিছে ।

তেওঁ ছিংগাপুৰলৈ গাঞ্জাৰ চোৰাং সৰবৰাহ কৰিবলৈ চেষ্টা কৰি থকা আন দুজন লোকৰ সৈতে ফোনত যোগাযোগ কৰাৰ তথ্য় লাভ কৰা বুলি আদালতে উল্লেখ কৰি এই ৰায় প্ৰদান কৰে (smuggle cannabis into Singapore) । তেওঁৰ দোষী সাব্যস্ত আৰু মৃত্যুদণ্ডৰ বিৰুদ্ধে পূৰ্বৰ আপীলসমূহ আদালতে 2019 চনত খাৰিজ কৰিছিল । আনহাতে, ৰাষ্ট্ৰপতিক ক্ষমাৰ বাবে আবেদন কৰিও বিফল হৈছিল বুলি চিএনবিয়ে উল্লেখ কৰিছে । চিএনবিৰ বিবৃতিত মৃত্যুদণ্ডক ছিংগাপুৰৰ ব্যাপক ক্ষতি প্ৰতিৰোধ ৰণনীতিৰ অংশ বুলি বৰ্ণনা কৰা হৈছে।

উল্লেখ্য় যে ছিংগাপুৰত আইনৰ অধীনত, যিকোনো ব্যক্তিয়ে কিছুমান পৰিমাণৰ অবৈধ ড্ৰাগছ যেনে মেথাম্ফেটামিন, হেৰ'ইন, কোকেইন বা গাঞ্জা সৰবৰাহ, আমদানি বা ৰপ্তানি কৰা ধৰা পৰিলে মৃত্যুদণ্ড দিয়া হয় । ইপিনে,গৃহ মন্ত্ৰালয়ে টাংগাৰাজুৰ মৃত্যুদণ্ডৰ আন্তৰ্জাতিক সমালোচনাৰ প্ৰত্য়ুত্তৰ দি এক বিবৃতিত কয় যে ছিংগাপুৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰি আহিছে । মৃত্যুদণ্ড ছিংগাপুৰৰ অপৰাধী ন্যায় ব্যৱস্থাৰ এক অপৰিহাৰ্য উপাদান আৰু ছিংগাপুৰক সুৰক্ষিত ৰখাত কাৰ্যকৰী হৈছে। বিশ্বৰ প্ৰায়ভাগ দেশত গাঞ্জা বৈধ কৰাৰ সময়তো ছিংগাপুৰে কঠোৰ ড্ৰাগছ আইন অব্য়াহত ৰাখিছে । ছিংগাপুৰ চৰকাৰে যোৱা বছৰ ড্ৰাগছ সম্পৰ্কীয় সৰবৰাহ অপৰাধৰ বাবে এঘাৰজনক মৃত্যুদণ্ড বিহিছে ।

লগতে পঢ়ক:Montevideo Maru: দক্ষিণ চীন সাগৰত উদ্ধাৰ জাপানী জাহাজ মান্টেভিডিও মাৰু; ৮০ বছৰ পূৰ্বে হৈছিল সন্ধানহীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.