ETV Bharat / international

Sikh man attack : আমেৰিকাত শিখধৰ্মী লোকৰ ওপৰত আক্ৰমণ, নিউয়ৰ্কত এসপ্তাহত দুটাকৈ ঘটনা

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 1:59 PM IST

নিউয়ৰ্কত সুৰক্ষিত নহয় শিখসকল ! এসপ্তাহৰ ভিতৰতে দ্বিতীয়গৰাকী শিখধৰ্মীৰ ওপৰত আক্ৰমণ । সাধাৰণ দুৰ্ঘটনাক কেন্দ্ৰ কৰি হোৱা আক্ৰমণত ৬৬ বছৰীয়া শিখধৰ্মীৰ মৃত্যু ।

Sikh man attack
আমেৰিকাত শিখধৰ্মী লোকৰ ওপৰত আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ অক্টোবৰ : আমেৰিকাত পুনৰ আক্ৰমণৰ বলি শিখধৰ্মী লোক । এসপ্তাহৰ ভিতৰতে দ্বিতীয়গৰাকী শিখধৰ্মী লোকৰ ওপৰত আক্ৰমণ হৈছে । আক্ৰমণত নিহত শিখধৰ্মী লোকজন । এক সাধাৰণ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৬৬ বছৰীয়া শিখধৰ্মী লোকজনৰ ওপৰত আক্ৰমণ কৰা হৈছিল । নিউয়ৰ্কৰ সংবাদ মাধ্য়মৰ মতে আৰক্ষীয়ে অভিযুক্ত আগষ্টিনৰ বিৰুদ্ধে হত্যা আৰু আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে । ইফালে আৰক্ষীয়ে ঘটনাটোৰ তদন্তও অব্যাহত ৰাখিছে ।

যোৱা বৃহস্পতিবাৰে কুইন্সত দুৰ্ঘটনাটো সংঘটিত হৈছিল । অভিযোগ অনুসৰি দুৰ্ঘটনাটোৰ পাছতে ৩০ বছৰীয়া গিলবাৰ্ট আগষ্টিনে জছমেৰ সিঙক আক্ৰমণ কৰিছিল । ইফালে নিউয়ৰ্কৰ মেয়ৰ এৰিক এডামছে এই ঘটনাটোক গৰিহণা দিছে আৰু ভাৰতীয় সম্প্ৰদায়টোক সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিছে ।

আৰক্ষীৰ মতে সিং আৰু আগষ্টিনৰ বাহন বৃহস্পতিবাৰে সংঘৰ্ষত লিপ্ত হৈছিল আৰু দুয়োখন বাহন কিছু ক্ষতিগ্ৰস্ত হৈছিল । সিঙে ৯১১ হেল্পলাইন নম্বৰত ফোন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আগষ্টিনে আৰক্ষী নাই বুলি সিঙৰ ফোন কাঢ়ি লৈছিল । প্ৰতিবেদন অনুসৰি সিঙে গাড়ীৰ পৰা নামি আগষ্টিনক অনুসৰণ কৰিছিল আৰু তেওঁৰ ফোনটো বিচাৰিছিল । দুয়োজনে তৰ্কত লিপ্ত হৈছিল আৰু সিঙে আগষ্টিনৰ পৰা ফোনটো লোৱাৰ পাছত তেওঁৰ গাড়ীলৈ উভতি আহিছিল । কিন্তু তাৰ পাছতে আগষ্টিনে সিঙৰ মূৰত আৰু মুখত আক্ৰমণ কৰে ।

আক্ৰমণৰ পাছতে আগষ্টিনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । সিঙক সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু মগজুত গুৰুতৰ আঘাতৰ পাছত তেওঁৰ মৃত্যু হয় । অৱশ্যে ঘটনাস্থলীৰ প্ৰায় দুই মাইল দূৰত আগষ্টিনক আৰক্ষীয়ে আটক কৰে । লক্ষণীয়ভাৱে আগষ্টিনৰ হাতত সঠিক চালকৰ অনুজ্ঞাপত্ৰও নাছিল ।

ইফালে স্থানীয় মেয়ৰৰ মতে জছমেৰ সিঙে চহৰখন ভাল পাইছিল । নিউয়ৰ্কবাসীৰ হৈ তেওঁ শিখ সম্প্ৰদায়ৰ ওচৰত ক্ষমাও বিচাৰে । লগতে সম্প্ৰদায়টোৰ ওপৰত হোৱা ঘৃণনীয় আক্ৰমণ সহ্য কৰা নহ'ব বুলিও তেওঁ দাবী কৰে ।

তেওঁ সামাজিক মাধ্যমৰ এটা পোষ্টত উল্লেখ কৰা মতে গুৰুত্বপূৰ্ণ সম্প্ৰদায়টোৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিবলৈ তেওঁৰ দলে এই সপ্তাহত শিখ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব ।

উল্লেখ্য যে যোৱা সপ্তাহত এগৰাকী ১৯ বছৰীয়া শিখ ধৰ্মী কিশোৰ ৰিচমণ্ড হিলত বাছত যাত্ৰা কৰি থকাৰ সময়ত আক্ৰমণৰ সন্মুখীন হৈছিল । ২৬ বছৰীয়া ক্ৰিষ্টোফাৰ ফিলিপাউক্স নামৰ এজন যুৱক কিশোৰজনক পিছফালৰ পৰা আক্ৰমণ কৰিছিল । তেওঁৰ পাগুৰিত আঘাত কৰাৰ লগতে ইয়াক লৈ উপহাসো কৰিছিল । কুইন্স প্ৰশাসনে জনোৱা মতে ইতিমধ্যে অভিযুক্ত যুৱকজনক কুইন্স ক্ৰিমিনেল ক'ৰ্টত হাজিৰ কৰোৱা হৈছে আৰু তেওঁৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক :Synagogue president stabbed to death : ছুৰীকাঘাতত নিহত ইহুদীসকলৰ উপাসনাস্থলী চিনাগগৰ সভাপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.