ETV Bharat / international

Fire in Boat: যাত্ৰীবাহী নাৱত বিধ্বংসী অগ্নিকাণ্ড, 16 জনৰ মৃত্যু - 16 গৰাকী লোকৰ মৃত্যু

কংগো নদীৰ ৰাজধানী পূব কিঞ্চাছাৰ পৰা মবান্দাকা চহৰলৈ গৈ থকা এখন ইন্ধন কঢ়িওৱা যাত্ৰীবাহী নাৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত প্ৰায় 16 গৰাকী লোকৰ মৃত্যু হয় ৷

Several people killed when a boat caught fire in western Congo,
যাত্ৰীবাহী নাৱত বিধ্বংসী অগ্নিকাণ্ড, 16 জনৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 10:13 AM IST

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 24 অক্টোবৰ : আফ্ৰিকাস্থিত কংগো নদীত ভয়ংকৰ ঘটনা ৷ সোমবাৰে কংগো নদীৰ ৰাজধানী পূব কিঞ্চাছাৰ পৰা মবান্দাকা চহৰলৈ গৈ থকা এখন ইন্ধন কঢ়িওৱা যাত্ৰীবাহী নাৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত প্ৰায় 16 গৰাকী লোকৰ মৃত্যু হয় ৷ প্ৰাদেশিক উপ-বিষয়া পাপী এপিয়াই এই খবৰ নিশ্চিত কৰি কয় যে, এই ঘটনাত এতিয়ালৈকে 11 জন লোকক উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও বহু লোক সন্ধানহীন হৈ থকাৰ আশংকা কৰা হৈছে ৷

উল্লেখ্য যে, এই দুৰ্ঘটনাৰ দুদিন পূৰ্বে কংগো নদীত আন এক নাও দুৰ্ঘটনা সংঘটিত হৈছিল ৷ এই দুৰ্ঘটনাটোত প্ৰায় 40 জন লোকৰ মৃত্যু হৈছিল ।

উল্লেখ্য যে, কংগো নদী আৰু দেশখনৰ হ্ৰদসমূহত নাও দুৰ্ঘটনাৰ ঘটনা সচৰাচৰ সংঘটিত হয় ৷ কিয়নো নদীখনত নাওৰ প্ৰচলন অধিক হোৱাৰ বাবে প্ৰায়ে অত্যাধিক পৰিমাণে নাও ভৰ্তি হৈ থাকে। দেশখনৰ উত্তৰ-পশ্চিমৰ বেছিভাগ লোকে সুচল পথৰ অভাৱৰ লগতে নাও যাত্ৰা কম ব্যয়বহুল হোৱাৰ বাবে ভ্ৰমণ কৰিবলৈ জলপথ ব্যৱহাৰ কৰে।

ইফালে দেশখনৰ পশ্চিম অঞ্চলত ক্ৰমাৎ সংঘৰ্ষৰ সংখ্যা বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে ৷ স্থানীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি, উত্তৰ কিভু প্ৰদেশৰ ৰুটচুৰু অঞ্চলত দেওবাৰে নিশা কমেও ৩০ জন লোক নিহত হয় লগতে তেওঁলোকৰ বাসগৃহসমূহ জ্বলায় দিয়া হয় ৷ এই সংঘৰ্ষৰ ঘটনা এম 23 বিদ্ৰোহী গোটে সংঘটিত কৰিছিল, ৰুটচুৰু টেৰিটৰি যুৱ পৰিষদৰ উপ-সভাপতি জাষ্টিন কালেঘেচেৰে সদৰী কৰিছিল ৷

এম ২৩ বিদ্ৰোহী গোটটো, যি মুখ্যতঃ কংগোৰ স্থানীয় টুটচিছ জাতিৰ লোকেৰে গঠিত ৷ আজিৰ পৰা 10 বছৰ পূৰ্বে এম 23 বিদ্ৰোহী গোটে ৰৱাণ্ডাৰ সীমান্তত থকা পূব কংগোৰ সৰ্ববৃহৎ চহৰ গোমা দখল কৰি নিজ আধিপত্য বিস্তাৰ কৰিছিল। 2009 চনৰ 23 মাৰ্চৰ পৰা বিফল শান্তি আলোচনা আৰু যুদ্ধবিৰতিৰ ফলত বিদ্ৰোহী সংগঠনটোৱে হিংসাত্মক ঘটনা সংঘটিত কৰি আহিছে ৷ দেওবাৰৰ ৱাজালেনৰ বিৰুদ্ধে আক্ৰমণৰ সময়ত এম 23-য়ে ভুক্তভোগীসকলক মাচেট বা গুলীৰে হত্যা কৰা হৈছিল ৷

লগতে পঢ়ক: Bangladesh train collision: বাংলাদেশত দুৰ্ঘটনাগ্ৰস্ত এগাৰোসিন্ধু গোধূলি এক্সপ্ৰেছ; অতিকমেও 15 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.