ইণ্টাৰনেশ্যনেল ডেস্ক, 18 আগষ্ট: পাকিস্তানৰ পঞ্জাৱৰ পিণ্ডি ভটিয়ান অঞ্চলৰ সমীপৰ ফৈছালাবাদ মটৰৱে’ত দেওবাৰে পুৱা এখন বাছত জুই লাগি 16 জন লোক নিহত হয় বুলি জানিব পৰা গৈছে ৷ লগতে 11 জন লোক আহত হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । কৰাচীৰ পৰা ইছলামাবাদ অভিমুখে গৈ থকা বাছখনে 35 ৰ পৰা 40 জন যাত্ৰী কঢ়িয়াই আনিছিল বুলি জানিব পৰা গৈছে ।
জিলা আৰক্ষী বিষয়া ডাক্তৰ ফাহাদৰ মতে ডিজেল ভৰ্তি ড্ৰাম কঢ়িয়াই অনা এখন পিকআপ ভানৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ ফলত বাছখনত জুই লাগে বুলি জানিব পৰা গৈছে ৷ স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি আহত যাত্ৰীসকলৰ অধিকাংশৰে অৱস্থা সংকটজনক বুলি ফাহাদে জানিবলৈ দিয়ে । দুয়োখন বাহনৰ চালকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰত্যক্ষদৰ্শী লোকসকলে খিৰিকী ভাঙি যাত্ৰীসকলক বাছৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰিছিল ।
পাকিস্তানে 14 আগষ্টৰ দিনা স্বাধীনতা দিৱস পালন কৰাৰ সময়ত পঞ্জাৱ প্ৰদেশত 1659 টা যান-বাহন দুৰ্ঘটনাত 17 জন লোকৰ মৃত্যু আৰু 1773 জন লোক আহত হৈছিল । লাহোৰত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হৈছে । জৰুৰীকালীন সেৱা বিভাগে (ই এছ ডি) প্ৰকাশ কৰা চৰকাৰী তথ্য অনুসৰি 13 আগষ্টৰ দিনা সমগ্ৰ প্ৰদেশখনতে 1234 টা পথ দুৰ্ঘটনাত 9 জন লোকৰ মৃত্যু হৈছিল আৰু 1338 জন লোক আহত হৈছিল ।
ডনৰ মতে, 14 আগষ্টত লাহোৰৰ প্ৰধান চৰকাৰী চিকিৎসালয়সমূহত দুৰ্ঘটনা আৰু জৰুৰীকালীন ৱাৰ্ডত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ৰোগীৰ অসম্ভৱ ভিৰ পৰিলক্ষিত হৈছিল । 99 জন লোকে মূৰত গভীৰ আঘাত পোৱাৰ বিপৰীতে 187 জনৰ হাড়ভঙাৰ ফলত জীৱনলৈ পংগু হ’বলগীয়া হৈছে বুলি কয় চৰকাৰী তথ্যই ।
লগতে পঢ়ক: Bomb blast in North Waziristan: বোমা বিস্ফোৰণত পাকিস্তানত মৃত্যু 11 জনকৈ শ্ৰমিকৰ