ETV Bharat / international

ৰুশ্বডিৰ প্ৰাণৰক্ষা পৰাত আক্ৰমণকাৰী হাদি মাটাৰ হতচকিত

author img

By

Published : Aug 18, 2022, 10:18 AM IST

আক্ৰমণৰ পাছতো ছলমান ৰুশ্বডিৰ প্ৰাণৰক্ষা পৰাত আশ্চৰ্য প্ৰকাশ কৰিছে আক্ৰমণৰ অভিযোগত অভিযুক্ত হাদি মাটাৰে(Salman Rushdie attacked by Hadi Matar in New york) ৷ ইৰাণৰ ৰিভলিউচনৰী গাৰ্ডৰ সৈতে সম্পৰ্ক থকাৰ কথা অস্বীকাৰ হাদি মাটাৰৰ ৷ ৰুশ্বডিৰ দ্য ছেটানিক ভাৰ্চেছ প্ৰকাশ কৰাৰ পিছত ইৰাণৰ খোমেনিয়ে তেওঁৰ মৃত্যুৰ ফতোৱা জাৰি কৰিছিল ৷

Salman Rushdie attacker surprised the author survived
ৰুশ্বডিৰ প্ৰাণৰক্ষা পৰাত আক্ৰমণকাৰী হাদি মাটাৰ হতচকিত

ইন্টাৰনেশ্যনেল ডেস্ক, ১৮ আগষ্ট: নিউয়ৰ্কত হোৱা আক্ৰমণৰ পাছতো ছলমান ৰুশ্বডিৰ প্ৰাণৰক্ষা পৰাত আশ্চৰ্য প্ৰকাশ কৰিছে ৰুশ্বডিৰ আক্ৰমণৰ অভিযোগত অভিযুক্ত হাদি মাটাৰে ৷ নিউজাৰ্চিৰ নিৱাসী ২৪ বৰ্ষীয় হাদি মাটাৰে কাৰাগাৰৰ পৰা নিউয়ৰ্ক পোষ্টৰ এক সাক্ষাৎকাৰত কৈছিল যে, তেওঁ ছলমান ৰুশ্বডিৰ এটা টুইটত লেখকজনৰ চৌটাউকুয়া ইনষ্টিটিউচনলৈ আগমণৰ কথা জানিব পাৰি তেওঁক চোৱাৰ সিদ্ধান্ত লয় ।

মাটাৰে সাক্ষাৎকাৰটোত কয় যে, মই ব্যক্তিজনক ভাল নাপাওঁ । মই নাভাবো যে তেওঁ এজন ভাল ব্যক্তি । তেওঁ এনে এজন ব্যক্তি যিয়ে ইছলামক আক্ৰমণ কৰিছিল । তেওঁ তেওঁলোকৰ বিশ্বাস, বিশ্বাস প্ৰণালীক আক্ৰমণ কৰিছিল । মাটাৰে লগতে কয় যে, ৰুশ্বডিয়ে স্বৰ্গীয় ইৰানী নেতা আয়াতুল্লাহ ৰুহোল্লাহ খোমেনীক এজন মহান ব্যক্তি বুলি বিবেচনা কৰিছিল ৷

আনহাতে ইৰাণে এই আক্ৰমণত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে । মাটাৰে ইৰাণৰ ৰিভলিউচনৰী গাৰ্ডৰ সৈতে তেওঁৰ সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছিল । তেওঁ লগতে ৰুশ্বডিৰ দ্য ছেটানিক ভাৰ্চেছৰ কেইটামান পৃষ্ঠাহে পঢ়াৰ কথা জানিবলৈ দিয়ে ৷ উল্লেখ্য যে নিউয়ৰ্কত এক অনুষ্ঠানত মঞ্চৰ ওপৰতে দুৰ্বৃত্তই আক্ৰমণ কৰিছিল সাহিত্যিকগৰাকীক(Salman Rushdie attacked by Hadi Matar in New york) ।

নিউয়ৰ্কৰ চৌথাকা প্ৰতিষ্ঠানত এক বক্তৃতা অনুষ্ঠানত ভাগ লৈছিল জনপ্ৰিয় সাহিত্যিকগৰাকীয়ে । বাকী অতিথিৰ সৈতে মঞ্চত থকাৰ সময়তে এজন লোক মঞ্চলৈ উঠি আহে আৰু বিশ্ববিখ্যাত সাহিত্যিক ছলমান ৰুশ্বডিক উপৰ্যুপৰি ছুৰিকাঘাত কৰে (Hadi Matar stabbed Salman Rushdie)। লগে লগে তেজেৰে লুতুৰি-পুতুৰি হৈ মঞ্চত বাগৰি পৰে 'ছাৰ' ছলমান ৰুশ্বডি ।

লগতে পঢ়ক : মৃত্যুৰে যুঁজিছে ছলমান ৰুশ্বডিয়ে, উদ্বিগ্ন বিশ্বৰ সাহিত্যজগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.