ইণ্টাৰনেচনেল ডেস্ক, ৯ অক্টোবৰ : ২০২৩ চনত সমগ্ৰ বিশ্ব আন এক মহাকাশীয় দৃশ্য প্ৰত্যক্ষ কৰিবলৈ সাজু হৈছে । ১৪ অক্টোবৰত সংঘটিত হ'বলৈ আগবাঢ়িছে এক বিৰল 'ৰিং অব ফায়াৰ' বা অগ্নি বলয় সূৰ্যগ্ৰহণ । অৱশ্যে অসাধাৰণ এই মহাকাশীয় পৰিঘটনাটো ভাৰতীয় জনসাধাৰণে প্ৰত্যক্ষ কৰাৰ সুযোগ নাপাব । কিন্তু একমাত্ৰ সান্ত্বনা হৈছে যে ভাৰতত ইয়াক অনলাইনযোগে প্ৰত্যক্ষ কৰিব পৰা যাব ।
-
On October 14, a “ring of fire” solar eclipse will appear across a swath of the western United States, as well as in parts of Central and South America. Here’s what it is and where you can experience it for yourself
— National Geographic (@NatGeo) October 3, 2023 " class="align-text-top noRightClick twitterSection" data="
https://t.co/qq9z5boi8B
">On October 14, a “ring of fire” solar eclipse will appear across a swath of the western United States, as well as in parts of Central and South America. Here’s what it is and where you can experience it for yourself
— National Geographic (@NatGeo) October 3, 2023
https://t.co/qq9z5boi8BOn October 14, a “ring of fire” solar eclipse will appear across a swath of the western United States, as well as in parts of Central and South America. Here’s what it is and where you can experience it for yourself
— National Geographic (@NatGeo) October 3, 2023
https://t.co/qq9z5boi8B
বহু প্ৰত্যাশিত বা ততোধিক শ্বাসৰুদ্ধকাৰী এই সূৰ্যগ্ৰহণ ১৪ অক্টোবৰৰ নিশা ১১.২৯ বজাৰ পৰা (ভাৰতীয় সময়মতে) হ'ব আৰু নিশা ১১.৩৭ বজাত (ভাৰতীয় সময়মতে) সমাপ্ত হ'ব । সেয়ে ভাৰতীয় জনসাধাৰণে এই আকৰ্ষণীয় দৃশ্যটো প্ৰত্যক্ষ কৰাৰ সুযোগ হেৰুৱাব ।
চন্দ্ৰই সূৰ্যৰ সন্মুখত অৱস্থান কৰাৰ ফত এই সূৰ্যগ্ৰহণ হ'ব আৰু এক উজ্জ্বল আঙুঠি বা এনালুছ প্ৰভাৱৰ সৃষ্টি কৰিব । উল্লেখ্য যে অন্তিমবাৰৰ বাবে ২০১২ চনত আমেৰিকাৰ বেছিভাগ অঞ্চলত এনে সূৰ্যগ্ৰহণ দেখা গৈছিল । 'ৰিং অব ফায়াৰ' বা 'এনুলাৰ' সূৰ্যগ্ৰহণে শনিবাৰে আকাশখনক আকৰ্ষণীয় কৰি তুলিব, বিশেষকৈ পশ্চিম আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু অংশত ।
অৱশ্যে ভাৰত এই গ্ৰহণৰ পোনপটীয়া সাক্ষী নহ'লেও হতাশ হ'বলগীয়া নাই । কিয়নো নাছাই বিশ্বজুৰি মহাকাশৰ প্ৰতি উৎসাহীসকলৰ বাবে ইয়াৰ এক সমাধান আগবঢ়াইছে । ১৪ অক্টোবৰৰ বিয়লি ৪.৩০ বজাত (ভাৰতীয় সময়মতে) আৰম্ভ হ'বলগীয়া এই মহাজাগতিক পৰিঘটনা ইউটিউবত সম্প্ৰচাৰিত নাছাৰ আনুষ্ঠানিক সম্প্ৰচাৰে পৰিঘটনাটো ব্যক্তিগতভাৱে চাবলৈ অক্ষম লোকসকলৰ বাবে এক পোনপটীয়া দৰ্শনৰ সুযোগ প্ৰদান কৰিব ।
-
Watch the solar eclipse with NASA on Saturday, Oct. 14!
— NASA (@NASA) October 7, 2023 " class="align-text-top noRightClick twitterSection" data="
We'll have live updates as the "ring of fire" crosses from Oregon to Texas, starting at 11:30am ET (1530 UTC). Send us your eclipse Qs with #AskNASA—and check out what you'll see from your town: https://t.co/aVM22VO3HR pic.twitter.com/N3iEHmjYnt
">Watch the solar eclipse with NASA on Saturday, Oct. 14!
— NASA (@NASA) October 7, 2023
We'll have live updates as the "ring of fire" crosses from Oregon to Texas, starting at 11:30am ET (1530 UTC). Send us your eclipse Qs with #AskNASA—and check out what you'll see from your town: https://t.co/aVM22VO3HR pic.twitter.com/N3iEHmjYntWatch the solar eclipse with NASA on Saturday, Oct. 14!
— NASA (@NASA) October 7, 2023
We'll have live updates as the "ring of fire" crosses from Oregon to Texas, starting at 11:30am ET (1530 UTC). Send us your eclipse Qs with #AskNASA—and check out what you'll see from your town: https://t.co/aVM22VO3HR pic.twitter.com/N3iEHmjYnt
বৃত্তাকাৰ সূৰ্যগ্ৰহণ কেতিয়া হয় ?
সূৰ্য আৰু আমাৰ গ্ৰহটোৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত যেতিয়া চন্দ্ৰ পৃথিৱীৰ পৰা আটাইতকৈ দূৰৈত অৱস্থিত হয়, তেতিয়া এক দৰ্শনীয় দৃশ্যৰ সৃষ্টি হয় । ইয়াৰ ফলত সূৰ্যৰ পোহৰৰ এটা বলয় হয়, যাক প্ৰায়ে 'অগ্নি বলয়' বুলি কোৱা হয় । লক্ষণীয়ভাৱে, এই বৃত্তাকাৰ সূৰ্যগ্ৰহণ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ পৰা পৃথক, য'ত চন্দ্ৰ পৃথিৱীৰ ওচৰত থকাৰ বাবে সূৰ্যৰ দৰে ডাঙৰ দেখা যায় ।
এই দৃশ্য ক'ত দৃশ্যমান হ'ব ?
১৪ অক্টোবৰত অৰেগনৰ উপকূলৰ পৰা টেক্সাছ উপসাগৰীয় উপকূললৈ বৃত্তাকাৰ গ্ৰহণৰ পথ অতিক্ৰম কৰিব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাখনো ৰাজ্যৰ পৰ্যবেক্ষকসকলে এই উল্লেখযোগ্য মহাকাশীয় ঘটনাটো চাবলৈ সুযোগ পাব । ইয়াৰ ভিতৰত আছে অৰেগন, নেভাডা, উটাহ, নিউ মেক্সিকো, টেক্সাছ, আৰু কেলিফোৰ্ণিয়া, আইডাহো, কলোৰাডো আৰু এৰিজোনাৰ কিছু অংশ । অৱশ্যে যদিহে বতৰে কোনো বিধিপথালি নিদিয়ে তেতিয়া ই স্পষ্টভাৱে প্ৰত্যক্ষ কৰিব পৰা হ'ব বুলি নাছাৰ সূত্ৰত প্ৰকাশ । তাৰ পিছত এই গ্ৰহণ আটলাণ্টিক মহাসাগৰত সূৰ্যাস্তৰ সময়ত সমাপ্ত হোৱাৰ পূৰ্বে মেক্সিকো, মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ ওপৰেৰে যাত্ৰা কৰিব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিকোনো স্থানত এই গ্ৰহণৰ সময় গড়ে চাৰিৰ পৰা পাঁচ মিনিটৰ ভিতৰত হ'ব ।
সাৱধানতা
বিশেষ চকু সুৰক্ষা অবিহনে বৃত্তাকাৰ সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যলৈ পোনপটীয়াকৈ চোৱাটো কেতিয়াও সুৰক্ষিত নহয় । আপোনাৰ চকুক সম্ভাৱ্য স্থায়ী ক্ষতিৰ পৰা সুৰক্ষিত কৰিবলৈ আইএছঅ' ৰেফাৰেন্স নম্বৰ ১২৩১২-২-ৰ সৈতে সুৰক্ষামূলক গ্ৰহণ চশমা অত্যাৱশ্যকীয় । উপযুক্ত ফিল্টাৰ অবিহনে সূৰ্য চাবলৈ কেমেৰা, টেলিস্কোপ, বাইন'কুলাৰ বা অপ্টিকেল ডিভাইচ ব্যৱহাৰ কৰা পৰিহাৰ কৰিব আৰু এই চমৎকাৰ জ্যোতিৰ্বৈজ্ঞানিক ঘটনাটো চাবলৈ এক সুৰক্ষিত বিকল্প হিচাপে পিনহোল প্ৰজেক্টৰ ব্যৱহাৰ কৰাৰ কথা বিবেচনা কৰিব ।
লগতে পঢ়ক :ISRO solar mission : অসুবিধা অবিহনে আদিত্য এল-১ৰ যাত্ৰা অব্যাহত