ETV Bharat / international

Ultimatum to Imran Khans Party : সন্ত্ৰাসবাদীক হস্তান্তৰ কৰিবলৈ পিটিআইক ২৪ ঘণ্টাৰ সময়সীমা - Pakistan Violence after Imran Khan arrest

পঞ্জাব প্ৰদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে পিটিআইক প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ লাহোৰৰ জামান পাৰ্কৰ বাসগৃহত আশ্ৰয় লোৱা সন্ত্ৰাসবাদীক হস্তান্তৰ কৰিবলৈ ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছে । তথ্য মন্ত্ৰী আমিৰ মীৰে কয় যে পিটিআয়ে যদি সন্ত্ৰাসবাদীসকলক হস্তান্তৰ নকৰে তেন্তে আইনে নিজৰ বাছি পথ ল'ব (Punjab interim govt Ultimatum to PTI) ।

Ultimatum to Imran Khans Party
Ultimatum to Imran Khans Party
author img

By

Published : May 17, 2023, 9:52 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ১৭ মে' : পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে পাকিস্তান তেহৰিক-ই-ইনচাফক (Tehreek-e-Insaf, PTI) প্ৰাক্তন প্ৰধানমন্ত্ৰী লাহোৰৰ ইমৰাণ খানৰ জামান পাৰ্কৰ বাসগৃহত (Imran Khans Zaman Park residence news) আশ্ৰয় লোৱা ৩০-৪০ জন সন্ত্ৰাসবাদীক হস্তান্তৰ কৰিবলৈ ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছে (Punjab interim govt Ultimatum to PTI) । জিঅ' নিউজৰ সূত্ৰত এই কথা প্ৰকাশ । লাহোৰত এক সংবাদমেল সম্বোধন কৰি তত্ত্বাৱধায়ক তথ্য মন্ত্ৰী আমিৰ মীৰে কয়, "পিটিআয়ে এই সন্ত্ৰাসবাদীসকলক হস্তান্তৰ কৰা উচিত, নতুবা আইনে নিজৰ পথ ল'ব ।"

তেওঁ লগতে কয় যে চৰকাৰ এই সন্ত্ৰাসবাদীসকলৰ বিষয়ে অৱগত (former Pak PM Imran Khan) । কিয়নো চৰকাৰৰ হাতত বিশ্বাসযোগ্য চোৰাংচোৱা প্ৰতিবেদন আছে । "চোৰাংচোৱাৰ যি প্ৰতিবেদন আহিছে সেয়া অতি উদ্বেগজনক ।" মীৰে কয় । তেওঁ লগতে কয় যে চোৰাংচোৱা সংস্থাসমূহে জিঅ'-ফেন্সিঙৰ জৰিয়তে জামান পাৰ্কত সন্ত্ৰাসবাদীৰ উপস্থিতি নিশ্চিত কৰিবলৈ সক্ষম হৈছে । তেওঁ লগতে কয় যে পিটিআয়ে অনা ৰাষ্ট্ৰীয় সংস্থাৰ দৰে আচৰণ কৰা আৰম্ভ কৰিছে আৰু দলটোৰ মুৰব্বীয়ে এবছৰ ধৰি সামৰিক বাহিনীক লক্ষ্য কৰি আহিছে । জিঅ' নিউজে এই কথা প্ৰকাশ কৰিছে ।

"পিটিআই নেতৃত্বই ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ আগতেই আক্ৰমণৰ পৰিকল্পনা কৰিছিল (PTI leader Imran Khan) ।" মীৰে কয় । অন্তৱৰ্তীকালীন তথ্য মন্ত্ৰীগৰাকীয়ে কয় যে ৯ মে'ত এক নিৰ্ধাৰিত পৰিকল্পনাৰ অধীনত হিংসাত্মক প্ৰতিবাদৰ সময়ত সামৰিক প্ৰতিষ্ঠানসমূহৰ ওপৰত আক্ৰমণ কৰা হৈছিল । তেওঁ লগতে কয় যে চৰকাৰে এই ঘটনাৰ প্ৰতি "শূন্য সহনশীলতা নীতি" গ্ৰহণ কৰিছে আৰু অন্তৱৰ্তীকালীন মুখ্যমন্ত্ৰী মহছিন নকভিয়ে পঞ্জাব আৰক্ষীক অগ্নিসংযোগকাৰীৰ সৈতে মোকাবিলা কৰিবলৈ সম্পৰ্ণ স্বাধীনতা প্ৰদান কৰিছে (Pakistan Violence after Imran Khan arrest) ।

এক প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে জিন্না হাউছত হোৱা আক্ৰমণ সহজে প্ৰতিহত কৰিব পাৰিলেহেঁতেন । কিন্তু তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰীয়ে আৰক্ষীক অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ বাধা দিছিল । "আমি প্ৰদেশখনত ৰক্তক্ষয় হোৱাটো পৰিহাৰ কৰিব বিচাৰিছিলোঁ ।" কৰ্পছ কমাণ্ডাৰ হাউছত আক্ৰমণৰ সময়ত কেইবাজনো অগ্নিসংযোগকাৰী জামান পাৰ্কৰ ভিতৰত থকা লোকসকলৰ সৈতে সম্পৰ্কত আছিল । তেওঁলোকৰ বিৰুদ্ধে এনে এক দৃষ্টান্ত দাঙি ধৰা হ'ব যাতে ভৱিষ্যতে কোনেও এনে কাৰ্য নকৰে ।" মীৰৰ উদ্ধৃতি দি জিঅ' নিউজে এনেদৰে কয় ।

অন্তৱৰ্তীকালীন তথ্য মন্ত্ৰীজনে লগতে কয় যে চৰকাৰে সিদ্ধান্ত লৈছে যে যিসকলে সামৰিক প্ৰতিষ্ঠানসমূহত আক্ৰমণ কৰিছিল তেওঁলোকক সামৰিক আদালতত বিচাৰ কৰা হ'ব । উল্লেখ্য, ৯ মে'ত ইছলামাবাদত ৰাষ্ট্ৰীয় দায়বদ্ধতা ব্যুৰোৰ (National Accountability Bureau) নিৰ্দেশনা অনুসৰি অৰ্ধসামৰিক বাহিনীৰ দ্বাৰা ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ ফলত তেওঁৰ সমৰ্থক আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । যাৰ ফলত কমেও আঠজন লোক নিহত হয় । জিঅ' নিউজৰ বাতৰি অনুসৰি, পিটিআই নেতাজনৰ ঘনিষ্ঠ সহায়ক আৰু ৰাজনৈতিক সহযোগীসহ বহুসংখ্যক লোকক গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক :Imran Khan updates: ইমৰাণ খানক দহ বছৰলৈ কাৰাবন্দী কৰি ৰখাৰ ষড়যন্ত্ৰ চলিছে পাকিস্তানত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.