ETV Bharat / international

Imran Khan Arrest Issue : ইমৰাণ খানক গ্ৰেপ্তাৰৰ প্ৰতিবাদত দেশজুৰি বন্ধৰ আহ্বান পিটিআইৰ - Pakistan Tehreek e Insaf

প্ৰাক্তন ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদ হোৱা ৭০ বছৰীয়া ইমৰাণ খানক মঙলবাৰে ৰাষ্ট্ৰীয় দায়বদ্ধতা ব্যুৰোৰ (National Accountability Bureau) নিৰ্দেশত ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ এটা কোঠাৰ পৰা অৰ্ধসামৰিক ৰেঞ্জাৰসকলে নিজৰ জিম্মাত লয় । উল্লেখ্য, ইমৰাণ খানে দুৰ্নীতিৰ গোচৰৰ শুনানিত অংশগ্ৰহণ কৰিবলৈ ইছলামাবাদ উচ্চ ন্যায়ালয়লৈ আহিছিল (Imran Khan arrest issue) ।

Imran Khan Arrest Issue
Imran Khan Arrest Issue
author img

By

Published : May 10, 2023, 2:12 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ১০ মে' : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে উত্তপ্ত হৈ পৰিছে পাকিস্তান (violence in pakistan for Imran Khan arrest) । লগতে ব্যাপক হিংসাত্মক ঘটনাৰ দিশে আগবাঢ়িছে দেশখন । বুধবাৰে তেওঁৰ দলৰ নেতাসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দেশজুৰি ধৰ্মঘট ঘোষণা কৰিছে (PTI announced countrywide strike in Pakistan) ।

প্ৰাক্তন ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদ হোৱা ৭০ বছৰীয়া ইমৰাণ খানক মঙলবাৰে ৰাষ্ট্ৰীয় দায়বদ্ধতা ব্যুৰোৰ (National Accountability Bureau, NAB) নিৰ্দেশত ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ এটা কোঠাত প্ৰৱেশ কৰি অৰ্ধসামৰিক ৰেঞ্জাৰসকলে হঠাতে নিজৰ জিম্মাত লয় । সেই সময়ত তেওঁ দুৰ্নীতিৰ গোচৰৰ শুনানিত অংশগ্ৰহণ কৰিবলৈ ইছলামাবাদ উচ্চ ন্যায়ালয়ত উপস্থিত হৈছিল (Imran Khan arrested from Islamabad HC) ।

পিছত আদালতে ৰায় দিয়ে যে পাকিস্তান তেহৰিক-ই-ইনচাফ (Pakistan Tehreek-e-Insaf, PTI) দলৰ মুৰব্বীক গ্ৰেপ্তাৰ কৰাটো সম্পূৰ্ণ আইনগত আছিল । কিন্তু যিধৰণে সেয়া কৰা হৈছিল সেইটো অবৈধ আছিল আৰু ইছলামাবাদ আৰক্ষীৰ মুৰব্বী আৰু আভ্যন্তৰীণ সচিবৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে আগবাঢ়িবলৈ সিদ্ধান্ত লৈছে । আনহাতে, পিটিআই নেতৃত্বই দলটোৰ অধ্যক্ষ খানক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে আৰু বুধবাৰে দেশজুৰি ধৰ্মঘট ঘোষণা কৰে । ডন বাতৰিকাকতৰ বাতৰি অনুসৰি, তেওঁলোকে সমৰ্থকসকলক 'বৰ্ধিত ফেচিবাদ'ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ দেশবাসীক আহ্বান জনায় ।

উল্লেখ্য যে ইমৰাণ খানৰ গ্ৰেপ্তাৰৰ বাতৰি ভাইৰেল হোৱাৰ লগে লগে দেশখনত প্ৰতিবাদ আৰম্ভ হয় । তেওঁৰ সমৰ্থকসকলে পাকিস্তানী সেনাৰ সাধাৰণ মুখ্য কাৰ্যালয়কে ধৰি নিৰাপত্তা প্ৰতিষ্ঠানক লক্ষ্য কৰি লাঠি লৈ সজ্জিত হৈ অৱস্থান কৰে । লগতে পঞ্জাব, বেলুচিস্তান আৰু খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ মুখ্য স্থানসমূহত সমাবেশক অবৈধ ঘোষণা কৰি জাৰি কৰা ১৪৪ ধাৰাকো আওকাণ কৰে ।

ইয়াৰ মাজতে লাহোৰ, পেছোৱাৰ, কোৱেটা, কৰাচী আৰু ৰাৱালপিণ্ডিৰ পৰা ব্যাপক হিংসাত্মক ঘটনা আৰু ধ্বংস কাৰ্যৰ দৰে বেয়া ঘটনা পোহৰলৈ আহিছে । নিশাটোৰ ভিতৰতে নিৰাপত্তা সংস্থাসমূহৰ সৈতে হোৱা সংঘৰ্ষত কমেও দুজনৰ মৃত্যু আৰু বহুসংখ্যক কৰ্মী আঘাতপ্ৰাপ্ত হোৱাৰ দাবী কৰে পিটিআয়ে । আনহাতে, জিঅ' নিউজৰ প্ৰতিবেদন মতে, সংঘৰ্ষত কমেও তিনিজন লোক নিহত হৈছে আৰু বহু সম্পত্তি আৰু বাহন ধ্বংস হৈছে ।

ইফালে NAB কৰ্তৃপক্ষই বুধবাৰে ইমৰাণ খানক আদালতত হাজিৰ কৰাৰ ইংগিত দিছে, যাতে তেওঁক আল-কাদিৰ ট্ৰাষ্ট গোচৰত অধিক তদন্ত কৰাৰ বাবে তেওঁক জিম্মাত বিচাৰিব পাৰে । উল্লেখ্য, ইমৰাণ খানৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় কোষাগাৰৰ ৫০ বিলিয়নতকৈও অধিক লোকচানৰ অভিযোগ আছে । ইছলামাবাদ আৰক্ষীয়ে কৈছে যে তেওঁৰ গোচৰৰ শুনানি ইছলামাবাদ জিলা আদালত চৌহদৰ পৰিৱৰ্তে ৰাজধানীৰ অত্যধিক সুৰক্ষিত পুলিচ লাইনছ এলেকাত অনুষ্ঠিত হ'ব । আয়ুক্তৰ কাৰ্যালয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে পুলিচ লাইনক অস্থায়ী আদালত হিচাপে মনোনীত কৰিছিল ।

আনহাতে, আৰক্ষীয়ে ঘোষণা কৰিছে যে আদালতত ইমৰাণ খানক হাজিৰ কৰোৱা উপলক্ষে উচ্চ নিৰাপত্তা ব্যৱস্থা অৱলম্বন কৰা হৈছে । কেৱল প্ৰাসংগিক ব্যক্তি আৰু উকীলসকলকহে প্ৰৱেশৰ অনুমতি দিয়া হ'ব । উল্লেখ্য, বুধবাৰে পিটিআইৰ মুৰব্বীৰ আইনী দলটোক আল-কাদিৰ ট্ৰাষ্ট গোচৰৰ শুনানিৰ পূৰ্বে তেওঁক লগ কৰাৰ অনুমতি প্ৰত্যাখ্যান কৰা হৈছিল ।

লগতে পঢ়ক :Travel advisory for foreign citizens in Pakistan: পাকিস্তানত থকা বিদেশী নাগৰিকৰ বাবে বিশেষ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.