ETV Bharat / international

Israel Hamas war : ইজৰাইলৰ ওপৰত যুদ্ধবিৰতিৰ হেঁচা আমেৰিকা আৰু আৰৱ ৰাষ্ট্ৰৰ

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 10:26 AM IST

ইজৰাইল আৰু হামাছৰ যুদ্ধৰ পৰিণতিত এতিয়ালৈ প্ৰায় ৯০০০ পেলেষ্টাইনী নিহত হৈছে । আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে মানৱীয় সাহায্য আৰু যুদ্ধবিৰতিৰ আলোচনাৰ বাবে মধ্য প্ৰাচ্যলৈ ভ্ৰমণ কৰিছে । আমেৰিকা আৰু আৰৱ দেশসমূহে যুদ্ধৰ সৈতে অস্থিৰতা প্ৰকাশ কৰিছে । জৰ্ডানে ইজৰাইলৰ দূতক যুদ্ধ বন্ধ নোহোৱালৈকে দেশৰ বাহিৰত থাকিবলৈ নিৰ্দেশ দিছে ।

Israel Hamas war
ইজৰাইলৰ ওপৰত যুদ্ধবিৰতিৰ হেঁচা আমেৰিকা আৰু আৰৱ ৰাষ্ট্ৰৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,৩ নৱেম্বৰ : গাজাত ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে । বৃহস্পতিবাৰে ইজৰাইলী সেনাই গাজা চহৰ ঘেৰি ধৰে । ইফালে এই অভিযানৰ সময়ত এতিয়ালৈ প্ৰায় ৯০০০ পেলেষ্টাইনী নিহত হোৱাৰ তথ্য প্ৰকাশ পাইছে । যাৰ বাবে আমেৰিকা আৰু আৰৱ ৰাষ্ট্ৰসমূহে যুদ্ধবিৰতিৰ বাবে ইজৰাইলক হেঁচা প্ৰয়োগ কৰিছে । সাধাৰণ নাগৰিকৰ কথা চিন্তা কৰি সামৰিক অভিযান বন্ধ কৰিবলৈ ইজৰাইলক হেঁচা দিয়া হৈছে ।

ইজৰাইলত হামাছৰ আক্ৰমণৰ পাছত যুদ্ধ আৰম্ভ হোৱাৰ প্ৰায় ৪ সপ্তাহ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন ইজৰাইল আৰু জৰ্ডানলৈ ভ্ৰমণ কৰিছে । ৰাষ্ট্ৰপতি জ' বিডেনৰ নিৰ্দেশত বিদেশ সচিবগৰাকী শুকুৰবাৰে আলোচনাৰ বাবে অঞ্চলটোলৈ ৰাওনা হৈছে । এই ভ্ৰমণৰ উদ্দেশ্য হ'ব পেলেস্তাইনীসকলৰ বাবে সাহায্য প্ৰদান কৰা আৰু অধিক বিদেশী নাগৰিক আৰু আহতসকলক ৰক্ষা কৰা । যোৱা দুদিনত প্ৰায় ৮০০ গৰাকী লোক সেই অঞ্চলৰ পৰা পলায়ন কৰিছে ।

ব্লিঙ্কেনৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ । কিয়নো আৰৱ দেশসমূহৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আন দেশবোৰেও যুদ্ধৰ সৈতে অস্থিৰতা প্ৰকাশ কৰাৰ সুযোগ পাব । ইফালে জৰ্ডানে ইজৰাইলৰ পৰা ৰাষ্ট্ৰদূতক মাতি পঠিয়াইছে আৰু ইজৰাইলৰ দূতক যুদ্ধ বন্ধ নোহোৱালৈকে দেশৰ বাহিৰত থাকিবলৈ অনুৰোধ জনাইছে ।

অৱশ্যে ইজৰাইলে বিডেনৰ পৰামৰ্শৰ প্ৰতি সঁহাৰি দিয়া নাই । কিন্তু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱে বৃহস্পতিবাৰে কয় যে তেওঁলোক আগবাঢ়ি আছে আৰু কোনেও যাতে তেওঁলোকক বাধা নিদিয়া তাৰ বাবে আহ্বান জনায় । তেওঁ গাজা ষ্ট্ৰিপত হামাছৰ শাসন ধ্বংস কৰাৰো প্ৰতিশ্ৰুতি দিয়ে । ইয়াৰ মাজতে বৃহস্পতিবাৰে এক বিমান আক্ৰমণত গাজা চহৰৰ পৰা কেইবা মাইল দক্ষিণে বুৰেইজ শৰণাৰ্থী শিবিৰ ধ্বংসস্তূপলৈ পৰিণত হয় ।

গাজাৰ অসামৰিক প্ৰতিৰক্ষা মুখপাত্ৰই জনোৱা মতে এই আক্ৰমণত প্ৰায় ১৫ গৰাকী লোক নিহত হয় । এতিয়াও অট্টালিকাৰ ধ্বংসস্তুপত বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ।

ইয়াৰ মাজতে ইজৰাইলে সীমান্তৰ মাজেৰে খাদ্য আৰু ঔষধ কঢ়িয়াই অনা ২৬০ খনতকৈও অধিক ট্ৰাকক দেশখনত প্ৰৱেশত অনুমতি দিছে । কিন্তু সাহায্য অভিযানত জড়িত কৰ্মীসকলৰ মতে এই সাহায্য পৰ্যাপ্ত নহয় । অৱশ্যে ইজৰাইলী কৰ্তৃপক্ষই ইন্ধনৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে কিয়নো তেওঁলোকে সন্দেহ কৰা মতে হামাছে সামৰিক ব্যৱহাৰৰ বাবে ইন্ধন জমা কৰি আছে । হোৱাইট হাউচৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ মুখপাত্ৰ জন কাৰ্বিয়ে কয় যে আমেৰিকাই সাধাৰণ যুদ্ধবিৰতিৰ বাবে জোৰ দিয়া নাই কিন্তু এক অস্থায়ী, স্থানীয় বিৰতিৰ বাবে জোৰ দিছে ।

লগতে পঢ়ক :Blinken US stands behind Israel : যুদ্ধ বিধ্বস্ত ইজৰাইলৰ কাষত আমেৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.