ETV Bharat / international

প্ৰধানমন্ত্ৰী মোদীক ৰাছিয়া ভ্ৰমণৰ আহ্বান ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ - PM Modi

৫ দিনীয়া কাৰ্যসূচীৰে ৰাছিয়াত উপস্থিত হোৱা ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰে (EAM Jaishankar meet Putin) । বৈঠকৰ সময়ত পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ দেশখনলৈ আমন্ত্ৰণ জনায় । উল্লেখ্য যে ভাৰত আৰু ৰাছিয়াৰ বাণিজ্যিক সম্পৰ্ক যথেষ্ট বৃদ্ধি ।

Putin invites PM Modi
প্ৰধানমন্ত্ৰী মোদীক ৰাছিয়া ভ্ৰমণৰ আহ্বান ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ
author img

By PTI

Published : Dec 28, 2023, 10:09 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ ডিচেম্বৰ : সম্প্ৰতি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ৰাছিয়া ভ্ৰমণত আছে । তেওঁৰ এই ভ্ৰমণৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অহা বছৰ ৰাছিয়া ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায় ।

বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ক্ৰেমলিনত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে । এই সাক্ষাৎকাৰৰ সময়তে পুটিনে জয়শংকৰক কয় যে ৰাছিয়াত তেওঁৰ প্ৰিয়বন্ধু প্ৰধানমন্ত্ৰী মোদীক দেখি আনন্দিত হ'ব ।

৫ দিনীয়া ৰাছিয়া ভ্ৰমণৰ অংশ হিচাপে জয়শংকৰে ইয়াৰ পূৰ্বে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভক সাক্ষাৎ কৰে । আলোচনাৰ অন্তত লাভৰভৰ সৈতে এক যুটীয়া সংবাদ মাধ্যম মেলত উপস্থিত থাকি জয়শংকৰে কয় যে তেওঁ নিশ্চিত যে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনে অহা বছৰ বাৰ্ষিক সন্মিলনৰ বাবে মিলিত হ'ব ।

ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা সন্মিলন হৈছে দুয়োপক্ষৰ মাজত কৌশলগত অংশীদাৰিত্বৰ সৰ্বোচ্চ প্ৰতিষ্ঠানগত আলোচনা প্ৰণালী । এক্সৰ এটা পোষ্টত জয়শংকৰে কয় যে তেওঁ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰি আনন্দিত হৈছে ।

এতিয়ালৈকে ভাৰত আৰু ৰাছিয়াৰ মাজত বৈকল্পিকভাৱে ২১ খন বাৰ্ষিক সন্মিলন অনুষ্ঠিত হৈছে । ২০২১ চনৰ ডিচেম্বৰত নতুন দিল্লীত অন্তিমখন সন্মিলন অনুষ্ঠিত হৈছিল ৷ পুটিনে কয় যে ৰাছিয়া আৰু ভাৰতৰ মাজত বাণিজ্যিক লেনদেন বৃদ্ধি পাইছে, বিশেষকৈ খাৰুৱা তেল আৰু উচ্চ প্ৰযুক্তিৰ ক্ষেত্ৰত । বাণিজ্যিক লেনদেন একে সময়তে আৰু স্থিৰ গতিৰে একেৰাহে দ্বিতীয় বছৰৰ বাবেও বৃদ্ধি হৈ আছে বুলি তেওঁ উল্লেখ কৰে । এই বছৰৰ বিকাশৰ হাৰ যোৱা বছৰতকৈও অধিক বুলি উল্লেখ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ।

মঙলবাৰে জয়শংকৰে দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতাৰ ওপৰত উপ-প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰোভৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । য'ত তেওঁলোকে তামিলনাডুৰ কুডানকুলাম পাৰমাণৱিক শক্তি প্ৰকল্পৰ ভৱিষ্যৎ বিদ্যুৎ উৎপাদনকাৰী গোট নিৰ্মাণ সম্পৰ্কীয় কিছুমান অতি গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰৰ প্ৰতিনিধিত্ব কৰে । ইউক্ৰেইনত মস্কোৰ আক্ৰমণ স্বত্বেও ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী হৈ আছে । ভাৰতে এতিয়ালৈকে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিয়া নাই আৰু এই সংকট কূটনীতি আৰু আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগিব বুলি উল্লেখ কৰিছে ।

দুয়োখন দেশৰ যুদ্ধৰ পিচত বহুতো পশ্চিমীয়া দেশত অস্থিৰতা বৃদ্ধি হোৱা স্বত্বেও ভাৰতে ৰাছিয়াৰ খাৰুৱা তেলৰ আমদানি যথেষ্ট বৃদ্ধি কৰিছে ।

লগতে পঢ়ক :পুনৰ ইৰাণ সমৰ্থিত হুথিৰ আক্ৰমণক বিফল কৰিলে আমেৰিকাৰ সেনাই, 12 টা ড্ৰোন আৰু পাঁচটা মিছাইল ধ্বংস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.