ETV Bharat / international

Indian-origin boy Prajwal in core team of UK PM: ঋষি ছুনাকৰ মূল সমিতিত অন্তৰ্ভূক্ত ভাৰতীয় বংশোদ্ভৱ প্ৰজ্জ্বল পাণ্ডে

author img

By

Published : Nov 5, 2022, 10:41 PM IST

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ মূল সমিতিত (Core committee of UK PM) অন্তৰ্ভূক্ত ভাৰতীয় বংশোদ্ভৱ প্ৰজ্জ্বল পাণ্ডে ৷ প্ৰজ্জ্বলে ৰাষ্ট্ৰসংঘৰ মুখ্য বিজ্ঞানী আৰু হাউচ অৱ লৰ্ডছৰ সহকৰ্মীসকলৰ সৈতে জলবায়ু নীতিৰ খচৰা প্ৰস্তুত কৰাতো কাম কৰিছে ।

Indian-origin boy Prajwal Pandey
ঋষি ছুনাকৰ মূল সমিতিত অন্তৰ্ভূক্ত ভাৰতীয় বংশোদ্ভূৰ প্ৰজৱাল পাণ্ডে

ইন্টাৰনেছনেল ডেস্ক, 5 নৱেম্বৰ: ব্ৰিটেইনৰ প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ(UK PM Rishi Sunak) মূল সমিতিত অন্তৰ্ভূক্ত হৈছে ভাৰতীয় বংশোদ্ভৱ প্ৰজ্জ্বল পাণ্ডে ৷ প্ৰজ্জ্বল মূলতঃ বিহাৰৰ চিৱান জিলাৰ জিৰাদেই ব্লকৰ বাসিন্দা, যি হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মস্থান(Indian-origin boy Prajwal Pandey) । প্ৰজ্জ্বল ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ মূল সমিতিত অন্তৰ্ভুক্ত(Prajwal Pandey in core committee of UK PM ) হোৱাত তেওঁৰ গৃহভূমিৰ লগতে সমগ্ৰ দেশ গৌৰৱান্বিত । প্ৰজ্জ্বলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিল আৰু এতিয়া তেওঁৰ মূল সমিতিৰ সদস্য ।

প্ৰজ্জ্বলৰ পিতৃ ৰাজেশ পাণ্ডে ব্ৰিটেইনৰ প্ৰতিৰক্ষা কোম্পানীৰ এজন ছফ্টৱেৰ অভিযন্তা । তেওঁৰ ককাদেউতা বাগীশ দত্ত পাণ্ডে পৰিয়ালৰ সৈতে সিন্দ্ৰিত বাস কৰে । বাংগালুৰুত জন্মগ্ৰহণ কৰা প্ৰজ্জ্বলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ পূৰ্বে কনজাৰ্ভেটিভ পাৰ্টিৰ মূল প্ৰচাৰ সমিতিৰ বাবে অনলাইন আবেদন কৰিছিল(Prajwal Pandey is a member of Conservative Party) । তেওঁ 2019 চনত চেমচফৰ্ড যুৱ ৰণনীতি গোটৰ উপাধ্যক্ষ আৰু 2020 চনত এচেক্স জলবায়ু কাৰ্য আয়োগৰ সহ-অধ্যক্ষ নিৰ্বাচিত হৈছিল ।

প্ৰজ্জ্বলে ৰাষ্ট্ৰসংঘৰ মুখ্য বিজ্ঞানী আৰু হাউচ অৱ লৰ্ডছৰ সহকৰ্মীসকলৰ সৈতে জলবায়ু নীতিৰ খচৰা প্ৰস্তুত কৰাতো কাম কৰিছে । উল্লেখ্য যে, ইতিহাস ৰচনা কৰি ভাৰতীয় মূলৰ ঋষি ছুনাক 25 অক্টোবৰত ব্ৰিটেইনৰ প্ৰথম বৰ্ণবাদী ব্যক্তি আৰু ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ৷ তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ লগতে ২০০ বছৰৰ ভিতৰত আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপেও অভিলেখ গঢ়িছে । ঋষি ছুনাক ব্ৰিটিছ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাত সমগ্ৰ ভাৰতীয়ই গৌৰৱান্বিত অনুভৱ কৰে ৷ ঋষি ইনফোচিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ জোৱাই ৷

লগতে পঢ়ক: PM Modi congratulates Rishi Sunak : ৰোডমেপ ২০৩০ কাৰ্যকৰী কৰাৰ বাবে ইচ্ছুক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.