ETV Bharat / international

PM Modi Australia Visit : ছিডনীত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰে দ্বিপাক্ষিক বৈঠক মোডীৰ - australian pm anthony albanese

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বুধবাৰে অষ্ট্ৰেলিয়াৰ ছিডনীত আনুষ্ঠানিকভাৱে গাৰ্ড অব অনাৰ প্ৰদান কৰা হয় । উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডী বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে (PM Modi Australia Visit) । এই সময়ছোৱাত তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী এলবানিজৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয় ।

PM Modi Australia Visit
PM Modi Australia Visit
author img

By

Published : May 24, 2023, 12:41 PM IST

Updated : May 24, 2023, 1:41 PM IST

ছিডনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ইণ্টাৰনেচনেল ডেস্ক, ২৪ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বৰ্তমান অষ্ট্ৰেলিয়াত আছে (PM Modi Australia Visit) । তিনি দেশৰ ভ্ৰমণসূচী লৈ বিদেশ যাত্ৰা কৰা মোডীয়ে জাপান আৰু পাপুৱা নিউগিনি ভ্ৰমণ সামৰি অষ্ট্ৰেলিয়াত উপস্থিত হৈছেগৈ । ছিডনীত তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী আলবানিজৰ (Australian pm anthony albanese) সৈতে দুয়োখন দেশৰ মাজত থকা পাৰস্পৰিক বুজাবুজিৰ ভাগ-বতৰা কৰে ।

  • #WATCH | Prime Minister Narendra Modi and Australian Prime Minister Anthony Albanese hold a candid conversation in Sydney after the two leaders issued a joint press statement. pic.twitter.com/CTkN1N8uFn

    — ANI (@ANI) May 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, বুধবাৰে অনুষ্ঠিত প্ৰধানমন্ত্ৰী দুগৰাকীৰ দ্বিপাক্ষিক বৈঠকত তেওঁলোকে চলিত বছৰৰ শেষৰ ফালে অষ্ট্ৰেলিয়া-ভাৰত ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি শীঘ্ৰে সমাপ্ত কৰাৰ বাবে তেওঁলোকৰ অংশীদাৰিত্ব আৰু আকাংক্ষাৰ কথাও দোহাৰে (Pm modi bilateral meeting with australian pm) । বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী আলবানিজৰ সৈতে এক যুটীয়া সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "বিগত এটা বছৰত এয়া হৈছে আমাৰ ষষ্ঠ বৈঠক । এয়া হৈছে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ গভীৰতা আৰু পৰিপক্বতাৰ প্ৰতিফলন । ক্ৰিকেটৰ পৰিভাষাত ক'বলৈ গ'লে আমাৰ সম্পৰ্কই টি-২০ সংস্কৰণত প্ৰৱেশ কৰিছে । বেংগালুৰুত এক নতুন অষ্ট্ৰেলিয়ান কনছুলেট জেনেৰেল স্থাপনৰ কথা ঘোষণা কৰিবলৈ পাই মই সুখী । ই অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত ব্যৱসায় আৰু অন্যান্য সম্পৰ্ক উন্নত কৰিব ।"

  • #WATCH | We had constructive discussions on strengthening our strategic cooperation in the sectors of mining and critical minerals...We have decided to set up a task force on green hydrogen: PM Modi pic.twitter.com/JbZ30Qwekw

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয়, "মই আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ মন্দিৰসমূহত হোৱা আক্ৰমণৰ বিষয়ে আলোচনা কৰিছোঁ, বিচ্ছিন্নতাবাদী উপাদানসমূহৰ বিষয়ে বিস্তাৰিতভাৱে কথা পাতিছোঁ । আমি এনে কোনো উপাদানক স্বীকাৰ নকৰোঁ যিয়ে তেওঁলোকৰ কৰ্ম বা চিন্তাৰে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ বন্ধুত্বপূৰ্ণ আৰু মধুৰ সম্পৰ্কৰ হানি কৰিব পাৰে । প্ৰধানমন্ত্ৰী এলবানিজে আজি মোক পুনৰ এবাৰ আশ্বাস দিছে যে ভৱিষ্যতেও আমি এনে উপাদানসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম ।"

  • #WATCH | I am also pleased to announce the establishment of a new Australian Consulate General in Bengaluru which will help connect Australian businesses to India's booming digital and innovation ecosystem: Australian PM Anthony Albanese pic.twitter.com/EFrbeLmTDc

ইয়াৰ উপৰি মোডীয়ে কয় যে প্ৰধানমন্ত্ৰী এণ্টনী এলবানিজ আৰু সকলো অষ্ট্ৰেলিয়ান ক্ৰিকেট অনুৰাগীক এই বছৰৰ ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰতলৈ আমন্ত্ৰণ জনোৱা উচিত । সেই সময়ত আপোনালোকে ভাৰতত দেৱালীৰ বিশাল আয়োজনো দেখিবলৈ পাব । উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীক বুধবাৰে ছিডনীৰ এডমিৰেলটি হাউছত আনুষ্ঠানিকভাৱে গাৰ্ড অব অনাৰ প্ৰদান কৰা হয় । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে ছিডনীৰ এডমিৰেলটি হাউছত দৰ্শনাৰ্থীৰ বাবে থকা বহীত স্বাক্ষৰ কৰে ।

লগতে পঢ়ক :PM Modi in Australia : অষ্ট্ৰেলিয়াত প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি

Last Updated : May 24, 2023, 1:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.