ETV Bharat / international

Palestinians face impossible choice : ইজৰাইলৰ আক্ৰমণ অব্যাহত, ক'লৈ যাব গাজাৰ পেলেষ্টাইনীসকল ? - Evacuation of Gaza strip

গাজাৰ পেলেষ্টাইনীসকলৰ সন্মুখত ভয়ংকৰ প্ৰত্যাহ্বান । ইজৰাইলী সেনা বাহিনীয়ে সতৰ্ক কৰি দিয়াৰ পাছতে দক্ষিণলৈ পলায়ন কৰিছে হাজাৰ হাজাৰ লোক । অন্ধকাৰ ভৱিষ্যতক লৈ উদ্বিগ্ন গাজাৰ পেলেষ্টাইনীসকল ।

Palestinians face impossible choice
ইজৰাইলৰ আক্ৰমণ অব্যাহত, ক'লৈ যাব গাজাবাসী
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 12:42 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৪ অক্টোবৰ : গাজাৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণ অব্যাহত আছে । এই যুদ্ধই ইতিমধ্যে এসপ্তাহত ভৰি দিছে । ইজৰাইলৰ বিমান আক্ৰমণত গাজাৰ শৰণাৰ্থী শিবিৰসমূহো ধ্বংস হোৱা দেখা গৈছে । ইফালে ইজৰাইলে পেলেষ্টাইনীসকলক তেওঁলোকৰ ঠাই এৰিবলৈও সতৰ্ক কৰি দিছে । বহুতে সন্দেহ কৰিছে ইজৰাইলৰ নিৰ্দেশ অনুসৰি এনে পৰিস্থিতিত লোকসকলে গাজাৰ দক্ষিণলৈ স্থানান্তৰ হোৱা উচিত হ'ব নে নহয় ! নে তেওঁলোকে এই আক্ৰমণৰ পাছতো ঘৰতে থাকিব লাগে ? ভৱিষ্যতৰ কথা চিন্তা কৰি গাজাবাসীৰ মনত এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে । কিন্তু যি ধৰণে গাজাত ইজৰাইলে আক্ৰমণ অব্যাহত ৰাখিছে সকলো প্ৰশ্নৰ উত্তৰ এটাই তেওঁলোক গৃহহীন হ'বলৈ গৈ আছে !

গাজাৰ নাগৰিকসকল অৰ্থাৎ পেলেষ্টাইনীসকল ক'ত যাব ? এই সন্দৰ্ভত এগৰাকী স্বাস্থ্য কৰ্মী জামালে কৈছে যে এইটো এটা অস্তিত্বকৰ প্ৰশ্ন যাৰ কোনো উত্তৰ নাই । বৰ্তমান পৰিস্থিতিত কোনো সুৰক্ষিত আশ্ৰয় নাই, এনে কোনো ঠাই নাই যাক ঘেৰাও কৰা হোৱা নাই । যাবলৈ কোনো ঠাই নাই বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

উল্লেখ্য যে উত্তৰ গাজা আৰু গাজা চহৰৰ সাধাৰণ নাগৰিকসকলক এক আদেশ দি ইজৰাইলী সামৰিক বাহিনীয়ে প্ৰায় ১.১ নিযুত পেলেষ্টাইনীক ২৪ ঘণ্টা সময় দিছে । গাজাৰ উত্তৰ সীমান্তৰ সমীপত কেইবা হাজাৰ ইজৰাইলী সেনা সমবেত হৈ আছে । ইজৰাইলী যুদ্ধ বিমানবোৰৰ আকাশমাৰ্গত গৰ্জন শুনিবলৈ পোৱা গৈছে ।

কৰ্মচাৰীৰ সীমিত সংখ্যা আৰু চিকিৎসা সজুলিৰ দুৰ্বল যোগানৰ বাবে পেলেষ্টাইনী চিকিৎসকসকলো সমস্যাত পৰিছে । গাজাৰ আটাইতকৈ বৃহৎ চিকিৎসালয় চিফাক স্থানান্তৰ কৰাৰ কোনো উপায় নাই বুলি হাস্পতালখনৰ সাধাৰণ সঞ্চালক মহম্মদ আবু চেলিমে উল্লেখ কৰিছে । বিদ্যুতৰ যোগান হ্ৰাস হোৱাৰ লগে লগে চিকিৎসালয়খনত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে । হাস্পতালখনৰ ৬০০ গৰাকী ৰোগীক গাজাৰ আন কোনো স্থানত ৰখাৰো কোনো সুৰক্ষিত ঠাই নাই ।

ইজৰাইলে ভাবুকি প্ৰদান কৰাৰ লগে লগে গাজাৰ বহু নাগৰিক দক্ষিণৰ ফালে অগ্ৰসৰ হৈছে । ট্ৰেক্টৰ, ঘোঁৰাৰ গাড়ী আৰু গাধৰ গাড়ীৰে লোকসকলে ভ্ৰমণ কৰা দেখা গৈছে । ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমি. ডেনিয়েল হাগাৰীয়ে সাংবাদিকসকলক কোৱা মতে সাধাৰণ নাগৰিকসকলক কেনেদৰে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিব পাৰি তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ'ব । ইয়াৰ মাজতে আকৌ গাজাৰ হামাছ শাসকসকলেও লোকসকলক পলায়ন নকৰিবলৈ আহ্বান জনাইছে আৰু ইজৰাইলৰ বিৰুদ্ধে মানসিক যুদ্ধ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :Israeli attacks on Lebanon : লেবাননত ইজৰাইলী আক্ৰমণত নিহত ৰয়টাৰৰ ফটো সাংবাদিক; আহত ৬

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.