ইণ্টাৰনেশ্যনেল ডেস্ক, 8 আগষ্ট : পাকিস্তানত বন্ধ হোৱা নাই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা । বেলুচিস্তানৰ পাঞ্জগুৰত পুনৰ সংঘটিত হৈছে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা । য'ত কেন্দ্ৰীয় পৰিষদৰ (ইউ চি)ৰ অধ্যক্ষ ইষ্টিয়াক ইয়াকুবকে ধৰি 7 জন লোকৰ বিস্ফোৰণত মৃত্যু হয় । পাকিস্তানৰ পৰা প্ৰকাশিত ড’ন কাকতত প্ৰকাশিত বাতৰি অনুসৰি পাঞ্জগুৰৰ উপ আয়ুক্ত আমজাদ সোমৰ’ই এই কথা নিশ্চিত কৰিছে । ড’নত প্ৰকাশিত বাতৰি অনুসৰি, ইতিমধ্যে সোমবাৰৰ নিশা বেলুচিস্তানৰ পাঞ্জগুৰ জিলাত স্থাপন কৰা লেণ্ডমাইনটোৰ লক্ষ্য আছিল কেন্দ্ৰীয় পৰিষদৰ অধ্যক্ষ ইষ্টিয়াক ইয়াকুব কঢ়িয়াই অনা বাহনখন । এই আক্ৰমণত কেন্দ্ৰীয় পৰিষদৰ অধ্যক্ষকে ধৰি কমেও 7 জন লোক নিহত হয় ।
পাঞ্জগুৰৰ উপ আয়ুক্ত আমজাদ সোমৰ’ই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, দুষ্কৃতিকাৰীয়ে এখন বাহনক লক্ষ্য কৰি ৰিম’ট বিস্ফোৰক যন্ত্ৰ স্থাপন কৰিছিল । যাৰ লক্ষ্য আছিল ইউ চিৰ অধ্যক্ষৰ গাড়ী । তেওঁ জনোৱা মতে, বাহনখন বালগটাৰ অঞ্চলৰ চ’ক বজাৰত উপস্থিত হোৱাৰ লগে লগে যন্ত্ৰটো বিস্ফোৰিত হয় ৷ পাঞ্জগুৰৰ উপ আয়ুক্তৰ মতে, নিহত কেইজন মহম্মদ ইয়াকুব, ইব্ৰাহিম, ৱাজিদ, ফিদা হুছেইন, ছাৰফৰাজ আৰু হাইদৰ বুলি চিনাক্ত কৰা হৈছে । আটাইকেইজনেই বালতাগৰ আৰু পাঞ্জগুৰিৰ বাসিন্দা আছিল ।
বিস্ফোৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । ড’ন কাকতখনে এই সন্দৰ্ভত প্ৰকাশ কৰিছে যে সমগ্ৰ দেশতে বিশেষকৈ খাইবাৰ পখতুনখোৱা আৰু বেলুচিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে । নৱেম্বৰ মাহত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তানে চৰকাৰৰ সৈতে যুদ্ধবিৰতিৰ অন্ত পেলাইছিল ।
2014 চনৰ ছেপ্টেম্বৰ মাহত একেটা অঞ্চলতে ইছহাক বালাগত্ৰীৰ পিতৃ ইয়াকুব বালাগাট্ৰি আৰু তেওঁৰ 10 জন সংগীকো হত্যা কৰা হৈছিল । এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে নিষিদ্ধ বেলুচ লিবাৰেশ্যন ফ্ৰণ্টে । এক্সপ্ৰেছ ট্ৰিবিউনৰ প্ৰতিবেদন অনুসৰি আজিৰ এই ঘটনাত একেটা সংগঠনকে জড়িত থকাৰ সন্দেহ কৰিছে বিষয়াসকলে ।
লগতে পঢ়ক : Sexual offender news : ছিংগাপুৰত ভাৰতীয় মূলৰ লোকক ষ্ট্ৰ’কৰ শাস্তি ঘোষণা