ETV Bharat / international

Pak ex Army chief Bajwa : পূৰ্বৰ সেনা প্ৰধানেও ৩ বছৰ চাকৰি সম্প্ৰসাৰণ বিচাৰিছিল, প্ৰাক্তন পাক সেনা প্ৰধান বাজৱা

প্ৰতিবেদন অনুসৰি, ২০১৩ চনৰ পৰা ২০১৬ চনলৈ পাকিস্তানৰ সেনা প্ৰধান হিচাপে জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাহিল শ্বৰীফ তেওঁৰ পূৰ্বসূৰী আশফাক পাৰভাইজ কায়ানিয়ে আৰু উত্তৰাধিকাৰী বাজৱাৰ দৰে চাকৰিৰ কাৰ্যকালৰ সম্প্ৰসাৰণ পাবলৈ আগ্ৰহী আছিল (Pak ex Army chief Bajwa claims on extension) ।

author img

By

Published : Mar 30, 2023, 2:04 PM IST

Bajwa
Bajwa

ইণ্টাৰনেচনেল ডেস্ক, ৩০ মাৰ্চ : পাকিস্তানৰ প্ৰাক্তন সেনা প্ৰধান জেনেৰেল (অৱসৰপ্ৰাপ্ত) কামাৰ জাভেদ বাজৱাৰ বিস্ফোৰণ (Pakistans ex army chief Qamar Javed Bajwa) । জাভেদ বাজৱাৰ অভিযোগ, তেওঁৰ পূৰ্বসূৰীয়ে তদানীন্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ (former Pak PM Nawaz Sharif) বিৰুদ্ধে এক বাতৰি প্ৰতিবেদনৰ দ্বাৰা উদ্ভৱ হোৱা ৰাজনৈতিক বিতৰ্ক ব্যৱহাৰ কৰি নিজৰ কাৰ্যকাল আৰু তিনি বছৰ সম্প্ৰসাৰণ বিচাৰিবলৈ চেষ্টা কৰিছিল ।

বৃহস্পতিবাৰে এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই কথা কোৱা হৈছে । প্ৰতিবেদন অনুসৰি, ২০১৩ চনৰ পৰা ২০১৬ চনলৈ পাকিস্তানৰ সেনা প্ৰধান হিচাপে জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাহিল শ্বৰীফে তেওঁৰ পূৰ্বসূৰী আশফাক পাৰভাইজ কায়ানি আৰু উত্তৰাধিকাৰী বাজৱাৰ দৰে নিজৰ চাকৰিৰ কাৰ্যকালৰ সম্প্ৰসাৰণ পাবলৈ আগ্ৰহী আছিল (Pak ex Army chief Bajwa claims on extension) ।

তেওঁৰ কৰ্মজীৱনৰ শেষৰ ফালে ডন বাতৰিকাকতত প্ৰকাশিত এটা বাতৰিত দাবী কৰা হৈছিল যে চৰকাৰে সেনাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত তেওঁলোকক উগ্ৰপন্থীৰ বিৰুদ্ধে পদক্ষেপ ল'বলৈ কৈছিল । ইয়াৰ অন্যথা দেশখনে আন্তঃৰাষ্ট্ৰীয় বিচ্ছিন্নতাৰ সন্মুখীন হ'ব লাগিব বুলি ব্যক্ত কৰে । উক্ত বাতৰিটোৱে সংবাদ মাধ্যমত হৈ-চৈৰ সৃষ্টি কৰে আৰু সশস্ত্ৰ বাহিনীক ক্ৰোধান্বিত কৰি তোলে । কিয়নো ইয়াত অভিযোগ কৰা হৈছিল যে উগ্ৰপন্থী গোট আৰু সামৰিক বাহিনীৰ মাজত এটা সম্পৰ্ক আছে । তেতিয়া বিৰোধী নেতা ইমৰান খানে চৰকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল (former Pak PM Imran Khan)।

সাংবাদিক শ্বাহিদ মেইটলাৰ সৈতে বাজৱাৰ সাক্ষাৎকাৰৰ ওপৰত আধাৰিত আৰু বুধবাৰে বাতৰি ৱেবছাইট Pakistan24.tv-এ প্ৰকাশ কৰা উৰ্দু প্ৰবন্ধ অনুসৰি, বাজৱাই ডনত প্ৰকাশ পোৱা বাতৰিটো অনুযায়ী ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি কোনো ভাবুকি সৃষ্টি কৰাৰ ধাৰণাটো অস্বীকাৰ কৰে ।

"কিন্তু মই তেওঁলোকক য'তেই লগ পাইছিলোঁ, কনিষ্ঠ বিষয়াসকলে মোক সমস্যাটোৰ বিষয়ে সুধিছিল । মই তেতিয়া চৌধুৰী নিছাৰ (তদানীন্তন অভ্যন্তৰীণ মন্ত্ৰী) আৰু ইছাক দাৰৰ (তদানীন্তন বিত্ত মন্ত্ৰী) সৈতে কথা পাতি পৰামৰ্শ দিওঁ যে তেওঁলোকে সাংবাদিকসকলৰ ঘটনাসমূহ চিপিএনইলৈ (CPNE, Council of Pakistan Newspapers Editors) প্ৰেৰণ কৰিব ।" বাজৱাই কয় ।

লগতে পঢ়ক :Pak Twitter Accounts Blocked : টুইটাৰে ভাৰতত ব্লক কৰিলে পাকিস্তান চৰকাৰৰ একাউণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.