ETV Bharat / international

Israel Hamas War : গাজাত ইজৰাইলৰ দ্বিতীয় পৰ্যায়ৰ সামৰিক অভিযান আৰম্ভ - প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু

হামাছৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ যুদ্ধৰ বাবে সাজু হৈছে ইজৰাইল । প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে যুদ্ধ সম্প্ৰসাৰণৰ ঘোষণা কৰে । গাজাত এতিয়ালৈ ৭,৭০০ ৰো অধিক লোকৰ মৃত্যু ।

Israel Hamas War
গাজাত ইজৰাইলৰ দ্বিতীয় পৰ্যায়ৰ সামৰিক অভিযান আৰম্ভ
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 10:55 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ অক্টোবৰ : হামাছৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলে । প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে শনিবাৰে নিশা যুদ্ধ সম্প্ৰসাৰণৰ ঘোষণা কৰে । প্ৰধানমন্ত্ৰীগৰাকীৰ মতে ইজৰাইলে গাজালৈ স্থল বাহিনী প্ৰেৰণ কৰিছে । লগতে হামাছৰ বিৰুদ্ধে স্থল, বায়ু আৰু সাগৰৰ পৰাও আক্ৰমণ সম্প্ৰসাৰিত কৰিছে ।

প্ৰধানমন্ত্ৰীগৰাকীৰ মতে এই সামৰিক অভিযান দীঘলীয়া আৰু কঠিন হ'ব । ইফালে গাজাৰ বাসিন্দাসকলে যুদ্ধক লৈ ভয় আৰু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিছে । বোমাবর্ষণে গাজাৰ বেছিভাগ অঞ্চলত যোগাযোগ বিচ্ছিন্ন কৰিছে । ইয়াৰ ফলত আৱদ্ধ হৈ থকা ২.৩ নিযুত লোক বিশ্বৰ পৰা বিচ্ছিন্ন হৈ পৰিছে । আনহাতে ইজৰাইলী সামৰিক বাহিনীয়ে যুঁজৰ নতুন পৰ্যায়ত উপনীত হ'বলৈ সক্ষম হৈছে ।

ইয়াৰ মাজতে সামৰিক বাহিনীয়ে শনিবাৰে বিশেষ ফটো মুকলি কৰিছে । য'ত গাজাৰ মুকলি এলেকাবোৰত টেংকাৰবোৰ লাহে লাহে চলাচল কৰা দেখা গৈছে । সামৰিক বাহিনীয়ে দাবী কৰা মতে সীমান্তত যুদ্ধবিমানে হামাছৰ বহু সুৰংগ আৰু বাংকাৰত বোমা নিক্ষেপ কৰিছে । আনহাতে উদ্বিগ্ন পৰিয়ালৰ সদস্যসকলে শনিবাৰে নেতানিয়াহুক সাক্ষাৎ কৰে আৰু ইজৰাইলত বন্দী হৈ থকা পেলেস্তাইনী বন্দীসকলৰ বিনিময়ৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে ।

নেতানিয়াহুৱে ৰাষ্ট্ৰীয় টেলিভিছনত প্ৰচাৰিত সংবাদ সন্মিলনত কয় যে ইজৰাইলে সকলো বন্দীক ঘূৰাই আনিবলৈ সংকল্পবদ্ধ । বিস্তাৰিত স্থল অভিযানে ইজৰাইলক এই ক্ষেত্ৰত সহায় কৰিব বুলিও তেওঁ আশাবাদী । তেওঁ কয় যে সংবেদনশীলতা আৰু গোপনীয়তাৰ বাবে সকলোবোৰ তথ্য প্ৰকাশ কৰিব নোৱাৰি । তেওঁৰ মতে যুদ্ধৰ দ্বিতীয় পৰ্যায়ৰ উদ্দেশ্য হৈছে হামাছৰ সামৰিক আৰু চৰকাৰী সামৰ্থ ধ্বংস কৰা আৰু বন্দীসকলক ঘৰলৈ অনা ।

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে যুদ্ধ আৰম্ভ হোৱাৰ ৩ সপ্তাহৰ ভিতৰত গাজাত পেলেস্তাইনীসকলৰ মৃত্যুৰ সংখ্যা ৭,৭০০ তকৈও অধিক হৈছে । নিহতসকলৰ বেছিভাগেই মহিলা আৰু শিশু বুলিও মন্ত্ৰালয়ে দাবী কৰে ।

লগতে পঢ়ক :US News : নিষিদ্ধ আকাশমাৰ্গ ভংগ কৰি বাইডেনৰ বাসগৃহৰ সমীপত অসামৰিক বিমানৰ উৰণ, যুঁজাৰু বিমান প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.