ইন্টাৰনেশ্যনেল ডেস্ক, 7 জানুৱাৰী : আজি বাংলাদেশত ভোটগ্ৰহণৰ দিন ৷ তাৰ মাজতে শনিবাৰে নিশা দেশখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে হিংসাত্মক ঘটনা ৷ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে শুকুৰবাৰে সন্ধিয়াৰ পৰা শনিবাৰে পুৱালৈকে বাংলাদেশৰ 10 খন জিলাত অতি কমেও 14 টা ভোটকেন্দ্ৰ আৰু দুখন বিদ্যালয়ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে বুলি ঢাকা ট্ৰিবিউনৰ বাতৰিত প্ৰকাশ পাইছে ।
ঘটনা অনুসৰি, শনিবাৰে দুৰ্বৃত্তই লালমোনিৰহাটৰ হাতীবন্ধা উপ-জিলাৰ শ্বেখ সুন্দৰ মাষ্টাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰটোত অগ্নিসংযোগ কৰে ৷ ইফালে, শনিবাৰে ময়মনসিংহত এটা ভোটকেন্দ্ৰ জ্বলাই দিয়াৰ অভিযোগত পাঁচজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হয় ৷ শেহতীয়াকৈ অগ্নিসংযোগৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ৷ ইয়াৰ পূৰ্বেও বৃহস্পতিবাৰে পাঁচখন বিদ্যালয়ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷
মৌলৱী বজাৰ সদৰ উপ-জিলাৰ চাবিয়া চৰকাৰী প্ৰাথমিক বিদ্যালয়তো শুকুৰবাৰে নিশা প্ৰায় 8 বজাত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷ বিদ্যালয়খন মৌলৱী বজাৰ 3 সমষ্টিৰ এটা ভোটকেন্দ্ৰ আছিল । ঢাকা ট্ৰিবিউনৰ বাতৰি অনুসৰি, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুৰ গ'ফাৰ বাবলুৱে কয় যে, চাৰিজনীয়া দুৰ্বৃত্তই বিদ্যালয়খনত অগ্নিসংযোগ কৰাৰ ফলত বিদ্যালয়খনৰ বিস্তৰ ক্ষতি হয় ৷
হাবিগঞ্জতো শনিবাৰে দিনৰ প্ৰায় 12 বজাত চুনাৰুঘাট উপ-জিলাৰ ধলাইপাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷ চুনাৰুঘাট উপ-জিলাৰ নিৰ্বাচনী বিষয়া নীলিমা ৰায়হানাই কয় যে, এই ঘটনাৰ ফলত নিৰ্বাচনী সামগ্ৰী বা সঁজুলি ক্ষতিগ্ৰস্ত হোৱা নাই ৷
বাংলাদেশৰ গাজীপুৰ জিলাতো শনিবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত দুৰ্বৃত্তই দুটা ভোটকেন্দ্ৰত অগ্নিসংযোগ কৰে । কালিয়াকাইৰ উপ-জিলাৰ নিৰ্বাচনী বিষয়া আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়া হোছেইন মহম্মদ হাইয়ে কৈছিল যে, দুৰ্বৃত্তই পুৱাই কালিকাইৰ উপ-জিলাৰ বাষ্টলী চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ কাৰ্যালয় কোঠাত অগ্নিসংযোগ কৰিছিল । এতিয়া দেশখনৰ বিভিন্ন প্ৰান্ততত ভোটকেন্দ্ৰত দুৰ্বৃত্তই অংগ্নিসংযোগ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷
লগতে পঢ়ক : প্ৰতিবাদ, ধৰ্মঘটৰ মাজত আজি অনুষ্ঠিত হ’ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন