ETV Bharat / international

Jaishankar Italy visit : ইটালীৰ উপ-প্ৰধানমন্ত্ৰীৰ সৈতে কৌশলগত অংশীদাৰীত্ব সম্পৰ্কে আলোচনা জয়শংকৰৰ - deputy PM Italy

পৰ্তুগাল ভ্ৰমণৰ পাছত জয়শংকৰ ইটালীত উপস্থিত হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ইটালীৰ মন্ত্ৰী এণ্ট'নিঅ' তাজানিক সাক্ষাৎ কৰে । দুয়োখন দেশৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ আলোচনা কৰে ।

Jaishankar Italy visit
ইটালীৰ উপ-প্ৰধানমন্ত্ৰীৰ সৈতে কৌশলগত অংশীদাৰীত্ব সম্পৰ্কে আলোচনা জয়শংকৰৰ
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 1:22 PM IST

নেশ্যনেল ডেস্ক,৩ নৱেম্বৰ : ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ইটালী ভ্ৰমণৰ বাবে গৈছে । ইটালীত তেওঁ উপ-প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী এণ্ট'নিঅ' তাজানিৰ সৈতে এক বৈঠকত মিলিত হয় । তাৰ পাছত তেওঁ প্ৰব্ৰজন অংশীদাৰী চুক্তি আৰু সাংস্কৃতিক বিনিময় কাৰ্যসূচী সম্পৰ্কীয় কেইবাটাও চুক্তি স্বাক্ষৰ কৰে । দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ পৰিস্থিতি, ইউক্ৰেইন সংঘৰ্ষ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় বিষয়ৰ লগতে দেশসমূহৰ মাজত কৌশলগত অংশীদাৰীত্ব শক্তিশালী কৰাৰ বিষয়েও আলোচনা কৰে । দুয়োখন দেশে কৃষি-প্ৰযুক্তি, উদ্ভাৱন, মহাকাশ, প্ৰতিৰক্ষা আৰু ডিজিটেল ক্ষেত্ৰত সম্ভাৱনা অন্বেষণ কৰিবলৈও সন্মত হয় ।

  • A comprehensive and productive meeting this evening with DPM & FM @Antonio_Tajani.

    Conversed about deepening our strategic partnership. Agreed that potential in agro-tech, innovation, space, defence and the digital domain should be explored.

    Spoke about the West Asia… pic.twitter.com/P7OVnhhhIl

    — Dr. S. Jaishankar (@DrSJaishankar) November 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বৃহস্পতিবাৰে ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী গুইডো ক্ৰোচেটোক সাক্ষাৎ কৰি ভাৰত-ইটালীৰ প্ৰতিৰক্ষা অংশীদাৰীত্ব শক্তিশালী কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে । বুধবাৰে জয়শংকৰে ইটালীৰ চিনেট সদস্যসকলৰ সৈতেও আলোচনা কৰে । এই সময়ছোৱাত তেওঁ ইউক্ৰেইনত সংঘৰ্ষৰ পাছত বিশ্ব অৰ্থনীতিৰ ওপৰত ক'ভিড-১৯ মহামাৰীৰ প্ৰভাৱৰ ওপৰত বক্তব্য ৰাখে । তেওঁ কয় ই অতি বেদনাদায়ক ।

  • Pleased to meet Defence minister @GuidoCrosetto today.

    Agenda focused on taking forward our renewed defence and security partnership. Appreciated his assessments and valued his suggestions for defence industry cooperation. pic.twitter.com/LtRhsMbA2Y

ইজৰাইল-হামাছ যুদ্ধ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে সন্ত্ৰাসবাদ গ্ৰহণযোগ্য নহয় । ইয়াৰ লগতে, পেলেস্তাইনৰ সমস্যা সমাধান কৰা প্ৰয়োজন বুলিও আশা প্ৰকাশ কৰে । ইয়াৰ পূৰ্বে জয়শংকৰ ৩১ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ দুদিনৰ বাবে পৰ্তুগাল ভ্ৰমণত আছিল । ভাৰত আৰু ইটালীয়ে বন্ধুত্বপূৰ্ণ আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আৰু বহুমুখী দ্বিপাক্ষিক সহযোগিতা ৰক্ষা কৰি আহিছে ।

  • Began the Italy visit with a Senate interaction on our deepening partnership. Thank Sen. Giulio Terzi & Sen. Roberto Menia for co-chairing.

    Appreciated the warm sentiments for India across party lines. pic.twitter.com/5h0o7emd4a

এই বছৰৰ মাৰ্চ মাহত ইটালীৰ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণৰ সময়ত এই সম্পৰ্ক আৰু অধিক শক্তিশালী হৈছিল । ইটালী ইউৰোপীয় ইউনিয়নত ভাৰতৰ শীৰ্ষ ৫ টা বাণিজ্যিক অংশীদাৰৰ ভিতৰত অন্যতম । ৮০ৰ দশকৰ আৰম্ভণিৰ পৰাই বাণিজ্যৰ ভাৰসাম্য ভাৰতৰ পক্ষত আছে । ইটালীৰ ভাৰতীয় সম্প্ৰদায় হৈছে ব্ৰিটেইনৰ পাছত ইউৰোপত ভাৰতীয়সকলৰ দ্বিতীয় সৰ্ববৃহৎ সম্প্ৰদায় ।

  • Addressed the Indian Community in Portugal. Thank FM @JoaoCravinho for joining.

    Highlighted 🇵🇹’s contribution in promoting closer India-EU ties. The Porto 2021 Summit is a milestone.

    Recognized the relevance of the Migration and Mobility Partnership in a Global workplace.… pic.twitter.com/Gvp53w6zYX

    — Dr. S. Jaishankar (@DrSJaishankar) November 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক :Bhutan King Assam Visit : দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ভূটানৰ ৰজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.