ইণ্টাৰনেচনেল ডেস্ক, ২১ অক্টোবৰ : ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিয়ে শুকুৰবাৰে ঘোষণা কৰিছে যে তেওঁৰ সাংবাদিক সংগী এণ্ড্ৰিয়া জিয়াম্ব্ৰুনোৰ পৰা পৃথক হৈছে । "প্ৰায় ১০ বছৰ ধৰি চলি থকা এণ্ড্ৰিয়া জিয়ামব্ৰুনোৰ সৈতে মোৰ সম্পৰ্ক ইয়াতে সমাপ্ত হৈছে ।" মেলোনিয়ে তেওঁৰ ছচিয়েল মিডিয়া একাউণ্ট এক্সত এই বিষয়ে পোষ্ট কৰে ।
ইটালীৰ ৪৬ বছৰীয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "আমাৰ পথ কিছু সময়ৰ পৰা পৃথক হৈ গৈছে আৰু ইয়াক স্বীকাৰ কৰাৰ সময় আহি পৰিছে ।"
উল্লেখ্য যে জিয়ামব্ৰুনো আৰু মেলোনি বিবাহিত নহয় যদিও দীৰ্ঘদিনীয়া সংগী । তেওঁলোকৰ এটি সাত বছৰীয়া কন্যা সন্তান আছে । "আমি একেলগে অতিবাহিত কৰা সুন্দৰ বছৰবোৰৰ বাবে, আমি যিবোৰ অসুবিধা সত্ত্বেও সেইবোৰ অতিক্ৰমি সময় পাৰ কৰি আহিছোঁ আৰু মোক মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপহাৰ আমাৰ কন্যা গিনেভ্ৰাক দিয়াৰ বাবে তেওঁক ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ ।" তেওঁ পোষ্টটোত লিখিছে ।
ইটালীৰ ফ্ৰী-টু-এয়াৰ টেলিভিছন চেনেল ৰেট ৪এ-ত 'ডিয়াৰিঅ' ডেল জিঅৰ্নো' অনুষ্ঠানটো সঞ্চালনা কৰা জিয়াম্ব্ৰুনোৱে বিগত আগষ্টত এক সমালোচনাৰ সন্মুখীন হৈছিল । অনুষ্ঠানটোত তেওঁ পৰামৰ্শ দিছিল যে মহিলাসকলে অত্যধিক সুৰাপান নকৰিলে ধৰ্ষণৰ ঘটনা এৰাই চলিব পাৰে ।
আনহাতে, মেলোনীয়ে উক্ত খণ্ডটো প্ৰচাৰৰ পিছত কৈছিল যে তেওঁৰ সঙ্গীয়ে কৰা মন্তব্যৰ বাবে তেওঁৰ ওপৰত বিচাৰ চলোৱা উচিত নহয় । লগতে ভৱিষ্যতে তেওঁৰ আচৰণ সম্পৰ্কে কোনো প্ৰশ্নৰ উত্তৰ নিদিব বুলিও কয় । ইফালে এক্সত তেওঁৰ সঙ্গীৰ সৈতে বিচ্ছেদ সন্দৰ্ভত দিয়া বিবৃতিত ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "আমি যি আছিলোঁ সেয়া পৰিহাৰ কৰিম । মই আমাৰ বন্ধুত্ব ৰক্ষা কৰিম আৰু মই যিকোনো মূল্যত এগৰাকী সাত বছৰীয়া কন্যাক সুৰক্ষিত কৰিম । কাৰণ তেওঁ তেওঁৰ মাতৃক ভালপায়, পিতৃক ভালপায় । কিয়নো মই মোক নিজকে ভালপাবলৈ অক্ষম আছিলোঁ । এই বিষয়ে মোৰ আৰু একো ক'বলৈ নাই ।"
উল্লেখ্য যে ১৯৭৭ চনত ৰোমত জন্মগ্ৰহণ কৰা মেলোনিয়ে ১৫ বছৰ বয়সতে ইটালিয়ান ছ'চিয়েল মুভমেণ্টৰ (এমএছআই) যুৱ শাখাত যোগদান কৰিছিল । তেওঁ ২০১৫ চনত মিলানত জন্মগ্ৰহণ কৰা জিয়ামব্ৰুনোক লগ পাইছিল । তেওঁ এটা টিভি অনুষ্ঠানৰ লেখক হিচাপে কাম কৰি থকা সময়ত মেলোনি তাত উপস্থিত হৈছিল ।
লগতে পঢ়ক :Hamas Hostage Americans : হামাছে বন্দী কৰি ৰখা আমেৰিকান মাতৃ-কন্যাক মুক্তি; বাইডেনৰ স্বাগতম