ইণ্টাৰনেশ্যনেল ডেস্ক,৬ নৱেম্বৰ : নিজৰ স্থিতিত অটল আছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু । প্ৰধানমন্ত্ৰীগৰাকীয়ে গাজাত যুদ্ধবিৰতিৰ আহ্বান পুনৰ এবাৰ নাকচ কৰিছে । যেতিয়ালৈ সন্ত্ৰাসবাদী হামাছে বন্দী কৰা ২৪০ গৰাকী লোকক মুকলি কৰি দিয়া নহয় তেতিয়ালৈ যুদ্ধবিৰতিৰ কথা চিন্তা নকৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ।
প্ৰধানমন্ত্ৰী নেতান্যাহুৱে বায়ু সেনা ঘাটিত ইজৰাইলী সামৰিক বাহিনীকো সাক্ষাৎ কৰিছে আৰু তেওঁলোকক তেওঁলোকৰ শব্দকোষৰ পৰা 'যুদ্ধবিৰতি' শব্দ আঁতৰাবলৈ পৰামৰ্শ দিছে । লক্ষণীয়ভাৱে ইয়াৰ মাজতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে হামাছক সকীয়নি প্ৰদান কৰিছে আৰু হামাছৰ শীৰ্ষ নেতা য়িহাইহ ছিনৱাৰক হত্যা কৰাৰো প্ৰতিশ্ৰুতি দিছে ।
উল্লেখ্য যে যোৱা ৭ অক্টোবৰত ইজৰাইলত হামাছৰ আক্ৰমণৰ পাছতে এই সংঘৰ্ষই ভয়ংকৰ ৰূপ লৈছে । গাজাত হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাই নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে । হামাছক নিৰ্মূল কৰাৰো প্ৰতিশ্ৰুতি দিছে ইজৰাইলে । ইজৰাইল আৰু হামাছৰ যুদ্ধ দিনক দিনে বেয়াৰ ফালে ঢাল খাইছে । ইজৰাইল সেনাৰ স্থল আৰু বায়ু আক্ৰমণৰ ফলত গাজাত হাজাৰ হাজাৰ পেলেষ্টাইনীৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে । ইয়াৰ মাজতে হামাছেও ইজৰাইলক লক্ষ্য কৰি মিছাইল আক্ৰমণ অব্যাহত ৰাখিছে । ইয়াৰ উপৰিও বহু ইজৰাইলী সেনা, সাধাৰণ নাগৰিক আৰু বিদেশী নাগৰিককো হামাছে বন্দী কৰি ৰখাৰ দাবী কৰিছে ।
ইজৰাইলী সেনাই গাজাত স্থল আক্ৰমণৰ সময়ত হামাছৰ বহু গোপন স্থান আৰু সুৰংগ ধ্বংস কৰাৰ দাবী তুলিছে । গাজাৰ পৰা বহু নাগৰিক দক্ষিণলৈ স্থানান্তৰ হৈছে যদিও এতিয়াও বহু নাগৰিক গাজা ষ্ট্ৰিপৰ ওচৰে পাজৰে আছে । যাৰ বাবে বিভিন্ন দেশে এই যুদ্ধ পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে । আমেৰিকাকে ধৰি বিভিন্ন দেশে ইজৰাইলক যুদ্ধবিৰতিৰ বাবে আবেদনো জনাইছে । কিন্তু ইজৰাইলে কোনো পৰিস্থিতিতে যুদ্ধবিৰতি ঘোষণা নকৰাৰ স্থিতিত আছে ।
লগতে পঢ়ক:Hamas israel war: আকাশ মাৰ্গেৰে গাজাৰ শৰণাৰ্থী শিবিৰত অব্যাহত ইজৰাইলৰ আক্ৰমণ