ইন্টাৰনেশ্যনেল ডেস্ক , 17 জানুৱাৰী : ৰাছিয়া-ইউক্ৰেইন, ইজৰাইল-হামাছৰ যুদ্ধৰ পাচত ইৰাণ আৰু পাকিস্তানৰ মাজত হ’ব নেকি যুদ্ধ ! কাৰণ পাকিস্তানৰ ভূমিত সন্ত্ৰাসবাদীৰ ঘাটিত থকাৰ সন্দেহতে ইৰাণে পাকিস্তানত চলালে আক্ৰমণ ৷ ঘটনাৰ সন্দৰ্ভত সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, মঙলবাৰে ইৰাণে পাকিস্তানত আক্ৰমণ চলায় ৷ এই আক্ৰমণটো সন্ত্ৰাসবাদী গোট জইছ আল-আদলৰ ঘাটি কৰিছিল ৷ আই আৰ এন এ সংবাদ সংস্থাৰ মতে, ইৰাণে পাকিস্তানৰ ভূমিত থকা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণৰ বাবে মিছাইল আৰু ড্ৰোন ব্যৱহাৰ কৰিছিল ৷ এই আক্ৰমণত বৰ্তমানলৈ পাকিস্তানৰ 2 শিশু নিহত হোৱাৰ লগতে তিনিগৰাকী মহিলা আহত হৈছে বুলি জানিব পৰা গৈছে ।
আনহাতে ঘটনাৰ সন্দৰ্ভত প্ৰথমে পাকিস্তান চৰকাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল যদি মঙলবাৰে হোৱা ঘটনা কথা বুধবাৰে উল্লেখ কৰিলে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে ৷ তেওঁলোকে জনোৱা অনুসৰি, তেহৰাণৰ বিৰোধী এটা সন্ত্ৰাসবাদী গোটৰ মুখ্য কাৰ্যালয়ত ইৰাণে ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণ কৰে ৷ ফলত দেশখনত দুজন শিশু নিহত আৰু তিনিগৰাকী যুৱতী আহত হৈছে ।
উল্লেখ্য যে, 2012 চনত প্ৰতিষ্ঠা হোৱা জইছ আল-আদল যি এটা চুন্নী সন্ত্ৰাসবাদী গোট আছিল ৷ সন্ত্ৰাসবাদীৰ দলটোৱে পাকিস্তানৰ ভূমিত থাকি ইৰাণত বিভিন্ন কূটাঘাটমূলক কাৰ্য সংঘটিত কৰি আহিছিল ৷ সেয়ে পাকিস্তানৰ ভূমিত থকা সন্ত্ৰাসবাদীৰ ঘাটিত ইৰাণে মিছাইল আৰু ড্ৰোন আক্ৰমণ কৰে ৷
দীৰ্ঘদিনে ইৰাণে অভিযোগ কৰি আহিছিল যে, সন্ত্ৰাসবাদী গোটৰ দ্বাৰা ইৰাণৰ সীমান্তৰ পৰা ইৰাণৰ আৰক্ষীক অপহৰণ আৰু কূটাঘাট কাৰ্যত লিপ্ত হৈছিল ৷ কিন্তু ইৰাণে হঠাৎ পাকিস্তানত চলোৱা আক্ৰমণৰ ফলত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক বিঘ্নিত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে ৷ কাৰণ ইৰাণত সংঘটিত কূটাঘাটমূলক কাৰ্যকলাপত পাকিস্তানৰ সন্ত্ৰাসবাদী জড়িত আছে বুলি দাবী কৰি আহিছে ইৰাণে ৷ সেয়ে পাক চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও ইৰাণে হেঁচা প্ৰয়োগ কৰিছিল ৷ কিন্তু ইৰাণৰ অভিযোগক কোনো গুৰুত্ব দিয়া নাছিল পাক চৰকাৰে ৷ ফলতে মঙলবাৰে পাক ভূমিত থকা সন্ত্ৰাসবাদীৰ ঘাটিত ইৰাণে আক্ৰমণ চলোৱা বুলি বাতৰিত প্ৰকাশ পাইছে ৷
লগতে পঢ়ক : লোহিত সাগৰত হুথিৰ আক্ৰমণ; ভাৰতক পদক্ষেপ গ্ৰহণৰ আশ্বাস ইৰাণৰ ৰাষ্ট্ৰপতিৰ