ETV Bharat / international

গাজাৰ শ্বিফা চিকিৎসালয়ৰ ভিতৰত হামাছৰ সুৰংগ উদ্ধাৰ

ইজৰাইলী সেনাই শ্বিফা চিকিৎসালয়ত হামাছৰ সুৰংগ উদ্ধাৰ কৰিছে । চৌহদৰ ভিতৰত এখন বাহনত অস্ত্ৰ-শস্ত্ৰও পোৱা গৈছে । হামাছৰ বিৰুদ্ধে আন্তৰ্জাতিক আইন উলংঘনৰ অভিযোগ ইজৰাইলৰ ।

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 1:04 PM IST

Hamas terrorist tunnel
গাজাৰ শ্বিফা চিকিৎসালয়ৰ ভিতৰত হামাছৰ সুৰংগ উদ্ধাৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,১৭ নৱেম্বৰ : শেহতীয়াকৈ ইজৰাইলৰ সামৰিক বাহিনীয়ে দখল কৰা গাজাৰ শ্বিফা চিকিৎসালয়ত উদ্ধাৰ হৈছে হামাছ সন্ত্ৰাসবাদীৰ গোপন সুৰংগ । ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰা মতে চিকিৎসালয় চৌহদত হামাছৰ সুৰংগটো উদ্ধাৰ কৰা হৈছে । ইফালে প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰা মতে সেনাই ৰাণ্টিচি চিকিৎসালয়ত আন এটা সন্ত্ৰাসবাদী সুৰংগ বিচাৰি পাইছিল। আইডিএফে এক বিবৃতিত কৈছিল যে আল-কুদছ চিকিৎসালয়ত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ পোৱা গৈছিল ।

বিবৃতিটোত কোৱা হৈছে যে শালদাগ এছ এফ গোট, ৭ ম ব্ৰিগেড আৰু অতিৰিক্ত এছ এফ গোটে শ্বিফা চিকিৎসালয়ৰ ভিতৰত হামাছৰ সুৰংগৰ আন্তঃগাঁথনি ধৰা পেলাইছে । সেনা বাহিনীয়ে এখন আৱদ্ধ বাহনো উদ্ধাৰ কৰিছে । বাহনখনৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলি বিবৃতিটোত কোৱা হৈছে ।

  • 🔻Inside the Al-Quds Hospital, a large amount of weaponry and ammunition were found.

    This was all found over the past 24 hours.

    3/3 pic.twitter.com/ZTvLRfQcCo

    — Israel Defense Forces (@IDF) November 17, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইজৰাইলৰ সামৰিক বাহিনীয়ে সামাজিক মাধ্যমত আল-কুদছ চিকিৎসালয়ত উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ ফটো শ্বেয়াৰ কৰিছে । আইডিএফয়ে এক্সৰ পোষ্টত দাবী কৰা মতে আল-কুদছ চিকিৎসালয়ৰ ভিতৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদখিনি উদ্ধাৰ হৈছে ।

ইয়াৰ মাজতে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে যুদ্ধ বিমানেৰে দক্ষিণ লেবাননৰ আৰু কেইবাটাও হিজবুল্লাহৰ আত্মগোপনৰ স্থানত আক্ৰমণ কৰিছে । সামৰিক বাহিনীয়ে দাবী কৰা মতে উত্তৰ সীমান্তত হোৱা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ কৰা হৈছে ।

ইজৰাইলৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে গাজাৰ শ্বিফা চিকিৎসালয়ৰ পৰা হামাছ সন্ত্ৰাসবাদীয়ে কাৰ্যকলাপ কৰি আছিল । হামাছে আন্তৰ্জাতিক আইন উলংঘা কৰাৰ তথ্য এই চিকিৎসালয়বোৰত চলা অভিযানৰ পাছতে পোহৰলৈ আহিছে বুলি ইজৰাইলৰ সামৰিক বাহিনীয়ে দাবী কৰিছে । চিকিৎসালয়ৰ এমআৰআই কোঠাত এটা লেপটপ উদ্ধাৰ কৰা হৈছে আৰু ইজৰাইলী চোৰাংচোৱা সংস্থাৰ কৰ্মীসকলে লেপটপটো পৰীক্ষা কৰি আছে ।

লগতে পঢ়ক :Israel Attack on Gaza : গাজাৰ চিকিৎসালয়ত অস্ত্ৰ লুকুৱাই ৰাখিছে হামাছে; আইডিএফৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.