ETV Bharat / international

অভিভাৱকসকলৰ বাবে গুগলৰ সকিয়নি, নিজ সন্তানৰ ফটো তোলোতে সাৱধান হওক

author img

By

Published : Aug 22, 2022, 2:08 PM IST

Updated : Aug 22, 2022, 3:35 PM IST

এতিয়াৰ পৰা যিসকল অভিভাৱকৰ ফোন অথবা গুগল একাউণ্ট তথা গেলাৰীত নিজ শিশুৰ নগ্ন অথবা আপত্তিজনক ফটো থাকে সেইসমূহ একাউণ্ট অথবা ফোনত গুগলে কঠোৰ নজৰ ৰখাৰ লগতে একাউণ্টসমূহ বন্ধ কৰি দিয়া হ’ব (potential abuse over nude photos of kids )৷

Google AI flags parent account for potential abuse over nude photos of kid

ইণ্টাৰনেশ্যনেল ডেস্ক, 22 আগষ্ট: বৰ্তমান সময়ত সকলোৰে হাতে হাতে স্মাৰ্টফোন থকাটো এক সাধাৰণ কথা ৷ এই স্মাৰ্টফোনসমূহৰ যেনেকৈ ধনাত্মক দিশ আছে তেনেদৰে ঋণাত্মক দিশো আছে ৷ কিন্তু এতিয়াৰ পৰা স্মাৰ্টফোন ব্যৱহাৰকাৰীসকল সাৱধান হওক ৷ আপোনাৰ ফোন ব্যৱহাৰকাৰীৰ ওপৰত থাকিব গুগলৰ নজৰ (Google AI flags parent account for nude photos of kid)৷

শেহতীয়াকৈ গুগলৰ আৰ্টিফিচিয়েল ইনটেলিজেন্সে এক প্ৰতিবেদন প্ৰকাশ কৰি কয় যে, এতিয়াৰ পৰা যিসকল অভিভাৱকৰ ফোন অথবা গুগল একাউণ্ট তথা গেলাৰীত নিজ শিশুৰ নগ্ন অথবা আপত্তিজনক ফটো থাকে, সেইসমূহ একাউণ্ট অথবা ফোনত গুগলে কঠোৰ নজৰ ৰখাৰ লগতে একাউণ্টসমূহ বন্ধ কৰি দিয়া হ’ব (potential abuse over nude photos of kids ) ৷ ই লাগিলে ব্যৱহাৰকাৰীৰ ডিজিটেল লাইব্ৰেৰীৰ অংশ নহওকেই কিয় ৷ যদি এই ফটোসমূহৰ পৰা কোনো শিশুৰ জীৱনলৈ ভাবুকি আহে অথবা উৎপীড়নৰ বলি হোৱাৰ সম্ভাৱনা আছে সেইসমূহ একাউণ্টৰ বিৰুদ্ধে কঠোৰ হ’ব গুগল ৷

উল্লেখ্য যে কৰ’ণা মহামাৰীৰ সময়ত 2021 চনৰ ফেব্ৰুৱাৰীত সমগ্ৰ দেশজুৰি লকডাউন হৈ থকাৰ সময়তেই এগৰাকী মহিলাই নিজ সন্তানৰ ৰোগীয়া ফটো এখন তুলিছিল ৷ সেই ফটোখনত শিশুটোৰ শৰীৰত এটা চিন আছিল, ফলত গুগলে সেই ফটোখনত উৎপীড়নৰ ফটো বুলি গণ্য কৰিছিল ৷ ইয়াৰ পিছতে মহিলাগৰাকীৰ একাউণ্টটো বন্ধ কৰি দিছিল ৷ ইয়াৰ পিছতে শেহতীয়াকৈ গুগলে এই প্ৰতিবেদন দাখিল কৰি অভিভাৱকসকলক সকিয়নী প্ৰদান কৰিছে ৷

লগতে পঢ়ক: পুটিনৰ মগজুখ্যাত আলেকজেণ্ডাৰ ডুগিনৰ কন্যা ডাৰিয়া ডুগিনৰ ৰহস্যজনক মৃত্যু

Last Updated : Aug 22, 2022, 3:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.