ETV Bharat / international

Israel Hamas War : ইজৰাইলৰ সামৰিক অভিযান সম্প্ৰসাৰণ, গাজালৈ সৰ্বাধিক সাহায্য প্ৰেৰণ

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:26 AM IST

ইজৰাইলৰ সামৰিক বাহিনীয়ে গাজাত আক্ৰমণ অব্যাহত ৰাখিছে । ইজিপ্ত হৈ সাহায্য সামগ্ৰী ভৰ্তি বহু ট্ৰাক ইতিমধ্যে গাজাত প্ৰৱেশ কৰিছে । ইফালে পেলেস্তাইনীৰ মৃত্যুৰ সংখ্যা ৮,০০০ অতিক্ৰম কৰিছে ।

Israel Hamas War
গাজালৈ সৰ্বাধিক সাহায্য প্ৰেৰণ

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ অক্টোবৰ : গাজা ষ্ট্ৰিপত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ অব্যাহত আছে । ইয়াৰ মাজতে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পেলেস্তাইনীৰ মৃত্যুৰ সংখ্যা ৮,০০০ অতিক্ৰম কৰিছে । নিহত লোকসকলৰ বেছিভাগে মহিলা আৰু শিশু । ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতে ইতিমধ্যে টেংকাৰ আৰু সেনা বাহিনীয়ে যুদ্ধৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিছে । ইয়াৰ উপৰিও ইজৰাইলত ১,৪০০ ৰো অধিক লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে । দেওবাৰে নিশাও ইজৰাইলী বোমাবৰ্ষণ অব্যাহত আছে যাৰ বাবে গাজাত একপ্ৰকাৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে ।

ইয়াৰ মাজতে গাজাৰ সাধাৰণ নাগৰিকৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে । প্ৰায় তিনি ডজন ট্ৰাকে সৰ্ববৃহৎ সাহায্য সামগ্ৰী লৈ গাজাত প্ৰৱেশ কৰাৰ কথা জানিব পৰা গৈছে । কিন্তু কৰ্মচাৰীসকলৰ মতে হাজাৰ হাজাৰ লোকে এতিয়াও সাধাৰণ সাহায্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । সাহায্যৰ বাবে ৰৈ থকা লোকৰ তুলনাত সাহায্য সামগ্ৰী যথেষ্ট কম বুলিও উল্লেখ কৰা হৈছে ।

জানিব পৰা মতে দেওবাৰে পানী, খাদ্য আৰু ঔষধ কঢ়িয়াই অনা ৩৩ খন ট্ৰাকে ইজিপ্তৰ পৰা একমাত্ৰ সীমান্ত পাৰ হৈ গাজাত প্ৰৱেশ কৰিছে । ৰাফা ক্ৰছিং পৰিদৰ্শনৰ পাছত আন্তৰ্জাতিক অপৰাধ আদালতৰ মুখ্য অধিবক্তাই সাধাৰণ নাগৰিকৰ দুখ-কষ্ট অতি গভীৰ বুলি অভিহিত কৰে আৰু কয় যে তেওঁ গাজাত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই । অধিবক্তা কৰিম খানে কোৱা মতে ২০১৪ চনৰ পৰাই ইজৰাইল আৰু পেলেস্তাইনী কৰ্তৃপক্ষৰ কাৰ্যকলাপৰ তদন্ত কৰি থকা হৈছে ।

খানে ইজৰাইলক আন্তৰ্জাতিক আইন পালন কৰিবলৈও আহ্বান জনাইছিল । ইফালে তেওঁ হামাছৰ ৭ অক্টোবৰৰ আক্ৰমণক আন্তৰ্জাতিক মানৱীয় আইনৰ গুৰুতৰ উলংঘন বুলি অভিহিত কৰে ।

ইয়াৰ মাজতে ইজৰাইলী সামৰিক বাহিনীয়ে দেওবাৰে কোৱা মতে তেওঁলোকে যোৱা ২৪ ঘণ্টাত ৪৫০ তকৈও অধিক সন্ত্ৰাসবাদীৰ লক্ষ্যত আক্ৰমণ কৰিছে । সামৰিক মুখপাত্ৰই জনোৱা মতে এই আক্ৰমণত বহু সন্ত্ৰাসবাদী নিহত হৈছে । সামৰিক বিষয়াগৰাকীয়ে জনোৱা মতে ইজৰাইলৰ স্থল আক্ৰমণ তীব্ৰতৰ হৈ আছে । তেওঁ লগতে গাজাৰ বাসিন্দাসকলক দক্ষিণলৈ গৈ তাত সাহায্য সামগ্ৰী লাভ কৰিবলৈ আহ্বান জনায় ।

ইজৰাইলে দাবী কৰা মতে ইতিমধ্যে বহু লোকে দক্ষিণলৈ পলায়ন কৰিছে কিন্তু এতিয়াও হাজাৰ হাজাৰ লোক তাত ৰৈ গৈছে । আনহাতে হামাছৰ সামৰিক শাখাই কোৱা মতে পেলেস্তাইনী সন্ত্ৰাসবাদী আৰু ইজৰাইলী সেনাৰ সংঘৰ্ষ অব্যাহত আছে । সন্ত্ৰাসবাদীসকলে ইজৰাইললৈ ৰকেট নিক্ষেপ অব্যাহত ৰাখিছে । বাণিজ্যিক কেন্দ্ৰ তেল আভিভ লক্ষ্য কৰি লৈছে । আনহাতে আমেৰিকাইও গাজাৰ সাধাৰণ নাগৰিকৰ বাবে সাহায্য সামগ্ৰী প্ৰেৰণৰ প্ৰতিশ্ৰুতি দি আছে ।

লগতে পঢ়ক :Israel Hamas war: পেলেষ্টাইন সমৰ্থক সমাৱেশত হামাছৰ প্ৰাক্তন মুৰব্বীৰ অংশগ্ৰহণ; কেৰালা বিজেপিৰ নেতাৰ আশ্চৰ্য প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.