ETV Bharat / international

Israli Ground Attack : গাজাৰ চিকিৎসালয়ত ক্ৰমাৎ শেষ হৈ আহিছে ইন্ধন আৰু প্ৰাথমিক চিকিৎসা সামগ্ৰী

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 5:15 PM IST

যুদ্ধজৰ্জৰ গাজাৰ চিকিৎসালয়ত সংকটত ৰোগীৰ জীৱন ৷ সোমবাৰৰ ভিতৰত চিকিৎসালয়সমূহত ইন্ধন আৰু প্ৰাথমিক সামগ্ৰী শেষ হোৱাৰ আশংকা চিকিৎসকৰ ৷

গাজাৰ চিকিৎসালয়ত ক্ৰমাৎ শেষ হৈ আহিছে ইন্ধন আৰু প্ৰাথমিক সামগ্ৰী

নিউজ ডেস্ক, 15 অক্টোবৰ : যুদ্ধবিধ্বস্ত গাজাত অশনি সংকেত ৷ গাজাৰ চিকিৎসালয়সমূহৰ চিকিৎসকসকলে দেওবাৰে সতৰ্ক কৰি দিয়ে যে, যি সমূহ চিকিৎসালয়ত আঘাতপ্ৰাপ্ত লোকসকল ভৰ্তি হৈ আছে ইন্ধন আৰু প্ৰাথমিক সামগ্ৰী শেষ হৈ আহিছে ৷ সোমবাৰৰ ভিতৰত ইন্ধনসমূহ শেষ হোৱাৰ গুৰুতৰ সম্ভাৱনা আছে ৷ হামাছৰ ভয়ংকৰ আক্ৰমণৰ পিচতে গাজাত ইজৰাইলৰ বিমান আক্ৰমণে 7 দিনত ভৰি দিছেহি ৷ ইয়াৰ সমান্তাৰলকে গাজাৰ 2.3 নিযুত নাগৰিকে খাদ্য, পানী আৰু সুৰক্ষাৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ৷

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যুঁজ আৰম্ভ হোৱাৰ পিচত 2,329 জন পেলেষ্টাইনী নিহত হৈছে ৷ ইফালে ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি দেওবাৰলৈ ইজৰাইল আৰু হামাছৰ মাজত অব্যাহত থকা যুঁজত মৃতকৰ সংখ্যা তৃতীয় যুদ্ধত মৃত্যুৰ সংখ্যাৰ অতিক্ৰম কৰিছে ৷ 2014 চনৰ গ্ৰীষ্মকালত সংঘটিত হোৱা যুদ্ধত 1,462 জন সাধাৰণ লোকসহ 2,251 জন পেলেষ্টাইনী লোক নিহত হৈছিল ৷ সেই যুদ্ধ ছয় সপ্তাহ ধৰি চলিছিল ৷ সেই যুদ্ধত ইজৰাইল 74 জন লোক নিহত হৈছিল, যাৰ ভিতৰত আছিল ছয়জন সাধাৰণ লোক ৷ 1973 চনত ইজিপ্ত আৰু ছিৰিয়াৰ সৈতে হোৱা সংঘৰ্ষৰ পিচত ইজৰাইলত সংঘটিত হোৱা এইখন ভয়ংকৰ যুদ্ধ ৷

ইফালে ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, গাজাৰ চিকিৎসালয়সমূহত দুদিনৰ ভিতৰত জৰুৰীকালীন জেনেৰেটৰ বাবে ইন্ধন শেষ হোৱাৰ সম্ভাৱনা আছে ৷ সেয়ে হাজাৰ হাজাৰ ৰোগীৰ জীৱন বিপদত পেলাব পৰাৰ আশংকা কৰা হৈছে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, উত্তৰ গাজাৰ চিকিৎসালয়সমূহত 2,000 ৰো অধিক ৰোগীৰক স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ৷ এই স্থানান্তৰ ৰোগীসকলৰ বাবে মৃত্যুদণ্ডসদৃশ হ’ব পাৰে বুলি আশংকা কৰিছে ৷ এই ৰোগীসকলৰ ভিতৰত নৱজাতক আৰু সংকটজনক ৰোগীও আছে ৷ আল-চিফাৰ পিচত গাজাৰ দ্বিতীয় সৰ্ববৃহৎ খান ইউনুছ চহৰৰ নাছেৰ চিকিৎসালয়ত ICU ত আঘাতপ্ৰাপ্ত ৰোগী ভৰ্তি হৈ আছে, যাৰ অধিকাংশই তিনি বছৰৰ তলৰ শিশু ৷

এই যুদ্ধজৰ্জৰ পৰিস্থিতিত শ শ লোক আঘাতপ্ৰাপ্ত চিকিৎসালয়ত ভৰ্তি হৈছে ৷ এতিয়াও আইচিইউত 35 জন ৰোগী ভৰ্তি হৈ আছে, ৰোগীসকলক ভেণ্টিলেটৰত ৰখা হৈছে, আন 60 জন ডায়েলাইচিছত আছে ৷ যদি চিকিৎসালয়সমূহত ইন্ধন শেষ হয়, তেনেহ’লে সেৱাসমূহো বন্ধ হৈ পৰিব ৷

উত্তৰ গাজা ষ্ট্ৰিপৰ কামাল আলৱান চিকিৎসালয়ৰ শিশু ৰোগ বিশেষজ্ঞৰ মুৰব্বী ডাঃ হুচাম আবু চাফিয়াই কয় যে, যদি বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হয় তেন্তে এই সকলো ৰোগীৰ মৃত্যুৰ আশংকা আছে ৷ লগতে তেওঁ উল্লেখ কৰে যে, ইজৰাইলৰ নিৰ্দেশ স্বত্বেও ৰোগীসকলৰ জীৱনক বিপদলৈ ঠেলি দি চিকিৎসালয়খন খালী কৰা হোৱা নাই ৷ ৰোগীসকলক এই যুদ্ধকালীন পৰিস্থিতিত অন্য ঠাইলৈ স্থানান্তৰ কৰাৰ কোনো উপায় নাছিল ৷ চিকিৎসালয়খনৰ আইচিইউত এতিয়াও সাতটা নৱজাতক আছে যি ভেণ্টিলেটৰত আছে ৷ তেওঁলোকক এই পৰ্যায়ত স্থানান্তৰ কৰাটো সম্ভৱপৰ নহয় ৷

লগতে পঢ়ক: Israli Ground Attack : ইজৰাইলৰ স্থল আক্ৰমণ; উত্তৰ গাজাৰ পৰা পলায়ন পেলেষ্টাইনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.