ETV Bharat / international

Elon Mask at Twitter HQ : হাতত চিংক লৈ টুইটাৰৰ মুখ্য কাৰ্যালয়ত এলন মাস্ক

author img

By

Published : Oct 27, 2022, 10:55 AM IST

এলন মাস্ক হঠাৎ বুধবাৰে ছান ফ্ৰান্সিস্কোস্থিত টুইটাৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় (Elon Musk at Twitter Headquarters)। কাৰ্যালয়লৈ তেওঁ হাতত এটা চিংক লৈ গৈছিল । যি দেখি সকলো আচৰিত হৈছিল । এলন মাস্কৰ ভিডিঅ'টো সম্প্ৰতি সামাজিক মাধ্যমত শ্বেয়াৰ হৈছে ।

Elon Mask at Twitter HQ
হাতত চিংক লৈ টুইটাৰৰ মুখ্য কাৰ্যালয়ত এলন মাস্ক

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ অক্টোবৰ : টেছলাৰ মুৰব্বী এলন মাস্কে (Tesla CEO Elon Musk) টুইটাৰ ক্ৰয় কৰা নকৰাক লৈ বিভিন্ন মহলত বিতৰ্ক অব্যাহত আছে । তেনে বিতৰ্কৰ মাজতে হঠাৎ টুইটাৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় এলন মাস্ক (Elon Musk at Twitter Headquarters)। যিয়ে সকলোকে আচৰিত কৰি তুলিছে । এলন মাস্কে টুইটাৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ হৈছে । লগে লগে এই ভিডিঅ'টো ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে (Elon Musk viral video)।

উল্লেখ্য যে আদালতৰ নিৰ্দেশ অনুসৰি, এলন মাস্ক আৰু টুইটাৰৰ ৪৪ বিলিয়ন ডলাৰৰ চুক্তি শুকুৰবাৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব । ইফালে, মাস্কে তেওঁৰ টুইটাৰ বায়োত কেইবাটাও পৰিৱৰ্তন কৰিছে । তেওঁ প্ৰথমে তেওঁৰ টুইটাৰ প্ৰফাইলত লোকেশ্যনত 'টুইটাৰ হেডকোৱাৰ্টাৰ' লিখিছিল। তাৰ পাছত তেওঁ বিবৰণত 'মুখ্য টুইট' লিখিছিল ।

টুইটাৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত কেমেৰাত বন্দী হোৱা ভিডিঅ'টো এলন মাস্কে টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰিছে । যিটো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে । এলন মাস্কে শ্বেয়াৰ কৰা ভিডিঅ'টোত দেখা ধৰণে টুইটাৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত মাস্কে হাতত এটা চিংক লৈ আহিছিল ।

তেওঁ নিজেই চিংকটো হাতত লৈ কাৰ্যালয়ত প্ৰৱেশ কৰিছে (Elon Musk at Twitter headquarters with a sink)। তেওঁ ভিডিঅ'টোৰ শিৰোনামত লিখিছিল, "টুইটাৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ–এইটো ডুবিবলৈ দিয়ক !"

ইফালে টুইটাৰৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ এদিন পূৰ্বে, এলন মাস্কে মঙলবাৰে চুক্তিত পুঁজি যোগান ধৰা বেংকৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছিল । বুধবাৰে, টুইটাৰৰ মুখ্য মাৰ্কেটিং বিষয়াই কৰ্মচাৰীসকলক মেইলযোগে জনাইছিল যে মাস্কে কৰ্মচাৰীসকলক সম্বোধন কৰিবলৈ এই সপ্তাহতে চান ফ্ৰান্সিস্কোৰ মুখ্য কাৰ্যালয়লৈ ভ্ৰমণ কৰিব ।

অৱশ্যে শুকুৰবাৰলৈ সকলো কথা পোহৰলৈ আহিব । কিয়নো ডেলাৱেৰ চাঞ্চেৰী আদালতৰ ন্যায়াধীশ কেথলিন মেককৰ্মিকে মাস্কক ২৮ অক্টোবৰ অৰ্থাৎ শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত চুক্তিটো (Deal between Elon Musk and Twitter) সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক :UK PM Rishi Sunak: ব্ৰিটেইনৰ প্ৰথম হিন্দু প্ৰধানমন্ত্ৰী ঋষি ছুনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.