ETV Bharat / international

Rafah Crossing Open : বিডেনৰ অনুৰোধত ৰাফা ক্ৰছিং খুলিবলৈ সন্মত ইজিপ্ত

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 1:43 PM IST

ইজিপ্ত আৰু গাজা সংযোগী ৰাফা ক্ৰছিং খুলি দিবলৈ সন্মত হৈছে ৰাষ্ট্ৰপতি অল-চিচি । হামাছে জব্দ কৰিলে আমেৰিকাই ইয়াৰ যোগান বন্ধ কৰিব । বিডেনৰ ইজৰাইল ভ্ৰমণৰ উদ্দেশ্য আছিল গাজাবাসীক মানৱীয় সাহায্য প্ৰদান কৰা ।

Rafah Crossing Open
বিডেনৰ অনুৰোধত ৰাফা ক্ৰছিং খুলিবলৈ সন্মত ইজিপ্ত

ইণ্টাৰনেশ্যনেল ডেস্ক,১৯ অক্টোবৰ : গাজাবাসীক মানৱীয় সাহায্য প্ৰদান কৰিবলৈ আমেৰিকাই প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনৰ । তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে ইতিমধ্যে ইজিপ্তৰ ৰাষ্ট্ৰপতি অল-চিচিয়ে গাজাক মানৱীয় সাহায্য প্ৰদান কৰাৰ আমেৰিকাৰ প্ৰচেষ্টাত সহযোগিতা আগবঢ়াইছে । সাহায্য ভৰ্তি ২০ খন ট্ৰাকক ৰাফা সীমান্ত পাৰ হ'বলৈ ইতিমধ্যে ইজিপ্তৰ ৰাষ্ট্ৰপতিয়ে অনুমতি প্ৰদান কৰিছে । এয়াৰ ফৰ্চ ৱানত বিডেনে সাংবাদিকসকলক কয় যে তেওঁ ইজৰাইল ভ্ৰমণ কৰাৰ মুখ্য উদ্দেশ্য আছিল গাজাত মানৱীয় সাহায্য পোৱাটো নিশ্চিত কৰা । তেওঁ নিশ্চিত কৰিব বিচাৰিছিল যাতে মানৱীয় সাহায্য প্ৰদানৰ বাবে এক দ্ৰুত পৰিবহন ব্যৱস্থা স্থাপন কৰিব পাৰি ।

বিডেনে কয় যে ইজিপ্তৰ ৰাষ্ট্ৰপতিয়ে সীমান্তৰ ক্ৰছিং খুলিবলৈ সন্মত হৈছে আৰু ২০ খন ট্ৰাকৰ প্ৰাৰম্ভিক গোটটোক মানৱীয় সহায়ৰ সৈতে ভিতৰলৈ যাবলৈ দিছে । অৱশ্যে ৰাষ্ট্ৰপতিগৰাকীৰ মতে যদি হামাছে সাহায্য জব্দ কৰে তেনেহ'লে এই সাহায্য অভিযান বন্ধ কৰা হ'ব ।

হোৱাইট হাউচৰ বিষয়াসকলে কয় যে শুকুৰবাৰৰ পৰা সাহায্য সামগ্ৰী লাভ কৰিবলৈ সক্ষম হ'ব । ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত ভাঙি যোৱা সীমান্তৰ ওপৰৰ এটা পথ ইজিপ্তে মেৰামতি কৰিব লাগিব বুলিও বিষয়াসকলে উল্লেখ কৰে । উত্তৰ ছিনাইৰ ৰেড ক্ৰিছেণ্টৰ মুৰব্বী খালিদ জায়েদে কয় যে ২০০ তকৈও অধিক ট্ৰাক আৰু প্ৰায় ৩,০০০ টন সাহায্য ইজিপ্ত আৰু গাজাৰ একমাত্ৰ যোগাযোগ স্থল ৰাফা ক্ৰছিঙত ওচৰত আছে ।

অৱশ্যে দেশ এৰিব বিচৰা বিদেশী আৰু দ্বৈত নাগৰিকসকলক যাবলৈ অনুমতি দিয়া হ'ব নেকি বুলি সোধাত ইজিপ্তৰ বৈদেশিক মন্ত্ৰী চামে শৌক্ৰিয়ে সংবাদ মাধ্যমক কয় যে সমগ্ৰ প্ৰক্ৰিয়াসমূহ ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত সম্পন্ন কৰা হ'ব । তেওঁ উল্লেখ কৰা মতে ক্ৰছিং স্বাভাৱিকভাৱে চলি আছে আৰু ক্ৰছিঙৰ সুবিধাবোৰৰো মেৰামতি কৰা হৈছে ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ে কোৱা মতে বিডেনৰ অনুৰোধৰ পাছত এক সিদ্ধান্তত অনুমোদন জনোৱা হৈছে । কোৱা হৈছে যে ইজৰাইলে ইজিপ্তৰ পৰা খাদ্য, পানী বা ঔষধ বিতৰণ বন্ধ নকৰে যেতিয়ালৈকে তেওঁলোক গাজা ষ্ট্ৰিপৰ দক্ষিণৰ সাধাৰণ লোকৰ মাজতে সীমাবদ্ধ থাকে আৰু হামাছ ওচৰলৈ নাযায় । বিবৃতিটোত ইন্ধনৰ কোনো উল্লেখ কৰা হোৱা নাই যদিও এই ইন্ধন চিকিৎসালয়ৰ জেনেৰেটৰৰ বাবে অতি প্ৰয়োজনীয় ।

লগতে পঢ়ক :Israleli Hamas attack: গাজা আৰু পশ্চিম তীৰলৈ ১০০ মিলিয়ন ডলাৰ সাহায্য ঘোষণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.