ইণ্টাৰনেশ্যনেল ডেস্ক, 22 নৱেম্বৰ : বৰভূঁইকপে জোঁকাৰি গ’ল ছলমন দ্বীপপুঞ্জৰ মালাংগোৰ দক্ষিণ-পশ্চিম দিশ (Earthquake in Solomon Island )৷ মঙলবাৰে দ্বীপপুঞ্জটোত অনুভূত হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য ৭.৩ ৰিখটাৰ স্কেলৰ বুলি আমেৰিকাৰ ভূতাত্ত্বিকে প্ৰকাশ কৰিছে ।
ভাৰতীয় সময় অনুসৰি মঙলবাৰৰ পুৱা প্ৰায় 2 বাজি 3 মিনিটত অনুভূত হয় এই ভূমিকম্পৰ জোঁকাৰণি ৷ ভূমিকম্পটোৰ অভিকেন্দ্ৰ সমুদ্ৰপৃষ্ঠৰ ১৫ কিলোমিটাৰ গভীৰত বুলি জানিব পৰা গৈছে ।
লগতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ ৯.৭৯০ ডিগ্ৰী দক্ষিণ দ্ৰাঘিমাংশ আৰু ১৫৯.৬০১ ডিগ্ৰী পূব দ্ৰাঘিমাংশ বুলি নিৰ্ণয় কৰা হৈছে । ভূমিকম্পটোৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷
আনহাতে লাডাখৰ কাৰ্গিলৰ পৰা ১৯১ কিলোমিটাৰ উত্তৰতো মঙলবাৰে ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয় ৷ পুৱা ১০:০৫ বজাত অনুভূত ভূমিকম্পটোৰ প্ৰাৱল্য ৪.৩ ৰিখটাৰ স্কেলৰ বুলি ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে (Earthquake in Kargil)।
লগতে পঢ়ক : Jakarta Earthquake tremors : জাকাৰ্টাত ভূমিকম্পত 88 নিহত আৰু 300 আহত