ETV Bharat / international

Earthquake in Tajikistan : তুৰস্কৰ পাচত এইবাৰ তাজিকিস্তানত ভূমিকম্প - Murghob in Tajikistan

ভূমিকম্পৰ ভয়াৱহতাৰ পৰা এতিয়াও মুক্ত হ'ব পৰা নাই তুৰস্ক (Turkey earthquake)। ইয়াৰ মাজতে মধ্য এছিয়াৰ তাজিকিস্তানত ৬.৮ প্ৰাবল্যৰ ভূমিকম্প । কোনো ক্ষয়ক্ষতিৰ তথ্য এতিয়ালৈ পোৱা হোৱা নাই ।

Earthquake in Tajikistan
তুৰস্কৰ পাছত এইবাৰ তাজিকিস্তানত ভূমিকম্প
author img

By

Published : Feb 23, 2023, 8:33 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ ফেব্ৰুৱাৰী : তুৰস্ক আৰু ছিৰিয়াৰ পাচত এইবাৰ মধ্য এছিয়াৰ তাজিকিস্তানত শক্তিশালী ভূমিকম্প (Earthquake jolts Murghob Tajikistan)। ৬.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল তাজিকিস্তানৰ এটা পাতল জনবসতিপূৰ্ণ অঞ্চল । চীনৰ পশ্চিম জিনজিয়াং অঞ্চলৰ সমীপৰ তাজিকিস্তানত বৃহস্পতিবাৰে পুৱতি নিশা ৬.৮ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি তাজিকিস্তানৰ মুৰ্গোবৰ পৰা ৬৭ কিলোমিটাৰ (৪১ মাইল) পশ্চিমে আৰু সমতলৰ পৰা ২০ কিলোমিটাৰ (১২ মাইল) গভীৰতাত এই ভূমিকম্পৰ উৎপত্তিস্থলী আছিল (Earthquake in Tajikistan)। মুৰ্গোব হৈছে পামিৰ পৰ্বতমালাৰ অন্তৰ্গত মাত্ৰ কেইহাজাৰমান লোকে বাস কৰা জিলা সদৰ ।

স্থানীয় বিষয়াসকলে ৰাজ্যিক সংবাদ মাধ্যমৰ খবৰৰ ভিত্তিত জনাই যে, জিনজিয়াঙৰ কাশগৰ প্ৰিফেকচাৰ আৰু কিজিলচু কিৰগিজ স্বায়ত্তশাসিত অঞ্চলৰ কিছুমান স্থানত সীমান্তৰ সিপাৰে ভূমিকম্পটো শক্তিশালীভাৱে অনুভৱ কৰা গৈছে (Earthquake near China border)। কিন্তু এতিয়ালৈকে কোনো হতাহত বা ক্ষয়ক্ষতিৰ খবৰ পোৱা হোৱা নাই ।

চীনৰ ভূমিকম্প নেটৱৰ্ক কেন্দ্ৰই কোৱা মতে ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.২ আছিল আৰু ইয়াৰ গভীৰতা আছিল ১০ কিলোমিটাৰ (৬ মাইল) । অৱশ্যে বিভিন্ন সংস্থাৰ তথ্য প্ৰায়ে পৃথক হোৱা দেখা যায় ।

উল্লেখ্য যে, তুৰস্কৰ শক্তিশালী ভূমিকম্পৰ ভয়াৱহতা মাৰ নৌযাওঁতে পুনৰ তাজিকিস্তানত হোৱা ভূমিকম্পই চিন্তিত কৰি তুলিছে বিশ্ববাসীক । জানিব পৰা মতে এতিয়ালৈ তুৰস্কত ভূমিকম্পৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৪১ হাজাৰ অতিক্ৰম কৰিছে (Turkey earthquake)। এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । কৰ্তৃপক্ষই উল্লেখ কৰা মতে ভূমিকম্পৰ পৰা ৰক্ষা পৰা লাখ লাখ লোকক মানৱীয় সহায়ৰ প্ৰয়োজন ।

ইফালে প্ৰচণ্ড শীতৰ বাবে বহু লোক গৃহহীন হৈ পৰিছে । উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে । জানিব পৰা মতে তুৰস্কৰ দহখন প্ৰদেশৰ ভিতৰত ৮ খন প্ৰদেশত উদ্ধাৰ অভিযান সমাপ্ত হৈছে । যোৱা সোমবাৰে পুনৰ তুৰস্কত ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল । দক্ষিণ প্ৰদেশৰ হাতাইত হোৱা এই ভূমিকম্পত ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২১৩ গৰাকী লোক আহত হৈছিল ।

ইফালে ৬ ফেব্ৰুৱাৰীৰ ভয়ংকৰ ভূমিকম্পৰ ফলত ধ্বংসস্তূপত পৰিণত হোৱা বহু স্থানতো এই ভূমিকম্পই পুনৰ আঘাত কৰা দেখা গৈছে । মাহৰ আৰম্ভণিতে হোৱা ভূমিকম্পৰ ফলত একপ্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে তুৰস্ক ।

লগতে পঢ়ক :New quake hits battered Turkey: পুনৰ আন এক ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.