ETV Bharat / international

ডুবাইবাসী অসমীয়াক মাতৃভূমিৰ প্ৰতি সদায় দায়বদ্ধ হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ - মাতৃভূমিৰ প্ৰতি সদায় দায়বদ্ধ হোৱা

ডুবাইত প্ৰবাসী অসমীয়াসকলৰ সৈতে মত-বিনিময়ৰ অন্তৰংগ অনুষ্ঠানত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal in UAE) । পূণ্যভূমি ভাৰতবৰ্ষ তথা অসমী আইৰ প্ৰতি সদায় দায়বদ্ধ হৈ মাতৃভূমিৰ হিতৰ বাবে চিন্তা কৰি আৰু অৰিহণা আগবঢ়াই কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ প্ৰবাসী অসমীয়াসকলক সোণোৱালে আহ্বান জনায় (Sarbananda Sonowal meets Assamese people in Dubai)।

Central minister Sarbananda Sonowal interacts with Assamese community in Dubai

author img

By

Published : Aug 24, 2022, 9:52 PM IST

নিউজ ডেস্ক, 24 আগষ্ট: গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচী লৈ ইৰাণ ভ্ৰমণ সামৰি সংযুক্ত আৰৱ এমিৰেট (ইউ এ ই) ভ্ৰমণ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Sarbananda Sonowal UAE visit) ৷ ডুবাইত প্ৰবাসী অসমীয়াসকলৰ সৈতে মত-বিনিময়ৰ অন্তৰংগ অনুষ্ঠানত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীগৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰে সংযুক্ত আৰৱ এমিৰেটৰ প্ৰবাসী অসমীয়া সমাজ (Sarbananda Sonowal meets Assamese people in Dubai)। অসমৰ জাতীয় সংগীতেৰে আৰম্ভণি হোৱা অনুষ্ঠানটোত সৰ্বানন্দ সোণোৱালৰ সৈতে সংযুক্ত আৰৱ এমিৰেটৰ সুপ্ৰতিষ্ঠিত বহুতো অসমীয়া লোক উপস্থিত থাকে ।

Central minister Sarbananda Sonowal interacts with Assamese community in Dubai
ডুবাইত প্ৰবাসী অসমীয়াৰে অন্তৰংগ আলাপ সৰ্বানন্দ সোণোৱালৰ

অনুষ্ঠানত সোণোৱালে কয়, "কৰ্মসূত্ৰে বহু অসমীয়া দেশে-বিদেশে নিয়োজিত হৈ থাকিলেও মাতৃভূমিৰ টানে সকলোকে একাত্ম কৰি ৰাখিছে । এইসকল প্ৰবাসী অসমীয়াক যেতিয়াই লগ পাওঁ, আপোনত্ব অনুভৱ কৰোঁ । শেহতীয়াভাৱে চৰকাৰী কাৰ্যসূচী লৈ ডুবাইলৈ আহি প্ৰবাসী অসমীয়াসকলক লগ পাই মই অতিকৈ আপ্লুত হৈছোঁ । বিদেশৰ মাটিত বহু অসমীয়াই কৰ্মদক্ষতাৰে সংস্থাপিত হোৱা দেখিলে মনটো আনন্দত উথলি উঠে" (Interaction program in UAE by Assamese community) ৷

লগতে পঢ়ক: যান বাহন আইন মানিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ইউ এ ইৰ সৈতে সামুদ্ৰিক আৰু বন্দৰ সম্পৰ্কীয় তথা অন্যান্য দ্বি-পাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে সদিচ্ছাৰে কেনেধৰণৰ পদক্ষেপ হাতত লৈছে, সেই সন্দৰ্ভত সোণোৱালে প্ৰবাসী অসমীয়া সমাজক অৱগত কৰে আৰু সংশ্লিষ্ট বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে (Sarbananda Sonowal foreign tour news) ।

ডুবাইত সৰ্বানন্দ সোণোৱাল
মহাবাহু ব্ৰহ্মপুত্ৰৰ সুযোগ-সম্ভাৱনাক অসম তথা দেশৰ হিতৰ বাবে উন্মুক্ত কৰাত ভাৰত চৰকাৰে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে বুলি এজন প্ৰবাসী অসমীয়াই সোধা উত্তৰত সৰ্বানন্দ সোণোৱালে কয় যে, এসময়ত ব্ৰহ্মপুত্ৰ বেপাৰ-বাণিজ্যৰ বাবে উল্লেখযোগ্য পৰিবহণৰ মাধ্যম আছিল যদিও স্বাধীনতাৰ পৰৱৰ্তীকালত এই গৰিমা স্তিমিত হৈ পৰিছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জলপথসমূহৰ পুনৰুজ্জীৱিতকৰণেৰে দেশৰ অৰ্থনৈতিক গতি ত্বৰান্বিত কৰাত বিশেষকৈ গুৰুত্ব আৰোপ কৰিছে ৷ ইয়াৰ ফলত ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ যোগেদি উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত জলপথ পৰিবহণৰ কাম ক্ষিপ্ৰতৰ হৈ উঠিছে (Water ways development in North east)।

লগতে পঢ়ক: জনতা ভৱনত বিশেষভাৱে সক্ষম কৰ্মচাৰীক প্ৰহাৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ

তেওঁ লগতে কয় যে, ভাৰত-বাংলাদেশ প্ৰট'কল জলপথ হৈ ৰাষ্ট্ৰীয় জলপথ-১ অৰ্থাৎ গংগা আৰু ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ মাজৰ ঐতিহাসিক জলপথছোৱা পুনৰুজ্জীৱিত কৰাৰ ফলত এতিয়া পাটনা, হলদিয়া আদিৰপৰা গুৱাহাটীৰ পাণ্ডুলৈ কাৰ্গ' পৰিবহণ সুচল, দ্ৰুত আৰু ব্যয়সন্মত হৈ উঠিছে । তদুপৰি, সুচল জাহাজ পৰিবহণৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত আধুনিক প্ৰযুক্তিৰ দ্বাৰা খননৰ দৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে (River bed digging in Brahmaputra) ।

তদুপৰি, ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত সংযোজিত হ'বলগীয়া টাৰ্মিনেল, টুৰিষ্ট জেটী, ৰিভাৰ ফ্ৰণ্ট প্ৰকল্প আদিৰ লাভালাভৰ ওপৰতো সোণোৱালে আলোকপাত কৰে ।

সংযুক্ত আৰৱ এমিৰেট ভ্ৰমণ সৰ্বানন্দ সোণোৱালৰ

নুমলীগড় শোধনাগাৰক ৰে'ল সেৱাৰেও সংযোগ কৰাৰ চিন্তা-চৰ্চা চলি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, নুমলীগড়ৰপৰা ভাৰতৰ বাহিৰলৈ বিশেষকৈ বৃহৎ উপভোক্তাৰ দেশ বাংলাদেশলৈ বায়'ৰিফাইনেৰী প্ৰডাক্টৰ ৰপ্তানি আৰু বাহিৰৰপৰা কেঁচামালসমূহৰ আমদানিৰ ক্ষেত্ৰত ধনশিৰি নদীৰ ভূমিকা অপৰিসীম । সেয়েহে কাৰ্গ' জাহাজৰ সুচল চলাচলৰ বাবে এই নদীখনত খননৰ ব্যৱস্থা কৰা হৈছে (River bed digging in Dhanshiri) ।

লগতে পঢ়ক: অৰুণাচল সীমান্তত হাতী দাঁতসহ আটক চোৰাং ব্যৱসায়ী

তদুপৰি বন্দৰ, জাহাজ পৰিবহণ সম্পৰ্কীয় এটি প্ৰশ্নৰ উত্তৰত সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "মেৰিটাইম ইণ্ডিয়া ভিজন, ২০৩০"ক সাৰোগত কৰি ভাৰতে সামুদ্ৰিক খণ্ডত এতিয়া কেনেধৰণে আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে সেই সন্দৰ্ভতো বিৱৰি কয় । লগতে সাগৰমালা প্ৰকল্পৰ জৰিয়তে (Sagarmala Project by central govt) দেশৰ জলপথ, উপকূলীয় অঞ্চল তথা সামুদ্ৰিক খণ্ডক ত্বৰান্বিত কৰা পদক্ষেপসমূহৰ বিষয়েও প্ৰবাসী অসমীয়াসকলক অৱগত কৰে সোণোৱালে ।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিগত সময়ছোৱাত সম্ভৱ হোৱা অভূতপূৰ্ব পৰিৱৰ্তনে কিদৰে সৰ্বস্তৰৰ জনগণক সামৰি লৈছে আৰু প্ৰধানমন্ত্ৰীয়ে অষ্টলক্ষ্মী আখ্যা দিয়া অঞ্চলটোত স্থায়ী শান্তি প্ৰতিষ্ঠিত হোৱাৰ ফলত কিদৰে উন্নয়নৰ নৱজাগৰণৰ সৃষ্টি হৈছে সেই সন্দৰ্ভতো সোণোৱালে মত প্ৰকাশ কৰে ।

কৰ্মসূত্ৰে দেশৰ বাহিৰত থাকিলেও পূণ্য ভাৰতভূমি তথা অসমী আইৰ প্ৰতি সদায় দায়বদ্ধ হৈ মাতৃভূমিৰ হিতৰ বাবে চিন্তা কৰি আৰু অৰিহণা আগবঢ়াই কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ প্ৰবাসী অসমীয়াসকলক সোণোৱালে আহ্বান জনায় ।

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইৰাণ আৰু ইউ এ ই লৈ তিনিদিনীয়া চৰকাৰী ভ্ৰমণ কাৰ্যসূচী লৈ আহিছিল । ইৰাণৰ চাবাহাৰ বন্দৰৰ উপৰিও তেওঁ ইউ.এ.ই.ৰ জেবেল আলী বন্দৰ ভ্ৰমণ কৰিছে আৰু দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ উপৰিও বিনিয়োগকাৰীৰ সৈতেও বৈঠকত মিলিত হৈছে । এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰতৰ সৈতে ইৰাণ, ইউ এ ইৰ মাজৰ সামুদ্ৰিক আৰু অন্যান্য পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰা ।

লগতে পঢ়ক: বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ বালি মাফিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.