ETV Bharat / international

Bridge demolished: ১৫০ কিলোগ্ৰাম বিস্ফোৰকেৰে নিমিষতে ধ্বংস কৰা হ’ল এখন ঐতিহাসিক দলং - নিমিষতে ধ্বংস এখন ঐতিহাসিক দলং

মাত্ৰ কেই ছেকেণ্ডমানৰ ভিতৰতে ধ্বংসস্তুপত পৰিণত হ'ল জাৰ্মানীৰ লুডেনশ্চিডৰ ঐতিহাসিক ৰহমেদ ভেলী দলং (Rahmede Valley Bridge demolished)। ১৯৬৮ চনতে নিৰ্মাণ কৰা দলংখনত ফাঁট মেলিবলৈ আৰম্ভ কৰিছিল । দলংখন ধ্বংস কৰিবলৈ প্ৰায় ১৫০ কিলোগ্ৰাম বিস্ফোৰক ব্যৱহাৰ কৰা হয় ।

Bridge in Germany demolished
নিমিষতে ধ্বংস এখন ঐতিহাসিক দলং
author img

By

Published : May 8, 2023, 9:19 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ মে': জাৰ্মানত প্ৰায় ৫০ বছৰ পুৰণি এখন বৃহৎ দলং ধ্বংস । সুৰক্ষাজনিত কাৰণত দলংখন ধ্বংস কৰা হয় । প্ৰায় ১৫০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰীৰে দলংখন ধ্বংস কৰা হয় (Germany bridge demolished with 150 kg explosive)। বহু লোকৰ কেমেৰাত বন্দী হৈ ৰ'ল দলংখন ধ্বংস হোৱাৰ বিশেষ মুহূৰ্ত । সম্প্ৰতি ভিডিঅ'বোৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

জাৰ্মানীৰ লুডেনশ্চিডৰ ৰহমেদ ভেলী দলংখন ১৯৬৫ চনৰ পৰা ১৯৬৮ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল । কিন্তু পুৰণি দলংখনত ২০২১ চনৰ ডিচেম্বৰৰ পৰা ফাঁট মেলিবলৈ আৰম্ভ কৰে । জৰাজীৰ্ণ দলংখনেৰে যান-বাহনৰ চলাচলো বন্ধ কৰি দিয়া হৈছিল ।

এক প্ৰতিবেদনত উল্লেখ কৰা মতে, সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দলংখন ধ্বংস কৰাৰ প্ৰয়োজন আছিল (Rahmede Valley Bridge demolished)। দলংখন ধ্বংস কৰিবলৈ প্ৰায় ৩৩০ পাউণ্ড (১৫০ কিলোগ্ৰাম) বিস্ফোৰক ব্যৱহাৰ কৰা হয় । দলংখনৰ সমীপত থকা অট্টালিকাবোৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰতিৰোধমূলক পদক্ষেপ হিচাপে প্ৰায় ৫০ টা বৃহৎ কণ্টেইনাৰ ব্যৱহাৰ কৰা হয় । ইফালে বিস্ফোৰণৰ ফলত ক্ষতি নহ'বলৈ খিৰিকীবোৰতো অতিৰিক্ত সঁজুলি ব্যৱহাৰ কৰা হয় ।

দলংখনৰ ধ্বংসৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ অঞ্চলটোত যথেষ্ট লোকে ভিৰ কৰে । অৱশ্যে এটা নিৰ্দিষ্ট দূৰত্বৰ পৰা দৰ্শকসকলক যাবলৈ দিয়া হোৱা নাছিল । ইফালে লোকসকলে নিজৰ নিজৰ মোবাইলৰ কেমেৰাত ঐতিহাসিক দৃশ্যটো বন্দী কৰিছে (Rahmede Valley Bridge demolition video)।

  • A45 in Sauerland, Germany 🇩🇪: ailing Rahmede motorway bridge was sucessfully blown up today.
    Boom 💥 pic.twitter.com/3pkznmqszd

    — LX (@LXSummer1) May 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভিডিঅ'টোত ৪৫৩ মিটাৰ দীঘল, ৭০ মিটাৰ ওখ আৰু ১৭,০০০ টন ওজনৰ দলংখন মাত্ৰ কেইছেকেণ্ডৰ ভিতৰতে ভাঙি চূৰ্ণ-বিচূৰ্ণ হোৱা দেখা গৈছে । দলংখন ধ্বংসৰ লগে লগে সমগ্ৰ অঞ্চলটো ধোঁৱা আৰু ধুলিৰে আৱৰি ধৰে । ধ্বংসৰ পিচত ৰৈ যোৱা দলংখনৰ বাকী ধ্বংসাৱশেষ ১০ জুনৰ ভিতৰত আঁতৰোৱা হ'ব ।

প্ৰতিবেদন অনুসৰি, একেটা স্থানতে এখন নতুন দলং নিৰ্মাণ কৰিবলৈ ৫ বছৰৰ সময়ৰ প্ৰয়োজন হ'ব । ৰহমেদ ভেলী দলঙৰ ধ্বংসৰ সিদ্ধান্ত জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এটা প্ৰয়োজনীয় পদক্ষেপ আছিল । ওচৰৰ অট্টালিকাসমূহৰ সুৰক্ষাৰ বাবে বিস্ফোৰক আৰু অতিৰিক্ত সুৰক্ষা ব্যৱস্থাৰ ব্যৱহাৰৰ ফলত সফলভাৱে দলংখন ধ্বংস কৰিবলৈ সক্ষম হয় বিভাগীয় কৰ্তৃপক্ষ ।

লগতে পঢ়ক : Texas Shooting : আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণত নিহত ৮ জনকৈ লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.