ETV Bharat / international

Dengue Outbreak in Bangladesh: বাংলাদেশত ডেংগুৰ সংহাৰি ৰূপ; চলিত বৰ্ষত 800 জনৰ মৃত্যু

বাংলাদেশৰ ঢাকাত অব্যাহত আছে ডেংগুৰ ত্ৰাস ৷ ত্ৰমাৎ ঢাকাত বৃদ্ধি পাইছে ডেংগুৰ সংক্ৰমণৰ সংখ্যা ৷ শনিবাৰে পুৱালৈকে লাভ কৰা তথ্য মতে, বাংলাদেশত বিগত ২৪ ঘণ্টাত ডেংগুৰ দ্বাৰা সংক্ৰমিত হৈ পুনৰ ১৪ জন লোকৰ মৃত্যু হৈছে ৷

author img

By ANI

Published : Sep 17, 2023, 8:04 AM IST

Dengue Outbreak in Bangladesh
বাংলাদেশৰ ঢাকাত অব্যাহত আছে ডেংগুৰ ত্ৰা

ইন্টাৰনেশ্যনেল ডেস্ক, ১৭ ছেপ্টেম্বৰ : বাংলাদেশৰ ঢাকাত ডেংগুৱে ধাৰণ কৰিছে কাল ৰূপ ৷ দেশত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ শেহতীয়া তথ্য অনুসৰি, ডেংগুত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮০০ ৰো অধিক হৈছে ৷ চলিত বৰ্ষত ডেংগুত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০৪ লৈ বৃদ্ধি পাইছে ৷ দেশৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ (Directorate General of Health Services চমুকৈ DGHS) উদ্ধৃতি দি ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে এই তথ্য ৷

ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা তথ্য অনুসৰি, ‘‘বাংলাদেশত শনিবাৰে পুৱালৈকে বিগত ২৪ ঘণ্টাৰ ভিতৰত ডেংগুৰ দ্বাৰা সংক্ৰমিত হৈ পুনৰ ১৪ জন লোকৰ মৃত্যু হৈছে । এই বছৰ ডেংগু জ্বৰত আক্ৰান্ত হৈ ২,৫৯৮ জন ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে’’ ।

DGHS ৰ মতে, নতুন ৰোগীৰ ৮৮১ জনক ঢাকাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ আনহাতে, বাকীসকলক ৰাজধানীৰ বাহিৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ ঢাকা ট্ৰিবিউনত প্ৰকাশ কৰা অনুসৰি, ‘‘ঢাকাতেই ৪,২০৮ জন আৰু ১০,৩৩০ জন ডেংগু ৰোগীয়ে দেশৰ অন্যান্য চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে’’ ।

DGHS ৰ তথ্য মতে, চলিত বৰ্ষত ডেংগুত মুঠ ১৬৪,৫৬২ জন ৰোগী আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত আৰোগ্য ৰোগীৰ সংখ্যা ১,৫৩,৪২৮ । অৱশ্যে চলিত মাহত ডেংগুত আক্ৰান্ত হৈ মৃত্যু হোৱা সংখ্যাই ইতিমধ্যে ২১১ ঘৰ স্পৰ্শ কৰিছে ৷ DGHS ৰ মতে, একে সময়ছোৱাতে ৪০,৭৫৪ জন ৰোগী ধৰা পৰিছে ।

‘‘২০২২ চনত বাংলাদেশত ডেংগুত আক্ৰান্ত হৈ মৃত্যু হৈছিল ২৮১ জন । ২০২২ চনত বাংলাদেশত ৬২,৪২৩ জন ডেংগুত আক্ৰান্ত হোৱাৰ লগতে ৬১,৯৭১ জন লোকে আৰোগ্য লাভ কৰিছিল ৷ ইফালে ২০১৯ চনত ডেংগুত আক্ৰান্ত হৈ ১৭৯ জন লোকৰ মৃত্যু হৈছিল’’ ৷

আনহাতে, UNICEF এ ডেংগুৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে বাংলাদেশক ২২.৫ লাখ মাৰ্কিন ডলাৰৰ চিকিৎসা সহায় আগবঢ়াইছে । ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি, “ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে জৰুৰীভাৱে প্ৰয়োজনীয় পৰীক্ষামূলক কিট আৰু পেছাদাৰীসকলৰ প্ৰশিক্ষণৰ লগতে স্বাস্থ্য, পানী, অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা খণ্ডৰ অন্যান্য সেৱা আগবঢ়াব ৷ UNICEF এ ডেংগু প্ৰতিৰোধৰ বিষয়ে সজাগতা বৃদ্ধি আৰু প্ৰয়োজনীয় প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰতো বহু কাম কৰিছে’’ ৷

লগতে পঢ়ক : Nipah virus in Kozhikode : নিপা ভাইৰাছে ছানি ধৰিছে কেৰালাৰ কোজিকোড; ২৪ ছেপ্টেম্বৰলৈকে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.