ETV Bharat / international

Terrorists killed: নিৰাপত্তাৰক্ষীৰ গুলীত পাকিস্তানত নিহত 7 সন্ত্ৰাসবাদী

author img

By ANI

Published : Sep 11, 2023, 8:03 AM IST

পাকিস্তানত অব্যাহত আছে সন্ত্ৰাসবাদ বিৰোধী অভিযান ৷ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলিত 7 জনকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে 6 গৰাকী সন্ত্ৰাসবাদী গুৰুতৰভাৱে আহত হয় ৷ খাইবাৰ পখতুনখোৱাৰ চিত্ৰাল জিলাত সংঘটিত হৈছে এই সংঘৰ্ষ ৷

At least 7 terrorists killed in gun battle
Terrorists killed

ইণ্টাৰনেশ্যনেল ডেস্ক, 11 ছেপ্টেম্বৰ: পাকিস্তানত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী ৷ খাইবাৰ পখতুনখোৱাৰ চিত্ৰাল জিলাত দেওবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে গুলীয়াগুলিত কমেও 7 জনকৈ সন্ত্ৰাসবাদী নিহত হোৱা বুলি আন্তঃসেৱা জনসংযোগে জানিবলৈ দিয়ে । ISPR য়ে জনোৱা তথ্য অনুসৰি এই প্ৰচণ্ড গুলীচালনাৰ সময়ত আৰু 6 গৰাকী সন্ত্ৰাসবাদী গুৰুতৰভাৱে আহত হয় বুলি উল্লেখ কৰে ।

উল্লেখ কৰা প্ৰয়োজন যে, খাইবাৰ পাখতুনখোৱাত আইন-শৃংখলাৰ অৱনতি ঘটাৰ ফলত অঞ্চলটোত অপৰাধৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে অধিক সন্ত্ৰাসবাদী নিৰ্মূল কৰাৰ উদ্দেশ্যেৰে উক্ত স্থানত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত ৰখা হৈছে । আই এছ পি আৰে এক বিবৃতিযোগে কয়, "অঞ্চলটোৰ স্থানীয় লোকসকলে নিৰাপত্তা বাহিনীৰ এই অভিযানৰ শলাগ লৈছে ৷ লগতে দেশখনৰ পৰা সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে ।"

ইয়াৰ পূৰ্বে বুধবাৰে পাকিস্তান-আফগান সীমান্তত সংঘটিত চিত্ৰাল কাণ্ডত পাকিস্তান সেনাৰ চাৰিজন জোৱান নিহত হোৱাৰ লগতে 12 জনকৈ সন্ত্ৰাসবাদী নিহত হয় । আন্তঃসেৱা জনসংযোগ অৰ্থাৎ ISPR য়ে জানিবলৈ দিয়া অনুসৰি অত্যাধুনিক অস্ত্ৰৰে সজ্জিত সন্ত্ৰাসবাদীৰ এটা বৃহৎ দলে দুটা সামৰিক চেকপইণ্টত আক্ৰমণ চলায় ।

সেনাবাহিনীৰ মিডিয়া বিভাগে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, আফগানিস্তানৰ নুৰিষ্টান আৰু কুনাৰ প্ৰদেশত সন্ত্ৰাসবাদী সংগঠনৰ অৱস্থিতিৰ তথ্য লাভ কৰিছিল পাকিস্তান সেনাবাহিনীয়ে । এই তথ্যৰ ভিত্তিতেই নিৰাপত্তা বাহিনীয়ে তাৎক্ষণিকভাৱে অভিযান চলায় আৰু ফলত সেনাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে ৷ এই সংঘৰ্ষৰ ফলতে নিহত হয় 7 জনকৈ সন্ত্ৰাসবাদী ।

লগতে পঢ়ক: FIR against Journalist: মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে আজি গ্ৰহণ কৰিব EGI ৰ গোচৰৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.