ETV Bharat / international

ৰাণৱেত দুৰ্ঘটনাগ্ৰস্ত আমেৰিকাৰ নৌসেনাৰ বিমান; কথমপি প্ৰাণৰক্ষা ৯ যাত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 6:05 PM IST

পি-৮এ বিমানে হাৱাইৰ কানোহে উপসাগৰৰ এটা সামুদ্ৰিক ঘাটিত ৰাণৱেৰ ওপৰেৰে পিছলি যায় । এই দুৰ্ঘটনাটোৰ পিছতে ততাতৈয়াকৈ হনুলুলু জৰুৰীকালীন চিকিৎসা সেৱা বিভাগ ঘটনাস্থলীত উপস্থিত হয় ।

ৰাণৱেত দুৰ্ঘটনাগ্ৰস্ত আমেৰিকাৰ নৌসেনাৰ বিমান
P8A aircraft overshot runway

ইণ্টাৰনেচনেল ডেস্ক, ২১ নৱেম্বৰ : আমেৰিকাৰ নৌসেনাৰ এখন বিমান ৰাণৱেত দুৰ্ঘটনাত পতিত হয় । আমেৰিকাৰ মেৰিন ক'ৰ্পৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এখন পি-৮এ বিমানে হাৱাইৰ কানোহে উপসাগৰৰ এটা সামুদ্ৰিক ঘাটিত ৰাণৱেৰ ওপৰেৰে পিছলি যায় । এই দুৰ্ঘটনাটোৰ পিছতে ততাতৈয়াকৈ হনুলুলু জৰুৰীকালীন চিকিৎসা সেৱা বিভাগ ঘটনাস্থলীত উপস্থিত হয় । কিন্তু সামৰিক বিষয়াসকলে তেওঁলোকক জনায় যে বিমানখনত নজন যাত্ৰীৰ আটাইকেইজনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি তীৰলৈ লৈ যোৱা হয় । তেওঁলোকে কোনো আঘাত পোৱাৰ পৰা ৰক্ষা পৰে ।

হনুলুলু জৰুৰীকালীন চিকিৎসা সেৱা বিভাগক সোমবাৰে কানোহে উপসাগৰত এখন সামৰিক বিমানৰ দুৰ্ঘটনাগ্ৰস্তৰ প্ৰতি সঁহাৰি দিবলৈ মাতি অনা হয় । কিন্তু যেতিয়া তেওঁলোক ঘটনাস্থলীত উপস্থিত হয়, তেতিয়া সামৰিক বিষয়াসকলে জৰুৰীকালীন কৰ্মীসকলক কয় যে বিমানখনত থকা নজন যাত্ৰীৰ আটাইকেইজন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি তীৰলৈ লৈ যোৱা হয় । অৱশ্যে দুৰ্ঘটনাটোত তেওঁলোক আঘাতপ্ৰাপ্ত হোৱাৰ পৰা কথমপি ৰক্ষা পৰা বুলি মুখপাত্ৰ শ্বাইন এনৰাইটে কয় ।

উপকূলৰক্ষী বাহিনীৰ মুখপাত্ৰ পেটি অফিচাৰ ৰিয়ান ফিচাৰে কয় যে উপকূলৰক্ষী বাহিনীয়ে ততালিকে সঁহাৰি জনায় যদিও উদ্ধাৰ অভিযান দ্ৰুততাৰে বাতিল কৰা হয় । "এনে লাগিছে যেন দুৰ্ঘটনাত পতিত সকলোকে উদ্ধাৰ কৰা হৈছে ।" তেওঁ কয় ।

আনহাতে, আমেৰিকাৰ মেৰিন ক'ৰ্পৰ মুখপাত্ৰ গানেৰী চাৰ্জেন্ট অৰলেণ্ডো পেৰেজে কয় যে পি-৮এ বিমানখনে কানোহে উপসাগৰৰ এটা সামুদ্ৰিক ঘাটিত ৰাণৱেৰ ওপৰেৰে পিছলি যায় । অৱশ্যে তেওঁৰ ওচৰত অধিক তথ্য নাই বুলিও জনায় । পি-8এ প্ৰায়ে চাবমেৰিনৰ সন্ধানৰ বাবে ব্যৱহাৰ কৰা হয় আৰু পুনৰীক্ষণ আৰু চোৰাংচোৱা তথ্য সংগ্ৰহত ব্যৱহাৰ কৰা হয় । এই বিমান বয়িঙৰ দ্বাৰা নিৰ্মাণ কৰা হয় আৰু ৭৩৭ বাণিজ্যিক জেটৰ পৰা বহুতো অংশ লোৱা হয় । এই বিমানঘাটিটো হনুলুলুৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ দূৰত্বত অহুত অৱস্থিত ।

উল্লেখ্য যে ২০১৯ চনৰ জুলাই মাহত জয়পুৰৰ পৰা অহা স্পাইচজেটৰ এখন বিমান সেই সময়ত ঠাইখনত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাণৱে পিছল হোৱাৰ বাবে মুম্বাই বিমানবন্দৰৰ ৰাণৱেত পিছলি যায় । উদ্ধাৰকাৰী দলে বিমানখন ঘাঁহনি অঞ্চলৰ পৰা উলিয়াই আনিবলৈ ১৫০ মিটাৰ দীঘল ৰেম্প এটা প্ৰস্তুত কৰিবলগা হয় । অৱশ্যে ঘটনাটো এক ডাঙৰ দুৰ্ঘটনালৈ পৰিণত নোহোৱাৰ বাবে কৰ্তৃপক্ষই স্বস্তিৰ নিশ্বাস পেলায় । আনহাতে, যাত্ৰীসকলৰ কোনো আঘাতৰ খবৰ লাভ কৰা হোৱা নাছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.