ETV Bharat / international

Air Strike in Sudan: চুডানৰ ওমদুৰমানত বিমান আক্ৰমণত 22 জন নিহত - Sudan conflict

চুডানৰ এখন চহৰত বিমান আক্ৰমণত কমেও 22 জন লোক নিহত হৈছে ৷ শনিবাৰে ৰাজধানী খাৰ্টুমৰ কাষৰ চহৰ ওমদুৰমানৰ আৱাসিক এলেকাত সংঘটিত হয় এই আক্ৰমণ ৷

Air strike kills at least 22 at Omdurman in Sudan
বিমান আক্ৰমণত নিহত 22
author img

By

Published : Jul 9, 2023, 9:22 AM IST

নিউজ ডেস্ক, 9 জুলাই: আল জাজিৰাৰ বাতৰি অনুসৰি চুডানৰ এখন চহৰত বিমান আক্ৰমণত কমেও 22 জন লোক নিহত হৈছে ৷ চুডানৰ সেনা আৰু বিদ্ৰোহী অৰ্ধসামৰিক সংগঠনৰ মাজত কেইবা সপ্তাহজোৰা সংঘাতৰ এই আক্ৰমণ আজিলৈকে হোৱা অন্যতম ৰক্তাক্ত আক্ৰমণ ৷

স্বাস্থ্য মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি শনিবাৰে ৰাজধানী খাৰ্টুমৰ কাষৰ চহৰ ওমদুৰমানৰ আৱাসিক এলেকাত সংঘটিত হয় এই আক্ৰমণ ৷ অসংখ্য ব্যক্তি আহত হয় এই আক্ৰমণত ৷

ৰাজধানী আৰু অন্যান্য মহানগৰত সংঘটিত হোৱা সামৰিক আৰু ৰেপিড চাপৰ্ট ফৰ্চ (আৰ এছ এফ)ৰ মাজত হোৱা সংঘৰ্ষৰ ভিতৰত এই বিমান আক্ৰমণ আছিল অন্যতম মাৰাত্মক সংঘৰ্ষ ৷ খাৰ্টুমত যোৱা মাহত বিমান আক্ৰমণত কমেও 17 জন ব্যক্তি নিহত হৈছিল, ইয়াৰে পাঁচটি আছিল শিশু ৷

হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা ওমদুৰমানৰ আৱাসিক জিলাসমূহত সেনাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি আৰ এছ এফে কয় যে এই আক্ৰমণত 31 জন লোকৰ মৃত্যু হৈছে ৷ আল জাজিৰাৰ মতে, সেনাই এটা গুৰুত্বপূৰ্ণ যোগান সংযোগ বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰিছিল ৷

গোটটোৱে এক বিবৃতিত কয় যে (সেনা প্ৰধান আব্দেল ফাত্তাহ) আল-বুৰহানৰ নেতৃত্বত সন্ত্ৰাসবাদী মিলিচীয়াই ইচ্ছাকৃতভাৱে চলোৱা বিমান আক্ৰমণক আৰ এছ এফে তীব্ৰ গৰিহণা দিছে ৷ লগতে কোৱা হৈছে যে, চুডানৰ সশস্ত্ৰ বাহিনীয়ে (এছ এ এফ) কৰা এই জঘন্য আক্ৰমণৰ ফলত 31 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু অসংখ্য অসামৰিক লোক আহত হৈছে ৷

ওমদুৰমানৰ দুজন বাসিন্দাৰ মতে, আক্ৰমণ কোনে কৰিছিল চিনাক্ত কৰাটো কঠিন আছিল ৷ তেওঁলোকে দাবী কৰে যে অঞ্চলটোত আৰ এছ এফৰ জোৱানসকলক সেনাৰ বিমানে নিয়মিতভাৱে আক্ৰমণ কৰে আৰু অৰ্ধসামৰিক গোটটোৱে ড্ৰ’ন আৰু বিমান বিৰোধী অস্ত্ৰ ব্যৱহাৰ কৰি প্ৰতিশোধ লয় ৷

আল জাজিৰাৰ বাতৰি অনুসৰি, স্থানীয় এজন লোকে জনোৱা মতে, শনিবাৰে পুৱা অভিযানৰ সময়ত সেনাই আৰ এছ এফক লক্ষ্য কৰি লৈছিল আৰু আক্ৰমণকাৰী জেট বিমানসমূহলৈ বিমান বিৰোধী গুলী নিক্ষেপ কৰাৰ সময়ত আৰ এছ এফে অসামৰিক লোকৰ ঘৰবোৰক ঢাল হিচাপে ব্যৱহাৰ কৰিছিল ৷

ওমদুৰমানৰ পশ্চিম অংশটো আৰ এছ এফৰ বাবে এক গুৰুত্বপূৰ্ণ যোগান পথ, ইয়াৰ শক্তিৰ ঘাটি ৷ যাৰ বাবে যোৱা কিছুদিন ইয়াত যুদ্ধ কেন্দ্ৰীভূত হৈ পৰিছে ৷

পূব ওমদুৰমানত থকা দেশখনৰ ৰাজ্যিক সম্প্ৰচাৰ কেন্দ্ৰটোও আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ৷ খাৰ্টুমৰ দক্ষিণ আৰু পূব দিশো নিশাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল ৷

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি 15 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিত কমেও 1,133 জন লোকৰ প্ৰাণহানি হৈছে ৷ 29 লাখতকৈ অধিক লোক স্থানচ্যুত হৈছে, ইয়াৰে প্ৰায় 7,00,000 লোক চুবুৰীয়া ৰাষ্ট্ৰলৈ পলায়ন কৰিছে ৷

আল জাজিৰা অনুসৰি, আফ্ৰিকাৰ হৰ্ণ, চাহেল আৰু লোহিত সাগৰৰ মাজত অৱস্থিত পূব আফ্ৰিকান ৰাষ্ট্ৰখনত হোৱা সংঘৰ্ষৰ এক বৃহৎ গৃহযুদ্ধত পৰিণত হোৱাৰ আশংকা আছে ৷

লগতে পঢ়ক: Manipur violence: কাংপকপি আৰু বিষ্ণুপুৰ জিলাত 24 ঘন্টাত 33 টা বাংকাৰ ধ্বংস নিৰাপত্তাৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.