ইন্টাৰনেশ্যনেল ডেস্ক, ১৯ আগষ্ট : শুকুৰবাৰে ব্ৰিটেইনৰ আদালতে সাতটা কেঁচুৱা হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰিছে এগৰাকী নাৰ্ছক ৷ এই ঘটনাকলৈ উদ্বেগ প্ৰকাশ কৰিছে ব্ৰিটেইনত জন্মগ্ৰহণ কৰা উত্তৰ ইংলেণ্ডৰ এখন চিকিৎসালয়ৰ ভাৰতীয় মূলৰ পৰামৰ্শদাতা শিশু চিকিৎসকে ৷ শিশু চিকিৎসক ডাঃ ৰবি জয়ৰামে লুচিক দোষী সাব্যস্ত কৰাতো আইনক সহায় কৰিছিল ৷
জানিব পৰা মতে, নাৰ্ছগৰাকীয়ে ইতিমধ্যে সাতটা নৱজাতকক হত্যা কৰি আন ছটা কেঁচুৱাক হত্যা কৰাৰ চেষ্টা কৰি আছিল ৷ অভিযুক্ত নাৰ্ছগৰাকীৰ নাম লুচি লেটবি ৷ চেষ্টাৰৰ কাউণ্টেছ অৱ চেষ্টাৰ হাস্পতালৰ চিকিৎসক (Countess of Chester Hospital in Chester) ডাঃ ৰবি জয়ৰামে কয় যে যদিহে পূৰ্বেই তেওঁৰ প্ৰাক্তন নাৰ্ছ সহকৰ্মী লুচি লেটবিৰ বিষয়ে জ্ঞাত হ’লহেতেন, তেন্তে সেই মৃত কেঁচুৱাকেইটাৰ জীৱন ৰক্ষা কৰিব পৰা গ’লহেঁতেন ।
২২ দিনৰ আলোচনাৰ অন্তত মানচেষ্টাৰ ক্রাউন ক’ৰ্টৰ (Manchester Crown Court) অধিবক্তাসকলে ২০১৫ চনৰ জুন মাহৰ পৰা ২০১৬ চনৰ জুন মাহৰ ভিতৰত উত্তৰ-পশ্চিম ইংলেণ্ডৰ কাউণ্টেছ অৱ চেষ্টাৰ হাস্পতালত নৱজাতক হত্যা কৰাৰ অভিযোগত ৩৩ বছৰীয়া লেটবিক দোষী সাব্যস্ত কৰিছে ৷ সোমবাৰে একেখন আদালততে শাস্তি প্ৰদান কৰিব তেওঁক ।
অৱশ্যে দুটা নৱজাতকক হত্যাৰ চেষ্টা কৰাৰ অভিযোগৰ পৰা মুক্ত হৈছে লুচি লেটবি ৷ চলিত মাহৰ আৰম্ভণিতে আদালতত কিছুমান ৰায়দান কৰা হৈছিল যদিও বিচাৰ-বিবেচনা সম্পূৰ্ণ নোহোৱালৈকে এই ৰায়দানৰ খবৰ দিয়াত নিষেধাজ্ঞা আৰোপ কৰিছিল ন্যায়াধীশে ।
ইফালে ব্ৰিটেইনৰ এটা সাংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ডাঃ ৰবি জয়ৰামে কয় যে ২০১৫ চনত চিকিৎসালয়খনত কোনো কাৰণ নোহোৱাকৈয়ে মৃত্যুমুখত পৰা বা হঠাতে স্বাস্থ্যৰ অৱনতি ঘটা শিশুৰ সংখ্যা যথেষ্ট বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল ৷ অৱশেষত ২০১৭ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা (NHS) ট্ৰাষ্টে চিকিৎসকসকলক এজন আৰক্ষী বিষয়াৰ সৈতে সাক্ষাৎ কৰিবলৈ অনুমতি দিছিল ।
২০১৭ চনৰ মে’ মাহত চিকিৎসালয়খনত শিশুৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছিল ৷ ২০২০ চনৰ নৱেম্বৰ মাহত লেটবিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল । জ্যেষ্ঠ তদন্তকাৰী বিষয়া ডিটেক্টিভ অধীক্ষক পল হিউজে কয় যে লেটবিয়ে ১৪ দিন ধৰি সাক্ষ্য দি নিজৰ নিৰ্দোষী বুলি ঘোষণা কৰিছিল । কিন্তু বিচাৰৰ অন্তত সকলো তথ্য পোহৰলৈ আহে ৷ তাৰ পাচত ২০১৮ চনত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত লুচি লেটবিক ৷
২০১৮ চনত লুচি লেটবি গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে তেওঁৰ ঘৰত চলাই তালাচী অভিযান ৷ এই অভিযানত লেটবিৰ ঘৰত আৰক্ষীয়ে লাভ কৰে লিখনিৰ এটা টোকা ৷ য’ত লুচি লেটবিয়ে লিখি থৈছে ,‘‘মই জীয়াই থকাৰ যোগ্য নহয় । মই ইচ্ছাকৃতভাৱে সিহঁতক হত্যা কৰিলো ৷ কাৰণ মই সিহঁতৰ যত্ন লোৱাৰ যোগ্য নহয় । মই এগৰাকী দুষ্ট ব্যক্তি’’ ।
লগতে পঢ়ক : Mysterious blast in Kargil: লাডাখৰ কাৰ্গিলত ৰহস্যজনক বিস্ফোৰণ; নিহত ৩ আহত ১০