ETV Bharat / international

Tornado hits America : আমেৰিকাত টৰ্ণেড'ৰ কালৰূপ, মৃতকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি - Death toll rise in US after Tornadoes

আমেৰিকাত টৰ্ণেড'ৰ ভয়ংকৰ ৰূপ (Tornado hits America)। প্ৰায় ১১ খন ৰাজ্যত বিস্তৰ ক্ষতি । মৃতকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি । মৃতকৰ আত্মীয়লৈ ৰাষ্ট্ৰপতি জ' বিডেনৰ গভীৰ সমবেদনা ।

Tornado hits America
আমেৰিকাত টৰ্ণেড'ৰ কালৰূপ
author img

By

Published : Apr 3, 2023, 10:49 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৩ এপ্ৰিল : শক্তিশালী টৰ্ণেড'ৱে জোঁকাৰি গ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাটাও অঞ্চল (Tornadoes in US)। কেইবাটাও ভয়ংকৰ টৰ্ণেড'ৰ ফলত প্ৰায় ৩২ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । প্ৰচণ্ড টৰ্ণেড' ধুমুহাৰ ফলত আৰ্কানচাছৰ ৰাজধানী লিটল ৰ'কৰ মাজেৰে যোৱা এটা পথ ভাগি চূৰ্ণ-বিচূৰ্ণ হৈ যায় (Major tornado hits capital Little Rock)।

উল্লেখ্য যে সময়ে সময়ে টৰ্ণেড'ৱে আমেৰিকাকে ধৰি বিভিন্ন দেশত ভয়ংকৰ ৰূপ লোৱা দেখা যায় । একেদৰে শনিবাৰে আমেৰিকাৰ দক্ষিণ আৰু মধ্যপশ্চিম অঞ্চল টৰ্ণেড'ৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । ইফালে দেওবাৰে টৰ্ণেড'ৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পায় ।

মৃতকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি হোৱাৰ খবৰ পোৱা গৈছে (Death toll rise in US after Tornadoes)। ৰাষ্ট্ৰপতি জ' বিডেনে এক বিবৃতিত কয় যে এতিয়ালৈ ক্ষতিৰ সম্পূৰ্ণ পৰিমাণ মূল্যাঙ্কন কৰি থকা হৈছে । বহু লোকে ঘৰ-বাৰী হেৰুৱাই দিশহাৰ হৈছে । তাৰ মাজতে মৃতকৰ পৰিয়াললৈ ৰাষ্ট্ৰপতিয়ে শোক প্ৰকাশ কৰাৰ লগতে গভীৰ সমবেদনা জ্ঞাপন কৰে ।

ৰাষ্ট্ৰপতি বিডেনে পূৰ্বে দেশৰ ভয়ংকৰ দুৰ্যোগ ক্ষেত্ৰসমূহ ঘোষণা কৰিছিল, যাৰ ফলত ফেডাৰেল সম্পদ আৰু বিত্তীয় সাহায্য পুনৰুদ্ধাৰৰ বাবে আঁচনি ঘোষণা কৰিছিল । আৰ্কানচাছত প্ৰায় ৫ গৰাকী লোক নিহত হোৱাৰ লগে লগে ইতিমধ্যে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে আৰু নেচনেল গাৰ্ডক সক্ৰিয় কৰি ৰাখিছে । তথ্য অনুসৰি দেশখনৰ প্ৰায় ১১ খন ৰাজ্যত টৰ্ণেড'ৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে (Tornadoes destroyed homes in 11 states of US)।

ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে নিশ্চিত কৰিছে যে ডেলাৱেৰৰ ব্ৰিজভিলৰ সমীপত টৰ্ণেড'ৰ ফলতে কেইবাটাও ঘৰৰ ক্ষতি হয় । ডেলাৱেৰ ৰাজ্যিক আৰক্ষীয়ে জনোৱা মতে শনিবাৰে নিশা ধুমুহাৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা এটা ঘৰৰ ভিতৰত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

জানিব পৰা মতে টৰ্ণেড'ৰ ফলত মৃত্যু হোৱা লোকৰ ভিতৰত টেনেচী কাউণ্টিত কমেও ৯ জন, আৰ্কানচাছৰ ৱাইন নামৰ সৰু চহৰত ৪ জন, ইণ্ডিয়ানাৰ চুলিভানত ৩ জন আৰু ইলিনয়ৰ ৪ জন । অৱশ্যে টেনেচী জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ সঞ্চালক পেট্ৰিক শ্বিহানৰ মতে টেনেচীত প্ৰায় ১৫ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হৈছে ।

লগতে পঢ়ক :Tornado hits America : টৰ্ণেড'ৰ কালৰূপ, ধ্বংসস্তুপত পৰিণত কেইবাখনো চহৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.