ETV Bharat / international

বেইৰুট বিস্ফোৰণ: লেবানন চৰকাৰৰ সমূহীয়া পদত্যাগ

author img

By

Published : Aug 10, 2020, 10:16 PM IST

লেবাননৰ স্বাস্থ্যমন্ত্ৰী হামাড হাছানে জনোৱামতে, চৰকাৰে পদত্যাগ কৰিছে আৰু প্ৰধানমন্ত্ৰী হাছান ডায়েবৰ নেতৃত্বত চৰকাৰে তেওঁলোকৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিৰ আগত প্ৰদান কৰিব ৷

বেইৰুট বিস্ফোৰণ: লেবানন চৰকাৰৰ সমূহীয়া পদত্যাগ
বেইৰুট বিস্ফোৰণ: লেবানন চৰকাৰৰ সমূহীয়া পদত্যাগ

নিউজ ডেস্ক, 10 আগষ্ট : বেইৰুট জাহাজঘাটত সংঘটিত বিস্ফোৰণৰ এসপ্তাহ পিচতেই লেবাননৰ চৰকাৰে সমূহীয়া পদত্যাগ কৰিছে ৷ দেশখনৰ স্বাস্থ্যমন্ত্ৰী হামাড হাছানে এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ চৰকাৰৰ অধিকাংশ মন্ত্ৰীয়ে বিস্ফোৰণৰ প্ৰতি নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগৰ প্ৰতি দেখুওৱা আগ্ৰহৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷

সোমবাৰে স্বাস্থ্যমন্ত্ৰী হামাড হাছানে কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে ৷ দেশখনত বিগত সপ্তাহত চলি থকা চৰকাৰবিৰোধী প্ৰতিবাদৰ মাজতেই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে ৷ বিগত সপ্তাহত লেবাননত চৰকাৰ বিৰোধী বিক্ষোভকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত দুবাৰকৈ সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷ স্বাস্থ্যমন্ত্ৰী হামাডে উল্লেখ কৰা অনুসৰি, সমগ্ৰ চৰকাৰখনেই পদত্যাগ কৰিছে ৷ তেওঁলোকে প্ৰধানমন্ত্ৰী হাছান ডায়েবৰ নেতৃত্বত ৰাষ্ট্ৰপতি ভৱনত গৈ দেশখনৰ ৰাষ্ট্ৰপতিৰ আগত সমূহীয়া পদত্যাগ পত্ৰ অৰ্পন কৰিব বুলিও উল্লেখ কৰে ৷

বিগত 8 আগষ্টত বেইৰুটৰ জাহাজঘাটত সংঘটিত হৈছিল এক ভয়ংকৰ বিস্ফোৰণ ৷ এই বিস্ফোৰণৰ প্ৰাবল্য প্ৰায় 4.5 প্ৰাবল্যৰ ভূমিকম্পৰ সমান আছিল আৰু বৰ্তমানলৈ 220 গৰাকী লোক এই বিস্ফোৰণত নিহত হোৱাৰ লগতে 7,000ৰো অধিক লোক আহত তথা 110 গৰাকী নিৰুদ্দেশ হৈ আছে ৷ বিস্ফোৰণৰ ফলত 80,000 বাসগৃহ কেই ছেকেণ্ডৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত হয় ৷ বিস্ফোৰণত প্ৰায় 3000 কিলোগ্ৰাম এম'নিয়াম নাইট্ৰেট ব্যৱহাৰ হৈছিল ৷

লগতে পঢ়কঃ ভয়ংকৰ, শিহৰণকাৰী বিস্ফোৰণত কপি উঠিল বেইৰুট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.