ETV Bharat / international

তুৰ্কীত সংঘটিত ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা 73লৈ বৃদ্ধি

author img

By

Published : Nov 2, 2020, 9:07 AM IST

তুৰ্কীৰ দুৰ্যোগ প্ৰশমণ আৰু জৰুৰীকালীন বিভাগে প্ৰকাশ কৰা অনুসৰি,দেশখনত সংঘটিত হোৱা ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা অধিক বৃদ্ধি হৈছে ৷ বৰ্তমানলৈ দেশখনত নিহতৰ সংখ্যা 73 গৰাকীলৈ বৃদ্ধি পাইছে ৷

তুৰ্কীত সংঘটিত ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা 73লৈ বৃদ্ধি
তুৰ্কীত সংঘটিত ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা 73লৈ বৃদ্ধি

নিউজ ডেস্ক, 2 অক্টোবৰ : তুৰ্কীৰ পশ্চিম সীমান্তৰ ইজামিৰ প্ৰদেশত সংঘটিত হোৱা ভূমিকম্পৰ ফলত নিহত সংখ্যা বৃদ্ধি হৈয়ে আছে ৷ দেশখনত এতিয়ালৈকে ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা 73 গৰাকীলৈ বৃদ্ধি পাইছে ৷ দেশখনৰ দুৰ্যোগ প্ৰশমণ আৰু জৰুৰীকালীন ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷

লগতে পঢ়ক : পেছোৱাৰ মাদ্ৰাছা বিস্ফোৰণ : 55 অভিযুক্তক আটক

বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনসুৰি,দেশখনত বৰ্তমানলৈ 73গৰাকী লোক নিহত হোৱাৰ লগতে 961গৰাকী লোক আহত হৈছে ৷ বিগত শুকুৰবাৰে সংঘটিত হোৱা ভূমিকম্পত প্ৰথমে 69গৰাকী লোক নিহত হোৱাৰ লগতে 949 গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছিল ৷

লগতে পঢ়ক : কৰ'ণা ভাইৰাছ আল্লাহে প্ৰেৰণ কৰা সৈনিকঃ ইছলামিক ষ্টেট আৰু আল-কায়দা

তুৰ্কীৰ পৰিৱেশ আৰু নগৰীকৰণ মন্ত্ৰী মুৰাট কুৰুমে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি,এই ভূমিকম্পৰ ফলত প্ৰদেশখনৰ উপকূলীয় অঞ্চলৰ এখন চহৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হয় ৷

লগতে পঢ়ক : তুৰ্কীৰ ভূমিকম্পই প্ৰাণ ল’লে 22 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.