নিউজ ডেস্ক, 15 ফেব্ৰুৱাৰীঃ আফগানিস্তানত তালিবান বিদ্ৰোহীক লক্ষ্য কৰি চলোৱা এয়াৰষ্ট্ৰাইকত এগৰাকী শিশুকে ধৰি 8গৰাকীকৈ সাধাৰণ লোক নিহত হৈছে ৷ শনিবাৰে আফগানিস্তানৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷
আফগানিস্তানৰ নাংগাৰহাৰ প্ৰদেশত শুকুৰবাৰে চলোৱা হৈছিল এই আক্ৰমণ ৷ কিন্তু অসাৱধানবশতঃ এই আক্ৰমণত এগৰাকী শিশুকে ধৰি 8গৰাকী সাধাৰণ লোক নিহত হয় ৷ প্ৰদেশখনৰ গৱৰ্ণৰৰ মুখপাত্ৰ আটাউল্লাহ খোজ্ঞানাই এই কথা প্ৰকাশ কৰিছে ৷ প্ৰদেশখনৰ কাউন্সিলৰ সদস্য আজমল ওমৰে প্ৰকাশ কৰা অনুসৰি, নিহত হোৱা লোকসকলে পিকনিক খাই উভটি আহি আছিল ৷ প্ৰদেশখনৰ সুৰক্ষা কৰ্মীয়ে প্ৰকাশ কৰা অনুসৰি, এই এয়াৰষ্ট্ৰাইকত 9গৰাকীকৈ তালিবান বিদ্ৰোহী নিহত হয় ৷ আনহাতে তালিবানে নিজৰ ছ'চিয়েল মিডিয়া প্ৰচাৰযোগে চৰকাৰী এয়াৰষ্ট্ৰাইকত 11 গৰাকীকৈ সাধাৰন লোক নিহত হোৱাৰ দাবী উত্থাপন কৰে ৷
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেট বিভাগৰ এগৰাকী উচ্চপৰ্যায়ৰ বিষয়াই ৱাশ্বিংটনত আমেৰিকা আৰু তালিবানৰ মাজৰ 18 বছৰীয়া সংঘাত নিৰাময় কৰিবলৈ 7 দিনৰ বাবে অহিংস নীতিলৈ উপনীত হোৱাৰ কথা প্ৰকাশ কৰাৰ কিছুসময় পিচতেই সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ৷