ETV Bharat / international

আফগানিস্তানত কাৰ বোমা বিস্ফোৰণত হতাহত 24

author img

By

Published : Dec 7, 2020, 9:38 PM IST

আফগানিস্তানৰ কান্ধাৰ প্ৰদেশত সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা 10:30 বজাত সংঘটিত হৈছে এক কাৰ বোমা বিস্ফোৰণৰ ঘটনা ৷ কান্ধাৰ প্ৰদেশৰ দামান জিলাৰ কেন্দ্ৰীয় আৰক্ষী থানাৰ বাহিৰত সংঘটিত হৈছে এই বোমা বিস্ফোৰণৰ ঘটনা ৷

24-injured-in-afghanistan-car-bombing
আফগানিস্থানত কাৰ বোমা বিস্ফোৰণত হতাহত 24

নিউজ ডেস্ক, 7 ডিচেম্বৰ : আফগানিস্তানৰ কান্ধাৰ প্ৰদেশত সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা 10:30 বজাত সংঘটিত হৈছে এক কাৰ বোমা বিস্ফোৰণৰ ঘটনা ৷ কান্ধাৰ প্ৰদেশৰ দামান জিলাৰ কেন্দ্ৰীয় আৰক্ষী থানাৰ বাহিৰত সংঘটিত হৈছে এই বোমা বিস্ফোৰণৰ ঘটনা ৷ এই কাৰ বোমা বিস্ফোৰণত হতাহত হৈছে প্ৰায় 24 জন লোক ৷

আৰক্ষীৰ মুখপাত্ৰই এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়, " আহত সকলক তথাতয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰে গুৰুতৰ ভাৱে আহত সকলক কান্ধাৰ চহৰৰ স্থানীয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ কৰা হৈছে ৷ "

আৰক্ষীৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, এই বোমা বিস্ফোৰণৰ পাছতেই ক’লা ধোঁৱাই চহৰখনৰ আকাশ ছানি ধৰে ৷ আনহাতে ঘটনাৰ পাছতেই সুৰক্ষাকৰ্মীয়ে অঞ্চলটোত লুকাই থকা সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ বৰ্তমানলৈকে এই আক্ৰমণৰ দ্বায়িত্ব কোনো সংগঠনে স্বীকাৰ কৰা নাই ৷

লগতে পঢ়ক: দক্ষিণ কান্দহাৰ প্ৰদেশত নিহত ১৫ তালিবান সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.