ইন্টাৰনেশ্বনেল ডেস্ক, 4 মাৰ্চ : ইংলেণ্ডৰ ৰাণী কুইন এলিজাবেথ দ্বিতীয়ই তেওঁৰ পৰিনাতি ৰাজকুমাৰ হেৰীক ৰাজপাটলৈ উভটি আহিবলৈ আহ্বান জনাইছে ৷ পত্নী মেঘান মাৰ্কেলৰ সৈতে একেলগে ৰাজকীয় জীৱন এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজকুমাৰ হেৰীয়ে ৷
অহা সপ্তাহত হ'বলগীয়া ৰাজকুমাৰ হেৰী আৰু মেঘান মাৰ্কেলৰ শেষৰটো ৰাজকীয় বান্ধোন (royal engagement)ৰ পূৰ্বে দেওবাৰে ৱিন্দছোৰ কাছেলত কুইন এলিজাবেথ দ্বিতীয় আৰু প্ৰিন্স হেৰীয়ে প্ৰায় চাৰিঘন্টা ধৰি আলোচনা মিলিত হয় ৷ আলোচনাৰ মাজতে ৰাণীয়ে ৰাজকুমাৰক ৰাজপাটলৈ ঘুৰি আহিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁক আদৰি লোৱা হ'ব বুলি প্ৰকাশ কৰে ৷
ৱেষ্টমিনষ্টাৰ এবেত অনুষ্ঠিত হ'বলগীয়া বাৰ্ষিক কমনৱেল্থ ডে চাৰ্ভিছৰ কাৰ্যসূচীত ৰাণীক যোগদান কৰিব চুচেক্সৰ ডিউক আৰু ডাচ্চেছ, ৱালছৰ ৰাজকুমাৰ, কৰ্ণৱালৰ ডাচ্চেছৰ লগতে কেমব্ৰীজৰ ডিউক আৰু ডাচ্চেছে ৷
উল্লেখ্য যে, বিগত মাহত প্ৰিন্স হেৰী আৰু মেঘান মাৰ্কেলে তেওঁলোকৰ পৰিয়ালৰ জ্য়েষ্ঠ সদস্যসকলৰ উদ্ধৃতিৰে ৰাজকীয় জীৱনৰ পৰা আঁতৰি আহিব বুলি ঘোষণা কৰিছিল ৷