ইণ্টাৰনেশ্যনেল ডেস্ক, 4 জানুৱাৰী: দেওবাৰে এখন স্পেনিছ পতাকাযুক্ত জাহাজে 265 প্ৰবাসীৰ সুৰক্ষাৰ বাবে এখন বন্দৰ বিচাৰে ৷ প্ৰবাসীসকলক জাহাজ খনৰ চালকৰ দলে বিগত কিছুদিন পূৰ্বে ভূমধ্য সাগৰত উদ্ধাৰ কৰিছিল ৷
The Open Arms charity য়ে শ্বেয়াৰ কৰা টুইটত উল্লেখ কৰা হৈছে যে,শনিবাৰে চালকসকলে 96 প্ৰৱাসীক সুৰক্ষিতভাৱে আনে ৷ যিসকলে কোনো জীৱন ৰক্ষা পোছাক নিপিন্ধাকৈয়ে কাঠেৰে নিৰ্মিত নাৱত যাত্ৰা কৰিছিল ৷
ইয়াৰোপৰি টুইটত উল্লেখ কৰা হৈছে যে,যাত্ৰী সকলৰ ভিতৰৰ অধিকাংশই এৰিট্ৰেয়াৰ আছিল ৷ য'ত দুগৰাকী মহিলাৰ সৈতে 17 গৰাকী নাবালক আছিল ৷ আটাইয়ে হাইপ'থাৰ্মিয়াত ভুগিছিল ৷
আনহাতে বৃহস্পতিবাৰে চলোৱা আন এক অভিযানত তেওঁলোকে 169 গৰাকী প্ৰৱাসীক উদ্ধাৰ কৰে ৷ যিসকল লিবিয়াৰ তীৰলৈ গুছি গৈছিল,য'ত বহু মানৱ সৰবৰাহকাৰী আছে ৷
লগতে পঢ়ক: ট‘কিঅ অলম্পিকলৈ মাজত মাত্ৰ 200 দিন