ETV Bharat / international

জম্মু-কাশ্মীৰ প্ৰসংগত আমেৰিকাই নকৰে মধ্যস্থতা

author img

By

Published : Aug 26, 2019, 7:20 PM IST

মোদীৰ সৈতে বৈঠকৰ অন্তত ট্ৰাম্পৰ মন্তব্য ভাৰত-পাকিস্তান দুয়োখন দেশে দ্বি-পাক্ষিক আলোচনাৰ মাধ্যমৰে কাশ্মীৰ সমস্যাৰ সমাধান কৰিব লাগে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰতিক্ৰিয়া ৷ 27 ছেপ্তেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বৈঠকত উত্থাপন কৰিব জম্মু-কাশ্মীৰৰ প্ৰসংগ ৷

ট্ৰাম্প মোদীৰ বৈঠক

নিউজ ডেস্ক, 26 আগষ্ট : G-7 সন্মিলন অংশগ্ৰহণৰ উদ্দেশ্যে দেওবাৰে ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ ফ্ৰান্সত উপস্থিত হৈ প্ৰথমে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ' গুটৰেজৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাচতেই সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বি-পাক্ষিক বৈঠকত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী ৷ বৈঠকত জম্মু-কাশ্মীৰ প্ৰসংগই বিশেষভাৱে স্থান লাভ কৰে ৷ বৈঠকৰ অন্তত আমেৰিকাৰ ৰাষ্ট্ৰগৰাকীয়ে মন্তব্য কৰে যে," আমি দেওবাৰে নিশাই কাশ্মীৰ সন্দৰ্ভত আলোচনা কৰিছো ৷ কাশ্মীৰ ভাৰত পাকিস্তান দুয়োখন দেশৰে আভ্যন্তৰীণ সমস্যা ৷ মোৰ বিশ্বাস দুয়োখন দেশে দ্বি-পাক্ষিক আলোচনাৰ মাধ্যমৰে কাশ্মীৰ সমস্যাৰ সমাধান কৰিব পাৰিব ৷ "

ট্ৰাম্পৰ এই মন্তব্যৰ পাচতেই আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক ক্ষেত্ৰখনত পুনৰ এবাৰ মুখ থেকেচা খালে পাকিস্তানে ৷ যিসময়ত ভাৰত চৰকাৰে জম্মু-কাশ্মীৰক ভাৰতৰ এক অবিচ্ছেদ্য অংগ হিচাপে মন্তব্য কৰিছে,ঠিক একেটা সময়তে কাশ্মীৰক লৈ আমেৰিকাই মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰাটো বিচাৰিছিল পাকিস্তানে ৷ ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বহুবাৰ তেখেতৰ মন্তব্যত সমগ্ৰ বিষয়টো সন্দৰ্ভত মধ্যস্থতাকাৰীৰ ইচ্ছা ব্যক্ত কৰিছিল ৷

ইপিনে,এই বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৷ তেওঁ কয় যে," কাশ্মীৰৰ বিষয়টোক আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যাবলৈ সক্ষম হৈছো ৷ 1965 চনত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘত কাশ্মীৰ সন্দৰ্ভত আলোচনা কৰা হৈছিল ৷ আগন্তুক 27 ছেপ্তেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বৈঠকত কাশ্মীৰ প্ৰসংগক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিব বুলিও মন্তব্য কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

Intro:Body:

Modi and Trump Discussion in G7 Sideline 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.