ETV Bharat / international

তিনি পালি ক’ভিড প্ৰতিষেধক গ্ৰহণকাৰীৰ কোৱাৰেণ্টাইন বাতিল - Italy has revised anti corona virus measures

বিশ্বব্যাপী বৃদ্ধি হৈছে অ’মিক্ৰণৰ সংক্ৰমণ ৷ ভাৰতৰ দৰে ইউৰোপৰো অধিকাংশ দেশতে সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে কৰ’ণা ভাইৰাছৰ এই নতুন ভেৰিয়েণ্টৰ (Omicron cases in Italy) ৷ অ’মিক্ৰণৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত সলনি কৰা হৈছে কেতবোৰ নীতি-নিৰ্দেশনা ৷

তিনি পালি ক’ভিড প্ৰতিষেধক গ্ৰহণকাৰীৰ কোৱাৰেণ্টাইন বাতিল

author img

By

Published : Dec 30, 2021, 5:08 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ ডিচেম্বৰ : ইটালীত ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণৰ সংক্ৰমণৰ (Omicron cases in Italy) মাজতে ক'ভিড নিয়মাৱলীত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আনিছে চৰকাৰে । এতিয়াৰে পৰা যিসকলে তিনি পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিব তেওঁলোকৰ বাবে কোৱাৰেণ্টাইনৰ প্ৰয়োজন নাই (Italy cancels quarantine for vaccinated people)। অৰ্থাৎ ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ আহিলেও তিনি পালি প্ৰতিষেধক গ্ৰহণ কৰা লোকে কোৱাৰেণ্টাইনত থাকিব নালাগে ।

মন্ত্ৰী পৰিষদৰ ক'ভিড সম্পৰ্কীয় বৈঠকৰ পাছতে এই নতুন সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ উপৰিও যিসকলে ১২০ দিনতকৈ কম সময়ৰ ভিতৰত ক'ভিডৰ দুটা পালি গ্ৰহণ কৰিছে তেওঁলোকৰ বাবেও কোৱাৰেণ্টাইন বাধ্যতামূলক নহয় । ক'ভিডৰ পৰা আৰোগ্য লাভ কৰা বা সম্পূৰ্ণ প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলক গ্ৰীণ পাছ দিছে ইটালী চৰকাৰে ।

অহা ১০ জানুৱাৰীৰ পৰা সকলো প্ৰকাৰৰ পৰিবহণৰ ক্ষেত্ৰত এই গ্ৰীণ পাছ ব্যৱহাৰ বাধ্যতামূলক কৰিছে চৰকাৰে ।

লগতে পঢ়ক :অ'মিক্ৰণৰ বিপদাশংকা এতিয়াও অতি বেছি হৈ আছে : Tedros Adhanom Ghebreyesus

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.