ETV Bharat / international

ৰাছিয়াৰ বিজয় দিৱসঃ কি এই বিজয় দিৱস আৰু 24 জুনৰ বিশেষত্ব

author img

By

Published : Jun 24, 2020, 6:10 PM IST

দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিত ৰাছিয়াই অনুষ্ঠিত কৰা বিজয় দিৱসৰ আনুষ্ঠানিক পেৰেডত অংশগ্ৰহণ কৰে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা শাখাৰ এটা 75জনীয়া দলে ৷

ৰাছিয়াৰ 75সংখ্যক বিজয় দিৱস
ৰাছিয়াৰ 75সংখ্যক বিজয় দিৱস

নিউজ ডেস্ক, 24 জুন : কোভিড-19ৰ ভয়াৱহতাৰ মাজতো ৰাছিয়াই উদযাপন কৰে দেশখনৰ 75সংখ্যক বিজয় দিৱস ৷ সাধাৰণতে মে'ৰ 9 তাৰিখত দেশখনে সামৰিক পেৰেডৰ দ্বাৰা এই দিৱস উদযাপন কৰে যদিও চলিত বৰ্ষত কৰ'ণা ভাইৰাছৰ বাবে এই পেৰেড পিচুৱাই দিয়া হয় আৰু 24 জুনত বৃহৎ সামৰিক শক্তি প্ৰদৰ্শনেৰে ৰেড স্কোৱেৰত পালন কৰা হয় এই বৰ্ষৰ বিজয় দিৱস ৷

ৰাছিয়াৰ 75সংখ্যক বিজয় দিৱস
75সংখ্যক বিজয় দিৱসৰ এক নান্দনিক দৃশ্য

ৰাছিয়াৰ 75সংখ্যক বিজয় দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা শাখাৰ এটা 75জনীয়া দলে ৷ স্থলসেনা, নৌ-সেনা আৰু বায়ুসেনাৰ দ্বাৰা গঠিত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দলটোক নেতৃত্ব প্ৰদান কৰে শিখ লাইট ইনফেনট্ৰি ৰেজিমেন্টৰ ষষ্ঠ বেটালিয়নৰ মেজৰ অঞ্জুম গোৰ্কাই ৷ ইতিমধ্যে ৰাছিয়াৰ এই বিজয় দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰাৰ লগতে তিনিদিনীয়া ভ্ৰমণসূচীৰে দেশখনত উপস্থিত হৈছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ ভাৰতৰ উপৰিও চলিত বৰ্ষৰ বিজয় দিৱসত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু পিপুলছ লিবাৰেশ্বন আৰ্মীৰ এটা দলেও অংশগ্ৰহণ কৰে ৷

কিয় পালন কৰা হয় এই বিজয় দিৱস ?

1945 চনত মিত্ৰশক্তিৰ বিজয়ৰ পিচতেই দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰে ৷ হিটলাৰে 1945 চনৰ 30 এপ্ৰিলত নিজকে গুলিয়াই আত্মহত্যা কৰে ৷ পৰৱৰ্তী 7 মে'ত জাৰ্মান বাহিনীয়ে আত্মসমৰ্পন কৰে আৰু 9 মে'ত এই আত্মসমৰ্পনক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হয় আৰু সেই দিনটোৰ স্মৃতিতে ৰাছিয়াই 9 মে'ত এইদৰে বিজয় দিৱস উদযাপন কৰি আহিছে ৷ কিন্তু ইউৰোপৰ অধিকাংশ দেশেই 8 মে'ত বিজয় দিৱস উদযাপন কৰে ৷

ৰাছিয়াৰ 75সংখ্যক বিজয় দিৱস
ৰাছিয়াৰ বিজয় দিৱসত ভাগ লোৱা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দলটো

ৰাছিয়াৰ বিজয় দিৱস কিয় পৃথক ?

পূৰ্বৱৰ্তী ছোভিয়েট সংঘই পশ্চিমৰ দেশসমূহৰ দৰে আত্মসমৰ্পন কৰিব বিছৰা নাছিল, ইয়াৰ বিপৰীতে ছোভিয়েট জনসাধাৰণ আৰু ৰঙা সৈন্যৰ অনুদানক এক বৃহৎ স্বীকৃতি দিব বিছাৰিছিল ৷ ৰাছিয়াৰ সামৰিক ইতিহাসবিদ এন্টনি বিভৰে দ্বিতীয় বিশ্বযুদ্ধৰ ওপৰত ৰচনা কৰা এখন গ্ৰন্থত উল্লেখ আছিল যে, সেই সময়ৰ ছোভিয়েট সংঘৰ প্ৰধান যোচেফ ষ্টেলিনে জামাৰ্নীয়ে বাৰ্লিনত এক আত্মসমৰ্পনৰ চুক্তি স্বাক্ষৰ কৰাটো বিছাৰিছিল ৷

ফ্ৰান্সৰ ৰেইনস্থিত মিত্ৰশক্তিৰ চুপ্ৰিম হেডকোৱাৰ্টাৰছ এলাইড এক্সপিডিশ্বনাৰী ফৰ্চৰ মুখ্যালয়ত সামৰিক বাহিনীৰ আত্মসমৰ্পনৰ চুক্তিত 7 মে'ত স্বাক্ষৰ কৰিছিল আৰ্মড ফৰ্চেছ হাই কামাণ্ডৰ চীফ অৱ অপাৰেশ্বন ষ্টাফ জেন. লেফ. আলফ্ৰেড জডল আৰু জেন. এডমিৰেল হানছ-জৰ্জ ভন ফ্ৰেইডবাৰ্গে ৷ এই চুক্তি 9 মে'ত বলৱৎ কৰা হৈছিল ৷

এন্টনি বিভৰে লিখিছিল যে, ষ্টেলিনে এই অনুষ্ঠান পশ্চিমত অনুষ্ঠিত হোৱাটো বিচৰা নাছিল, যাৰ বাবে তেওঁ জাৰ্মানক বাৰ্লিনত আন এক চুক্তি কৰাৰ পক্ষপাতী আছিল আৰু ইয়াৰ পিচতেই 9 মে'ত ৰেইনছত এই চুক্তি বলৱৎ হৈছিল ৷ এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিচতেই ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে ষ্টেলিনক এই বিষয়ে বিস্তাৰিত তথ্য দিবলৈ কৈছিল আৰু একেসময়তে লণ্ডনত ৰাইজে বিজয় দিৱস উদযাপন কৰিবলৈ গোট খাইছিল আৰু আমেৰিকাৰ দৰেই ইউৰোপত 8 মে'ত বিজয় দিৱস পালন কৰা হৈছিল ৷

কিন্তু ইয়ে ষ্টেলিনক পতিয়ন নিয়াব পৰা নাছিল আৰু তেওঁ যুক্তি দিছিল যে, ছোভিয়েট বাহিনীয়ে এতিয়াও যুদ্ধ কৰি আছে আৰু জাৰ্মান বাহিনীয়ে পূব প্ৰুছিয়া, কৰলেণ্ড পেনিনছুলা, চেকোশ্লভাকিয়াত আত্মসমৰ্পন কৰা নাছিল আৰু তাৰ বাবেই ৰাছিয়াৰ বিজয় দিৱস 8 ৰ পৰিৱৰ্তে 9 মে'ত উদযাপন কৰা হ'ব ৷ আৰু তেতিয়াৰ পৰাই ৰাছিয়াই 8ৰ পৰিৱৰ্তে 9 মে'ত বিজয় দিৱস উদযাপন কৰি আহিছে ৷

চলিত বৰ্ষৰ বিজয় দিৱস 9 মে'ৰ পৰিৱৰ্তে 24 জুন কিয় ?

চলিত বৰ্ষত বিজয় দিৱস মে'ৰ পৰিৱৰ্তে জুনলৈ পিচুৱাই দিয়াৰ একমাত্ৰ কাৰণ হৈছে কোভিড-19 মহামাৰী ৷ 2019ৰ নৱেম্বৰ মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰীক ৰাছিয়াৰ বিজয় দিৱসত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 9 মে'ত মস্কোত উপস্থিত হ'ব পৰা নাছিল যদিও এক টুইট কৰি ৰাছিয়াৰ 75 সংখ্যক বিজয় দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু দ্বিতীয় বিশ্বযুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ বলিদানৰ বিষয়ে উল্লেখ কৰে ৷

24 জুনৰ বিজয় দিৱসৰ বিশেষত্ব কি ?

দ্বিতীয় বিশ্বযুদ্ধত জয়লাভ কৰাৰ লগতে 9 মে'ত বিজয় দিৱস উদযাপন কৰি অহা ৰাছিয়াৰ সেইসময়ৰ প্ৰধান ষ্টেলিনে ইয়াক এক সামৰিক পেৰেডৰ দ্বাৰা অনুষ্ঠিত কৰাটো বিচাৰিছিল ৷ 1945 চনৰ 22 জুনত ষ্টেলিনে এক নিৰ্দেশযোগে জাৰ্মানীৰ বিৰুদ্ধে যুঁজা মহান দেশভক্তিৰ যুদ্ধখনৰ বিজয় উদযাপন কৰিবলৈ স্থলসেনা, নৌ-সেনা আৰু মস্কো গ্যাৰিছনক ৰেড স্কোৱেৰত 1945 চনৰ 24 জুনত বিজয় দিৱস উদযাপন কৰিবলৈ কৈছিল ৷ সেয়ে ৰাছিয়াৰ প্ৰথমটো বিজয় দিৱস 24 জুনতেই উদযাপন কৰা হৈছিল ৷ অৱশ্যে তাৰ পৰৱৰ্তী সময়ত 9 মে'ত দেশখনে বিজয় দিৱস উদযাপন কৰি আহিছে ৷

ৰাছিয়াৰ 75সংখ্যক বিজয় দিৱস
পেৰেডত অংশগ্ৰহনকাৰী ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দলটো

চলিত বৰ্ষৰ বিজয় দিৱস আৰু ইয়াৰ অংশগ্ৰহণকাৰীসকল

বিজয় দিৱসৰ পেৰেড প্ৰায় 90 মিনিট সময়ধৰি চলে আৰু 19খনকৈ দেশৰ সামৰিক বাহিনীৰ লগতে প্ৰায় 64,000 হাজাৰ অংশগ্ৰহণকাৰীয়ে এই পেৰেডত ভাগ লয় ৷ মস্কোত 14,000 সামৰিক বাহিনীৰ লোকে ৰেড স্কোৱেৰত সামৰিক পেৰেডত অংশগ্ৰহণ কৰে আৰু বাকী 50,000 সামৰিক বাহিনীয়ে দেশখনৰ অন্য প্ৰান্তত থকা 27টা সামৰিক চাউনীত নিজাকৈ পেৰেড অনুষ্ঠিত কৰে ৷

ৰাছিয়াৰ বিজয় দিৱস আৰু ভাৰত

ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক অতীজৰে পৰাই সুদৃঢ় আৰু সামৰিক ক্ষেত্ৰত দুয়োখন দেশৰ বহুখিনি দিশত মিল আছে ৷ ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াত নিৰ্মিত অধিকাংশ সামৰিক সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে ভাৰতৰ প্ৰথমটো মহাকাশ যাত্ৰাৰ মহাকাশচাৰীসকলে ৰাছিয়াতে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷ ইয়াৰ উপৰিও ভাৰতৰ শেহতীয়া মানৱ মহাকাশ অভিযান গগণযানৰ বাবে চাৰিগৰাকী মহাকাশচাৰীয়ে ৰাছিয়াৰ ইউৰি গাগৰিন মহাকাশকেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷

75সংখ্যক বিজয় দিৱসৰ মুল পেৰেড

ৰাছিয়াৰ বিজয় দিৱসত ভাৰতে অংশগ্ৰহণ কৰি আহিছে ৷ 2005 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে ৰাছিয়াৰ 60সংখ্যক বিজয় দিৱসত অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰ পিচতেই 2015 চনত ৰাছিয়াৰ 70সংখ্যক বিজয় দিৱসত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মহাধিনায়ক তথা ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীৰ লগতে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এটা দলে অংশগ্ৰহণ কৰিছিল ৷

লগতে পঢ়কঃ পাঁচটাকৈ পদকেৰে ৰাছিয়াৰ ভ্লাদিভষ্টকত উজলিল শিৱসাগৰৰ আস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.