ETV Bharat / international

ভিয়েনাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ, 2জন নিহত 15জন আহত

author img

By

Published : Nov 3, 2020, 8:57 AM IST

অষ্ট্ৰিয়াৰ ভিয়েনা চহৰত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত দুগৰাকী লোক নিহত হয় ৷ ইপিনে এই আক্ৰমণত 15 গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি চহৰখনৰ শীৰ্ষ আৰক্ষী বিষয়াই সংবাদমাধ্যমক জনাইছে ৷

ভিয়েনাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ, 2জন নিহত 15জন আহত
ভিয়েনাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ, 2জন নিহত 15জন আহত

নিউজ ডেস্ক, 3 নৱেম্বৰ : অষ্ট্ৰিয়াৰ ভিয়েনা চহৰত সোমবাৰে সংঘটিত হয় সন্ত্ৰাসবাদীৰ এক ভয়ংকৰ আক্ৰমণৰ ঘটনা ৷ এই আক্ৰমণত চহৰখনৰ দুগৰাকী লোক নিহত হোৱাৰ লগতে 15 গৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷ অষ্ট্ৰিয়াৰ শীৰ্ষ বিষয়া চেবেষ্টাইন কুৰ্জে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷

চহৰখনৰ চিটী চেন্টাৰৰ ছটাকৈ স্থানত নিশা প্ৰায় 8 বজাত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ৷ ঘটনাৰ পিচতেই চহৰখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু সন্ত্ৰাসবাদীৰ বিষয়ে অভিযান চলাই আছে ৷ অষ্ট্ৰিয়াৰ মন্ত্ৰী কাৰ্ল নেহাম্মাৰে সংবাদ প্ৰতিষ্ঠানৰ আগত প্ৰকাশ কৰা অনুসৰি, ৰাইফলৰ দ্বাৰা সুসজ্জিত সন্ত্ৰাসবাদীৰ দলে এই আক্ৰমণ সংঘটিত কৰা বুলি নিশ্চিত কৰে ৷ ভিয়েনাৰ মেয়ৰ মাইকেল দুডৱিগে জনোৱা অনুসৰি, আঘাতপ্ৰাপ্ত 15 গৰাকীৰ ভিতৰত 7 গৰাকীৰ অৱস্থা অতিকে সংকটজনক বুলি জনায় ৷ প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি, এগৰাকী বন্দুকধাৰীয়ে ধাৰাসাৰে গুলিচালনা কৰিবলৈ আৰম্ভ কৰে ৷ প্ৰথম পৰ্যায়ত প্ৰায় 100 জাঁইৰো অধিক গুলিচালনা কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷

এই ঘটনা সন্দৰ্ভত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে টুইট কৰি সমগ্ৰ ঘটনাক ধিক্কাৰ প্ৰদান কৰে ৷ ফ্ৰান্সৰ পিচত অষ্ট্ৰিয়াত হোৱা এই আক্ৰমণৰ ঘটনাক ইউৰোপে এৰি দিব নালাগে বুলি কয় ৰাষ্ট্ৰপকি ইমানুৱেল মেক্ৰণে ৷

লগতে পঢ়ক : ছুৰী আক্ৰমণে ফ্ৰান্সত প্ৰাণ ল'লে তিনিগৰাকী লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.